অসমৰ সাহিত্য সংস্কৃতিৰ সাধাৰণ জ্ঞান
অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহি থকা অসমৰ সাহিত্য সংস্কৃতিৰ সাধাৰণ জ্ঞান সমূহ তলত আলোচনা কৰা হৈছে ।
General Knowledge Of Literature And Culture Of Assam:-
প্ৰশ্নঃ 'বীণা বৰুৱা’ কোন ব্যক্তিৰ ছদ্ম নাম ?
(ক) ৰঞ্জু হাজৰিকা
(খ) ৰীতা চৌধুৰী
(গ) ড° বিৰিঞ্চি কুমাৰ বৰুৱা
(ঘ) নৱকান্ত বৰুৱা
উত্তৰঃ (গ) ড° বিৰিঞ্চি কুমাৰ বৰুৱা ।
প্ৰশ্নঃ ‘শীলভদ্র’ কোন ব্যক্তিৰ ছদ্মনাম ?
(ক) কুমুদ হাজৰিকা
(খ) ৰেৱতীমোহন দত্ত চৌধুৰী
(গ) ভৱানন্দ দত্ত
(ঘ) সত্যনাথ বৰা
উত্তৰঃ (খ) ৰেৱতীমোহন দত্ত চৌধুৰী ।
প্ৰশ্নঃ ‘ক্ষুধার্ত' শব্দৰ সন্ধি ভাঙিলে হ’ব—
(ক) ক্ষুধা + অর্থ
(খ) ক্ষুধা + আর্ত
(গ) ক্ষুধা + অর্ত
(ঘ) ক্ষুধ + আর্ত
উত্তৰঃ (খ) ক্ষুধা + আর্ত ।
প্ৰশ্নঃ কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন হ'ল—
(ক) পৃথ্বিৰাজৰসো
(খ) ৰাজতঙ্গিনী
(গ) নাট্যশাস্ত্র
(ঘ) হৰ্ষ চৰিত
উত্তৰঃ (খ) ৰাজতঙ্গিনী ।
প্ৰশ্নঃ অসমীয়া ভাষাৰ জন্ম আনুমানিক -
(ক) খ্রীঃ পঞ্চম শতিকা
(খ) খ্রীঃ ১০ শতিকা
(গ) খ্রীঃ ১১দশ শতিকা
(ঘ) খ্রীঃ দ্বাদশ শতিকা
উত্তৰঃ (খ) খ্ৰীঃ ১০ শতিকা ।
প্ৰশ্নঃ জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা সময়-
(ক) খৃঃ তৃতীয় শতিকা
(খ) দশম শতিকা
(গ) দ্বাদশ শতিকা
(ঘ) পঞ্চদশ শতিকা
উত্তৰঃ (গ) দ্বাদশ শতিকা ।
প্ৰশ্নঃ অসমীয়া ভাষা উৎপত্তি হোৱা প্ৰাকৃতটো হ'ল—
(ক) মাগধী প্রাকৃত
(খ) পৈশাচী প্রাকৃত
(গ) লালুং প্রাকৃত
(ঘ) মহাৰাষ্ট্ৰী প্ৰাকৃত
উত্তৰঃ (ক) মাগধী প্রাকৃত ।
প্ৰশ্নঃ গুৰু নানকে ‘ৰাবাৰ’ ব্যৱহাৰ কৰিছিল। সেইটো কোৱা হয়—
(ক) টিলা বহির্বাস
(খ) বাটি
(গ) বাদ্যযন্ত্র
(ঘ) খাৰু
উত্তৰঃ (গ) বাদ্যযন্ত্র ।
প্ৰশ্নঃ 'অসমীয়া নাট্য সাহিত্যৰ ৰচক'—
(ক) সত্যেন্দ্রনাথ শৰ্মা
(খ) মহাবাহু দাস
(গ) ডিম্বেশ্বৰ নেওগ
(ঘ) ডিম্বেশ্বৰ বৰা
উত্তৰঃ (ক) সত্যেন্দ্রনাথ শৰ্মা ।
প্ৰশ্নঃ পতঞ্জলি জড়িত আছিল—
(ক) ব্যাকৰণৰ লগত
(খ) অৰ্থনীতিৰ লগত
(গ) জ্যোর্তিবিদ্যাৰ লগত
(ঘ) পদার্থ বিদ্যাৰ লগত
উত্তৰঃ (ক) ব্যাকৰণৰ লগত ।
প্ৰশ্নঃ অদ্বৈত দৰ্শনৰ জন্মদাতা আছিল—
(ক) মহাবীৰ
(খ) শঙ্কৰাচাৰ্য
(গ) গৌতম বুদ্ধ
(ঘ) ৰামকৃষ্ণ পৰম হংস
উত্তৰঃ (খ) শঙ্কৰাচাৰ্য ।
প্ৰশ্নঃ আদিগ্রন্থত শিকনি আছে -
(ক) কবিৰৰ
(খ) চৈতন্যৰ
(গ) গুৰু নানকৰ
(ঘ) ব্ৰাহ্মণ্যবাদৰ
উত্তৰঃ (গ) গুৰু নানকৰ ।
প্ৰশ্নঃ মীৰাবায়ে তেওঁৰ ভজনবোৰ লিখিছিল—
(ক) হিন্দী ভাষাত
(খ) ৰাজস্থানী ভাষাত
(গ) উর্দু ভাষাত
(ঘ) গুজৰাটি ভাষাত
উত্তৰঃ (খ) ৰাজস্থানী ভাষাত ।
প্ৰশ্নঃ ৰামচৰিত মানসখন লিখিছিল—
(ক) নৱদেৱ
(খ) তুলসীদাস
(গ) চৈতন্য
(ঘ) সুৰদাস
উত্তৰঃ (খ) তুলসীদাস ।
প্ৰশ্নঃ চর্যাগীতবোৰ উদ্ধাৰ কৰা হৈছিল—
(ক) নেপালৰ পৰা
(খ) ৰাজস্থানৰ পৰা
(গ) দিল্লীৰ পৰা
(ঘ) ভূটানৰ পৰা
উত্তৰঃ (ক) নেপালৰ পৰা ।
প্ৰশ্নঃ কথা গীতাৰ ৰচক হ'ল-
(ক) ৰাম সৰস্বতী
(খ) মহেন্দ্ৰ কন্দলি
(গ) ভট্টদেৱ
(ঘ) মাধৱদেৱ
উত্তৰঃ (গ) ভট্টদেৱ ।
প্ৰশ্নঃ ‘অনি’ শব্দ কোন প্রত্যয়ৰ অন্তৰ্গত ?
(ক) তদ্ধিত প্রত্যয়ৰ
(খ) কৃৎ প্রত্যয়ৰ
(গ) ওপৰৰ এটাও নহয়
(ঘ) (ক) আৰু (খ) দুয়োটা হয়
উত্তৰঃ (ক) তদ্ধিত প্রত্যয়ৰ ।
প্ৰশ্নঃ কাৰ্বিসকলৰ পৰম্পৰাগত ধৰ্মটোৰ নাম কি ?
(ক) আলি-আই-লৃগাং
(খ) আনাম সঞ্চাৰ ৰেছো
(গ) বিহু
(ঘ) খ্রীষ্টান
উত্তৰঃ (খ) আনাম সঞ্চাৰ ৰেছো ।
প্ৰশ্নঃ নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল ?
(ক) ৰাম সৰস্বতীয়ে
(খ) হেম সৰস্বতীয়ে
(গ) মাধৱ কন্দলিয়ে
(ঘ) ভৰত মুনিয়ে
উত্তৰঃ (ঘ) ভৰত মুনিয়ে ।
প্ৰশ্নঃ ‘পিতা-পুত্ৰ' নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন ?
(ক) লীনা শৰ্মা
(খ) ড° হীৰেন গোহাই
(গ) সত্যনাথ বৰা
(ঘ) হোমেন বৰগোহাঞি
উত্তৰঃ (ঘ) হোমেন বৰগোহাঞি ।
প্ৰশ্নঃ 'অন্তৰীপ'ৰ ৰচক কোন ?
(ক) ভবেন্দ্র নাথ শইকীয়া
(খ) হেমচন্দ্ৰ বৰুৱা
(গ) কল্পনা দুৱৰা
(ঘ) সত্যনাথ বৰা
উত্তৰঃ (ক) ভবেন্দ্র নাথ শইকীয়া ।
প্ৰশ্নঃ কোনে ভূপেন হাজৰিকাক ‘সুধাকণ্ঠ' উপাধি প্ৰদান কৰিছিল ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) ড° ধ্ৰুৱজ্যোতি বৰা
(গ) সত্যনাথ বৰা
(ঘ) অতুল চন্দ্ৰ হাজৰিকা
উত্তৰঃ (ঘ) অতুল চন্দ্ৰ হাজৰিকা ।
প্ৰশ্নঃ ২০১৭ চনত কোনে শংকৰদেৱ বঁটা লাভ কৰিছিল ?
(ক) বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা
(খ) ইছমাইল হোছেন
(গ) কনকসেন ডেকা
(ঘ) শর্মিলা ঠাকুৰ
উত্তৰঃ (ক) বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা
প্ৰশ্নঃ কোনে প্রথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল ?
(ক) হীৰেন ভট্টাচাৰ্য
(খ) ভবেন্দ্রনাথ শইকীয়া
(গ) মহিম বৰা
(ঘ) অৰুণ শৰ্মা
উত্তৰঃ (খ) ভবেন্দ্রনাথ শইকীয়া ।
প্ৰশ্নঃ মামণি ৰয়ছম গোস্বামীয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?
(ক) মামৰে ধৰা তৰোৱাল
(খ) হস্তীৰ কন্যা
(ঘ) মেৰেং
(গ) মাকাম
উত্তৰঃ (ক) মামৰে ধৰা তৰোৱাল ।
প্ৰশ্নঃ ‘অণু' শব্দৰ বিপৰীতার্থক শব্দ হ'ল—
(ক) পৰমাণু
(খ) ক্ষুদ্ৰ
(গ) আণবিক
(ঘ) বৃহৎ
উত্তৰঃ (ঘ) বৃহৎ ।
প্ৰশ্নঃ চঁপা-
(ক) এবিধ গছ
(খ) ওচৰলৈ চপাই অনা
(গ) ছপাশালত কৰা কাম
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) এবিধ গছ ।
প্ৰশ্নঃ পাণ আৰু তামোল = পাণ-তামোল। সমাসটো হ'ল—
(ক) দ্বিগু
(খ) দ্বন্দ
(গ) কর্মধা
(ঘ) তৎপুৰুষ
উত্তৰঃ (খ) দ্বন্দ ।
প্ৰশ্নঃ ব্যস্ত পদবোৰ লগ লাগি হোৱা পদ —
(ক) সর্বনাম পদ
(খ) অব্যয় পদ
(গ) সমস্ত পদ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) সমস্ত পদ ।
প্ৰশ্নঃ সন্ধি আৰু সমাসৰ পাৰ্থক্য -
(ক) আছে
(খ) লোপ পাইছে
(গ) নাই
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) আছে ।
প্ৰশ্নঃ ‘কুম্ভকাৰ’ কোনটো সমাস ?
(ক) দ্বিগু সমাস
(খ) উপপদ তৎপুৰুষ
(গ) কর্মধারয়
(ঘ) দ্বন্দ
উত্তৰঃ (খ) উপপদ তৎপুৰুষ ।
প্ৰশ্নঃ ‘অসমৰ সংস্কৃতি' গ্ৰন্থখন কাৰ ৰচনা ?
(ক) লীলা গগৈৰ
(খ) খগেন মহন্তৰ
(গ) নীলকান্ত শইকীয়াৰ
(ঘ) পদ্মধৰ চলিহাৰ
উত্তৰঃ (ক) লীলা গগৈৰ ।
প্ৰশ্নঃ বিহু মূলতঃ কেইটা ?
(ক) পাঁচটা
(খ) তিনিটা
(গ) চাৰিটা
(ঘ) এটাও নহয়
উত্তৰঃ (খ) তিনিটা ।
প্ৰশ্নঃ কলিকতা বিশ্ববিদ্যালয়ত কেতিয়া অসমীয়া বিভাগ স্থাপন কৰা হৈছিল ?
(ক) ১৯৩৮
(খ) ১৯৪০
(গ) ১৯৪২
(ঘ) ১৯৩৫
উত্তৰঃ (ক) ১৯৩৮ ।
প্ৰশ্নঃ China town Days কোনখন অসমীয়া উপন্যাসৰ অনুবাদ ?
(ক) মাকাম
(খ) মেৰেং
(গ) মৃত্যুঞ্জয়
(ঘ) নির্মল ভকত
উত্তৰঃ (ক) মাকাম ।
প্ৰশ্নঃ প্ৰথম অসমীয়া আলোচনী—
(ক) জোনাকী
(খ)অৰুণোদয়
(গ) ৰামধেনু
(ঘ) আৱাহন
উত্তৰঃ (খ) অৰুণোদয় ।
প্ৰশ্নঃ ‘অৰুণোদয়' আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ হৈছিল—
(ক) ১৮৩১ চনত
(খ) ১৮৪৫ চনত
(গ) ১৮৪৬ চনত
(ঘ) ১৯৪৬ চনত
উত্তৰঃ (গ) ১৮৪৬ চনত ।
প্ৰশ্নঃ নিধিৰাম ফাৰৱেলৰ প্ৰকৃত নাম আছিল—
(ক) নিধিৰাম বৰুৱা
(খ) আব্দুল কাদিৰ
(গ) চন্দ্ৰকান্ত বৰ আতৈ
(ঘ) নিধিৰাম কেঁওট
উত্তৰঃ (ঘ) নিধিৰাম কেঁওট ।
প্ৰশ্নঃ ‘পদাৰ্থ বিদ্যাৰ সাৰ' শীৰ্ষক পুথিখন তলৰ কোনজনে ৰচনা কৰিছিল?
(ক) আনন্দৰাম ঢেকীয়াল ফুকন
(খ) নিধিৰাম ফাৰৱেল
(গ) এ. কে. গানী
(ঘ) নাথান ব্রাউন
উত্তৰঃ (খ) নিধিৰাম ফাৰৱেল ।
প্ৰশ্নঃ ' A Few Remarks on Assamese Language' নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?
(ক) হেমচন্দ্ৰ বৰুৱা
(খ) নাথান ব্রাউন
(গ) আনন্দৰাম ঢেকীয়াল ফুকন
(ঘ) নিধিৰাম কেঁওট
উত্তৰঃ (গ) আনন্দৰাম ঢেকীয়াল ফুকন ।
প্ৰশ্নঃ 'A Few Remarks on Assamese Language' নামৰ পুথিখন কিমান চনত প্ৰকাশ পাইছিল ?
(ক) ১৮৫৫ চনত
(খ) ১৮৭৩ চনত
(গ) ১৮৫৪ চনত
(ঘ) ১৮৪৩ চনত
উত্তৰঃ (ক) ১৮৫৫ চনত ।
READ MORE:-Assam Polity Gk
READ MORE:-General Science Gk
READ MORE:-India History Gk

