Indai History MCQs for Alll Competitive Examination
অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ তলত আলোচনা কৰা হৈছে ।
ভাৰতৰ ইতিহাসৰ সাধাৰণ জ্ঞান:-
প্ৰশ্নঃ চেল্যুকচ নিকেটৰক পৰাজিত কৰা ৰজাজন কোন ?
(ক) অশোক
(খ) চন্দ্রগুপ্ত মৌর্য্য
(গ) বৃহদ্রথ
(ঘ) বিন্দুসাৰা
উত্তৰঃ (খ) চন্দ্রগুপ্ত মৌর্য্য ।
প্ৰশ্নঃ কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত সতীদাহ প্রথা বন্ধ কৰিছিল ?
(ক) লর্ড ডেল হাউচি
(খ) উইলিয়াম বেন্টিংক
(গ) লর্ড ৰিপন
(ঘ) লর্ড কার্জন
উত্তৰঃ (খ) উইলিয়াম বেন্টিংক ।
প্ৰশ্নঃ ভাৰত বুৰঞ্জীৰ সৰ্বশেষ হিন্দু ৰজাজন কোন ?
(ক) দ্বিতীয় বাহাদুৰ শ্বাহ
(খ) মহামতি অশোক
(গ) ভাস্কৰ বৰ্মন
(ঘ) হৰ্ষবৰ্দ্ধন
উত্তৰঃ (ঘ) হৰ্ষবৰ্দ্ধন ।
প্ৰশ্নঃ আঘোণ আৰু ফাগুন মাহত পালন কৰা পঃৰাগ উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ ?
(ক) মিচিংসকলৰ
(খ) বড়োসকলৰ
(গ) তিৱাসকলৰ
(ঘ) ৰাভাসকলৰ
উত্তৰঃ (ক) মিচিংসকলৰ ।
প্ৰশ্নঃ ১৫২৫ চনত বাবৰে ইব্রাহিম লোডীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?
(ক) পানিপথৰ প্ৰথম যুদ্ধ
(খ) পানিপথৰ দ্বিতীয় যুদ্ধ
(গ) তৰাইনৰ প্ৰথম যুদ্ধ
(ঘ) পানিপথৰ তৃতীয় যুদ্ধ
উত্তৰঃ (ক) পানিপথৰ প্ৰথম যুদ্ধ ।
প্ৰশ্নঃ ১৫২৭ খ্ৰীষ্টাব্দত বাবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?
(ক) পানিপথৰ প্ৰথম যুদ্ধ
(খ) পানিপথৰ দ্বিতীয় যুদ্ধ
(গ) তাইনৰ প্ৰথম যুদ্ধ
(ঘ) খানৱাৰ যুদ্ধ
উত্তৰঃ (ঘ) খানৱাৰ যুদ্ধ ।
প্ৰশ্নঃ শ্বেৰ শ্বাহে দিল্লীৰ মোগল শাসক হুমায়ুনক পৰাজিত কৰা যুদ্ধখনক কি যুদ্ধ নামেৰে জনা যায় ?
(ক) পানিপথৰ প্ৰথম যুদ্ধ
(খ) পানিপথৰ দ্বিতীয় যুদ্ধ
(গ) চৌচাৰ যুদ্ধ
(ঘ) খানবাৰ যুদ্ধ
উত্তৰঃ (গ) চৌচাৰ যুদ্ধ ।
প্ৰশ্নঃ তালিকোটৰ যুদ্ধ কিমান চনত সংঘটিত হয় ?
(ক) ১১৯০ চনত
(খ) ১২০০ চনত
(গ) ১৩৯৫ চনত
(ঘ) ১৫৬৫ চনত
উত্তৰঃ (ঘ) ১৫৬৫ চনত ।
প্ৰশ্নঃ ১৫৭৬ খ্ৰীষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্যদলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংহ পৰাজিত হয় ?
(ক) চৌচাৰ যুদ্ধ
(খ) হলদিঘাটৰ যুদ্ধ
(গ) তৰাইনৰ প্ৰথম যুদ্ধ
(ঘ) খানৱাৰ যুদ্ধ
উত্তৰঃ (খ) হলদিঘাটৰ যুদ্ধ ।
প্ৰশ্নঃ পলাচী যুদ্ধ কিমান চনত সংঘটিত হয় ?
(ক) ১৭৩৭ চনত
(খ) ১৭৪৭ চনত
(গ) ১৭৫৭ চনত
(ঘ) ১৭৬৭ চনত
উত্তৰঃ (গ) ১৭৫৭ চনত ।
প্ৰশ্নঃ কোনজন গৱৰ্ণৰ জেনেৰেলৰ সময়ত ১৮৫৭ চনৰ বিদ্ৰোহ সংঘটিত হৈছিল ?
(ক) লর্ড ডেলহাউচী
(খ) লর্ড কেনিং
(গ) লর্ড ৱেলেলি
(ঘ) লর্ড কার্জন
উত্তৰঃ (খ) লর্ড কেনিং ।
প্ৰশ্নঃ আগ্রাৰ তাজমহল কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ?
(ক) জাহাংগীৰ
(খ) ছাহজাহান
(ঘ) ঔৰংগজের
(ঘ) আকবৰ
উত্তৰঃ (খ) ছাহজাহান ।
প্ৰশ্নঃ 'আলমগীৰ' উপাধি লোৱা মোগল সম্রাটজনৰ নাম কি ?
(ক) আকবৰ
(খ) জাহাংগীৰ
(গ) ঔৰংগজেৱ
(ঘ) ছাহজাহান
উত্তৰঃ (গ) ঔৰংগজেৱ ।
প্ৰশ্নঃ কাৰ ৰাজত্বকালত ময়ূৰ সিংহাসন নিৰ্মাণ কৰা হৈছিল ?
(ক) আকবৰ
(খ) জাহাংগীৰ
(গ) শিবাজী
(ঘ) ছাহজাহান
উত্তৰঃ (ঘ) ছাহজাহান ।
প্ৰশ্নঃ ময়ূৰ সিংহাসন কঢ়িয়াই নিয়া আক্ৰমণকাৰী দলটোৰ নেতা আছিল ?
(ক) চুলতান মামুদ
(খ) নাদিৰ শাহ
(গ) টাইমূৰঝ
(ঘ) চেংগিজ খাঁ
উত্তৰঃ (খ) নাদিৰ শাহ ।
প্ৰশ্নঃ ঔৰংগজেৱে মৃত্যুদণ্ড দিয়া শিখ গুৰুজন -
(ক) গুৰুনানক
(খ) গুৰুগোবিন্দ সিং
(গ) টেগ বাহাদুৰ
(ঘ) গুৰু অর্জুন সিং
উত্তৰঃ (গ) টেগ বাহাদুৰ ।
প্ৰশ্নঃ কোন দুজন মোগল সম্রাটৰ মাক ৰাজপুত আছিল ?
(ক) আকবৰ আৰু জাহাংগীৰ
(খ) জাহাংগীৰ আৰু ছাহজাহান
(গ) ছাহজাহান আৰু ঔৰংগজেৰ
(ঘ) চুলতান মামুদ আৰু ছাহজাহান
উত্তৰঃ (খ) জাহাংগীৰ আৰু ছাহজাহান ।
প্ৰশ্নঃ কাৰ ৰাজত্বকালত মোগল চিত্রকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিলগৈ ?
(ক) আকবৰ
(খ) জাহাংগীৰ
(গ) ছাহজাহান
(ঘ) ঔৰংগজেৰ
উত্তৰঃ (খ) জাহাংগীৰ ।
প্ৰশ্নঃ চুলতান মামুদে প্রথম কেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ?
(ক) ১০০১ খ্রীঃত
(খ) ১০০৩ খ্রীঃত
(গ) ১০০৫ খ্রীঃত
(ঘ) ১০০৭ খ্রীঃত
উত্তৰঃ (ক) ১০০১ খ্রীঃত ।
প্ৰশ্নঃ ভাৰতত মোগল সাম্রাজ্য কোনে প্রতিষ্ঠা কৰিছিল ?
(ক) চুলতান মামুদে
(খ) আকবৰে
(গ) মহম্মদ বিন টোগলকে
(ঘ) মহম্মদ বাবৰে
উত্তৰঃ (ঘ) মহম্মদ বাবৰে ।
প্ৰশ্নঃ কাৰ স্মৃতিত সম্রাট ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল ?
(ক) পত্নী মমতাজৰ
(খ) পত্নী নুৰজাহানৰ
(গ) ৰেজিয়া চুলতানাৰ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পত্নী মমতাজৰ ।
প্ৰশ্নঃ মোগল সাম্ৰাজ্যৰ সৰ্বশেষ ৰজাজন কোন ?
(ক) চুলতান মামুদ
(খ) মহম্মদ বাব
(গ) দ্বিতীয় বাহাদুৰ শ্বাহ
(ঘ) আকবৰ
উত্তৰঃ (গ) দ্বিতীয় বাহাদুৰ শাহ ।
প্ৰশ্নঃ ১৩২০ খ্ৰীঃত টোগলক বংশ প্রতিষ্ঠা কোনে কৰিছিল ?
(ক) খুচৰু খাঁ
(খ) মহঃ বিন টোগলক
(গ) ফিৰোজ শাহ টোগলক
(ঘ) গিয়াচুদ্দিন টোগলক
উত্তৰঃ (ঘ) গিয়াচুদ্দিন টোগলক ।
প্ৰশ্নঃ কোনগৰাকী চুলতানক 'ওলোটা গুণৰ সংমিশ্রণ' বুলি কৈছিল ?
(ক) ফিৰোজ শাহ টোগলক
(খ) গিয়াছুদ্দিন টোগলক
(গ) মহম্মদ বিন-টোগলক
(ঘ) তুমিল খাঁ
উত্তৰঃ (গ) মহম্মদ বিন-টোগলক ।
প্ৰশ্নঃ টাইমুৰে ভাৰত কেতিয়া আক্ৰমণ কৰিছিল ?
(ক) ১৩৯৮ খ্রীঃত
(খ) ১৩৯৯ খ্ৰীঃত
(গ) ১৩৯৭ খ্ৰীঃত
(ঘ) ১৪০০ খ্রীঃত
উত্তৰঃ (ক) ১৩৯৮ খ্রীঃত ।
প্ৰশ্নঃ লোডী বংশ কোনে প্রতিষ্ঠা কৰিছিল ?
(ক) ইব্রাহিম লোডী
(গ) বাহলুল লোডী
(গ) চিকন্দ্ৰৰ লোডী
(ঘ) হুমায়ুন
উত্তৰঃ (গ) বাহলুল লোডী ।
প্ৰশ্নঃ ১৫২৬ চনৰ পাণিপথৰ প্ৰথম যুদ্ধত বাবৰৰ হাতত পৰাস্ত হৈছিল –
(ক) বাহলুল লোডী
(খ) চিকন্দৰ লোভী
(গ) ইব্রাহিম লোডী
(ঘ) হুমায়ুন
উত্তৰঃ (গ) ইব্রাহিম লোডী ।
প্ৰশ্নঃ গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰাইছিল ?
(ক) চিকন্দৰ লোডী
(খ) হুমায়ুন
(গ) ছাহজাহান
(ঘ) ছেৰশ্বাহ
উত্তৰঃ (ঘ) ছেৰশ্বাহ ।
প্ৰশ্নঃ মনচবদাৰী প্ৰথা প্ৰৱৰ্তন কোনে কৰিছিল ?
(ক) আকবৰ
(খ) জাহাংগীৰ
(গ) ছাহজাহান
(ঘ) ঔৰংগজেৰ
উত্তৰঃ (ক) আকবৰ ।
প্ৰশ্নঃ 'আইন-ই-আকবৰী'ৰ ৰচক জন কোন ?
(ক) আকবৰ
(খ) সুদাস
(গ) ৰহিম
(ঘ) আবুল ফজল
উত্তৰঃ (ঘ) আবুল ফজল ।
প্ৰশ্নঃ বাল্যকালত আকবৰৰ ৰাজ প্ৰতিনিধি (অভিভাৱক) কোন আছিল ?
(ক) বৈৰাম খাঁ
(খ) বীৰবল
(গ) টোডমল
(ঘ) ফৈজী
উত্তৰঃ (ক) বৈৰাম খাঁ ।
প্ৰশ্নঃ আকবৰৰ ওচৰত মেৱাৰৰ দুজন ৰাণাই আত্মসমৰ্পণ কৰা নাছিল। তাৰে এজন আছিল উদয় সিংহ, আনজন কোন আছিল ?
(ক) বিহাৰিমল
(খ) প্রতাপ সিংহ
(গ) মান সিংহ
(ঘ) কল্যাণ মল
উত্তৰঃ (খ) প্রতাপ সিংহ ।
প্ৰশ্নঃ হিমু আৰু আকবৰৰ মাজত হোৱা পাণিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল ?
(ক) ১৫২৬ খ্রীঃত
(খ) ১৫৪০ খ্রীঃত
(গ) ১৫৫৬ খ্রীঃত
(ঘ) ১৫৬৬ খ্ৰীঃত
উত্তৰঃ (গ) ১৫৫৬ খ্রীঃত ।
প্ৰশ্নঃ জাহাংগীৰৰ ৰাজত্বকালত ১৬১৫ খ্ৰীঃত ভাৰতলৈ অহা ইংৰাজ পৰ্যটকজন কোন আছিল ?
(ক) ভাস্কো-ডা-গামা
(খ) টমাচ ৰো
(গ) ডুপ্লে
(ঘ) ৰবাৰ্ট ক্লাইভ
উত্তৰঃ (খ) টমাচ ৰো ।
প্ৰশ্নঃ ভাস্কো-ডা-গামা ভাৰতলৈ কোন চনত আহিছিল ?
(ক) ১৪৯২ চনত
(খ) ১৪৯৮ চনত
(গ) ১৩৯৮ চনত
(ঘ) ১৫৪২ চনত
উত্তৰঃ (খ) ১৪৯৮ চনত ।
প্ৰশ্নঃ ছেৰচাহৰ প্ৰকৃত নাম কি আছিল ?
(ক) হেমু
(খ) ফেইজি
(গ) বাহাদুৰ
(ঘ) ফৰিদ
উত্তৰঃ (ঘ) ফৰিদ ।
প্ৰশ্নঃ মোগল সাম্রাজ্যৰ ৰাজধানী আগ্রাৰপৰা দিল্লীলৈ কোনে তুলি নিয়ে ?
(ক) জাহাংগীৰ
(খ) ঔৰংজেৱ
(ঘ) হুমায়ুন
(ঘ) ছাহজাহান
উত্তৰঃ (ঘ) ছাহজাহান ।
প্ৰশ্নঃ চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল ?
(ক) ১২ বাৰ
(খ) ১৫ বাৰ
(গ) ১৭ বাৰ
(ঘ) ১৮ বাৰ
উত্তৰঃ (গ) ১৭ বাৰ ।
প্ৰশ্নঃ আলবেৰুণী কাৰ ৰাজসভাৰ সভাপণ্ডিত আছিল ?
(ক) চুলতান মামুদ
(খ) মহম্মদ ঘোৰী
(গ) ইলতুৎমিচ
(ঘ) কুতুবুদ্দিন আইবাক
উত্তৰঃ (ক) চুলতান মামুদ ।
প্ৰশ্নঃ তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল ?
(ক) ১১৯০ খ্রীঃত
(খ) ১১৯১ খ্রীঃত
(গ) ১১৯২ খ্রীঃত
(ঘ) ১১৯৪ খ্ৰীঃত
উত্তৰঃ (খ) ১১৯১ খ্রীঃত ।
প্ৰশ্নঃ তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘোৰীক পৰাস্ত কৰা ৰাজপুত ৰজাজন আছিল ?
(ক) প্রতাপ সিংহ
(খ) বীৰ সিংহ
(গ) পৃথ্বিৰাজ চৌহান
(ঘ) জয়চন্দ্র
উত্তৰঃ (গ) পৃথ্বিৰাজ চৌহান ।
প্ৰশ্নঃ পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত সংঘটিত দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল ?
(ক) ১১৯৪ খ্রীঃত
(খ) ১১৯৫ খ্রীঃত
(গ) ১১৯১ খ্রীঃত
(ঘ) ১১৯২ খ্রীঃত
উত্তৰঃ (ঘ) ১১৯২ খ্রীঃত ।
প্ৰশ্নঃ দাস বংশ কোনে প্রতিষ্ঠা কৰিছিল ?
(ক) কুতুবুদ্দিন আইবাক
(গ) ইলতুৎমিচ
(গ) চুলতানা ৰেজিয়া
(ঘ) কৈকোবাদ
উত্তৰঃ (খ) কুতুবুদ্দিন আইবাক ।
প্ৰশ্নঃ কিমান চনত দাস বংশ প্রতিষ্ঠা হৈছিল ?
(ক) ১২০৫ খ্রীঃত
(খ) ১২০৬ খ্ৰীঃত
(গ) ১২০৮ খ্রীঃত
(ঘ) ১২১০ খ্রীঃত
উত্তৰঃ (খ) ১২০৬ খ্ৰীঃত ।
প্ৰশ্নঃ দিল্লীৰ চুলতানী ৰাজত্বৰ প্ৰথম মহিলা শাসকগৰাকী কোন আছিল ?
(ক) চুলতানা ৰেজিয়া
(খ) নুৰজাহান
(গ) মমতাজ বেগম
(ঘ) জাহানাৰা
উত্তৰঃ (ক) চুলতানা ৰেজিয়া ।
প্ৰশ্নঃ ১২৯০ খ্রীঃত খিলজি বংশ কোনে প্রতিষ্ঠা কৰিছিল ?
(ক) জালালুদ্দিন খিলজি
(খ) আলাউদ্দিন খিলজি
(গ) মালিক কাফুৰ
(ঘ) খিজিৰ খাঁ
উত্তৰঃ (ক) জালালুদ্দিন খিলজি ।
Read More:- Important Day Celebrate Gk

