50+ Geography Of Assam MCQ's Questions And Answers

50+ Geography Of Assam MCQ's Questions And Answers 

অসমৰ ভূগোলৰ সাধাৰণ জ্ঞান আহিবলগীয়া ৩২+ অসমৰ নতুন নিযুক্ত পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ উল্লেখ কৰা হৈছে।

50+ Geography Of Assam  MCQ's Questions And Answers


Geography Of Assam MCQ's:-


প্ৰশ্নঃ প্ৰায় ১৩ শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখতিয়াৰ খিলীজি (কুটুবুদ্দিনৰ সেনাপতি) ৰ নেতৃত্বত অসমত প্ৰৱেশ কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকল কোন মূলৰ ?

(ক) সিন্ধু-আৰ্য্যমূলৰ

(খ) সিন্ধু-দ্রাবিড় মূলৰ 

(গ) ইংগ-আৰ্যমূলৰ 

(ঘ) এটাও নহয়।


উত্তৰঃ (ক) সিন্ধু-আৰ্য্যমূলৰ ।


প্ৰশ্নঃ ১২২৮ খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে ?

(ক) লেংদনৰ নেতৃত্বত

(খ) চ্যু-কা-ফাৰ নেতৃত্বত

(গ) লাচিত নেতৃত্বত 

(ঘ) এটাও নহয়।


উত্তৰঃ (খ) চ্যু-কা-ফাৰ নেতৃত্বত ।


প্ৰশ্নঃ জনসংখ্যাৰ হিচাপত অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি ?

(ক) মুছলমান ধর্মাবলম্বী

(খ) হিন্দু ধৰ্মাৱলম্বী 

(গ) খ্রীষ্টান ধৰ্মাৱলম্বী 

(ঘ) এটাও নহয়


উত্তৰঃ (খ) হিন্দু ধৰ্মাৱলম্বী ।


প্ৰশ্নঃ অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেইপ্ৰকাৰৰ পথ আছে ?

(ক) সাত প্ৰকাৰৰ

(খ) ছয় প্ৰকাৰৰ 

(গ) পাঁচ প্ৰকাৰৰ

(ঘ) চাৰি প্ৰকাৰৰ


উত্তৰঃ (ক) সাত প্ৰকাৰৰ ।


প্ৰশ্নঃ অসমৰ ৰে'ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰে'ল মণ্ডলটোৰ নাম কি ?

(ক) মধ্য ৰে'ল মণ্ডল

(খ) উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডল

(গ) দক্ষিণ-পশ্চিম সীমান্ত ৰে'ল মণ্ডল

(ঘ) দক্ষিণ-পূর্ব সীমান্ত ৰে'ল মণ্ডল


উত্তৰঃ (খ) উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডল ।


প্ৰশ্নঃ ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে জলপথ সৃষ্টি কৰিছে ?

(ক) প্রায় ২২ শতাংশ

(খ) প্রায় ৩০ শতাংশ

 (গ) প্রায় ৩২ শতাংশ

 (ঘ) প্রায় ৪২ শতাংশ


উত্তৰঃ (গ) প্রায় ৩২ শতাংশ ।


প্ৰশ্নঃ ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য কিমান ?

(ক) ৮৭১ কি.মি.

(খ) ৮৯১ কি.মি.

(গ) ৮৯৫ কি.মি.

(ঘ) ৮৯৭ কি.মি.


উত্তৰঃ (খ) ৮৯১ কি.মি. ।


প্ৰশ্নঃ বৰাকৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য কিমান ?

(ক) ২৭১ কি.মি.

(খ) ২৬১ কি.মি.

(গ) ১৫৫ কি.মি.

(ঘ) ১২১ কি.মি.


উত্তৰঃ (ঘ) ১২১ কি.মি. ।


প্ৰশ্নঃ ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো হ'ল ?

(ক) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ 

(খ) বৰাকৰ নাব্য জলপথ 

(গ) শোৱণশিৰিৰ নাবা জলপথ

(ঘ) এটাও নহয়


উত্তৰঃ (খ) বৰাকৰ নাব্য জলপথ ।


প্ৰশ্নঃ ভাৰত চৰকাৰে ১৯৮৮ চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো হ'ল ?

(ক) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ

(খ) বৰাকৰ নাব্য জলপথ 

(গ) শোৱণশিৰিৰ নাব্য জলপথ

(ঘ) গংগাৰ নাব্য জলপথ


উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ ।


প্ৰশ্নঃ ২০১১ চনৰ তথ্যমতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত কিমান জন ?

(ক) ৫২৫ জন

(খ) ৫৪৫ জন

(গ) ৬৬৭ জন

(ঘ) ৬৮৮ জন


উত্তৰঃ (খ) ৫৪৫ জন ।


প্ৰশ্নঃ ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে সবাতোকৈ ঘন বসতিপূৰ্ণ জিলা বুলি বিবেচিত কামৰূপ (মেট্রো) জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে ?

(ক) প্ৰতি বৰ্গ কিলোমিটাৰত ১০১০ জন

(খ) প্রতি বর্গ কিলোমিটাৰত ২০১০ জন

(গ) প্ৰতি বৰ্গ কিলোমিটাৰত ২০২১ জন

(ঘ) প্রতি বর্গ কিলোমিটাৰত ২০৩০ জন


উত্তৰঃ (খ) প্রতি বর্গ কিলোমিটাৰত ২০১০ জন ।


প্ৰশ্নঃ ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে সবাতোকৈ সেৰেঙা বসতিপূৰ্ণ জিলা বুলি বিবেচিত ডিমা হাছাও জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে ?

(ক) প্রতি বর্গ কিলোমিটাৰত মাত্র ৪৪ জন

(খ) প্রতি বর্গ কিলোমিটাৰত মাত্ৰ ৩৪ জন 

(গ) প্রতি বর্গ কিলোমিটাৰত মাত্ৰ ২৮ জন

(ঘ) প্রতি বর্গ কিলোমিটাৰত মাত্ৰ ২৪ জন


উত্তৰঃ (ক) প্ৰতি বৰ্গ কিলোমিটাৰত মাত্র ৪৪ জন ।


প্ৰশ্নঃ অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী আছিল ?

(ক) অষ্ট্ৰিকসকল

(খ) মংগোলীয়সকল

(গ) মিছিং সকল

(ঘ) বড়োসকল


উত্তৰঃ (ক) অষ্ট্ৰিকসকল ।


প্ৰশ্নঃ জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল ?

(ক) বড়ো

(খ) মিছিং

(গ) কাৰ্বি

(ঘ) ৰাভা


উত্তৰঃ (খ) মিছিং ।


প্ৰশ্নঃ জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে ?

(ক) বড়োসকল

(খ) মিছিং সকল

(গ) ৰাভাসকল

(ঘ) কাৰ্বিসকল


উত্তৰঃ (ক) বড়োসকল ।



প্ৰশ্নঃ জেমি নগাসকলে (Zeme Naga) অসমৰ কোন ঠাইত বসতি কৰা দেখা যায় ?

(ক) ডিমা হাছাও জিলাত

(খ) কোকৰাঝাৰ জিলাত

(গ) কার্বি আংলং জিলাত

(ঘ) কৰিমগঞ্জ জিলাত


উত্তৰঃ (ক) ডিমা হাছাও জিলাত ।


প্ৰশ্নঃ অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাহ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল কোন জনগোষ্ঠীৰ হয় ?

(ক) অষ্টিক জনগোষ্ঠীৰ

(খ) ককেছীয় জনগোষ্ঠীৰ 

(গ) মংগোলীয় জনগোষ্ঠীৰ

(ঘ) এটাও নহয়


উত্তৰঃ (খ) ককেছীয় জনগোষ্ঠীৰ ।


প্ৰশ্নঃ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰা জনগোষ্ঠীটোৰ নাম কি ?

(ক) অষ্টিক জনগোষ্ঠী

(খ) ক'কেছীয় জনগোষ্ঠী

(গ) মংগোলীয় জনগোষ্ঠী

(ঘ) আহোমসকল


 উত্তৰঃ (খ) ক'কেছীয় জনগোষ্ঠী ।


প্ৰশ্নঃ অসমত প্রথম খনিজ তেলৰ খনন কাৰ্য আৰম্ভ কিমান চনত হৈছিল ?

(ক) ১৮৮৯ চনত

(খ) ১৮৩০ চনত

(গ) ১৮৮০ চনত

(ঘ) ১৮৯২ চনত 


উত্তৰঃ (ক) ১৮৮৯ চনত ।


প্ৰশ্নঃ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ কোনো উদ্যান বা বনাঞ্চলতে নোপোৱা বনৰীয়া ঘোঁৰা পোৱা যায় ?

(ক) কাজিৰঙা

(খ) মানস

(গ) ডিব্ৰু-চৈখোৱা 

(ঘ) নামেৰি


উত্তৰঃ (গ) ডিব্ৰু-চৈখোৱা ।


প্ৰশ্নঃ অসম ৰাজ্যখন ইয়াৰ পশ্চিম দিশৰ ঠেক ভূখণ্ডৰ দ্বাৰা__ৰ সৈতে ভাৰত ভূখণ্ডৰ লগত সংলগ্ন হৈ আছে ।

(ক) ত্ৰিপুৰা

(খ) বাংলাদেশ

(গ) পশ্চিমবংগ

(ঘ) মণিপুৰ


উত্তৰঃ (গ) পশ্চিমবংগ ।


প্ৰশ্নঃ অসম ৰাজ্যৰ উত্তৰ দিশে পৰিবেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ?

(ক) চীন 

(খ) ভূটান

(গ) ম্যানমাৰ

(ঘ) নেপাল


উত্তৰঃ (খ) ভূটান ।


প্ৰশ্নঃ অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ?

(ক) বাংলাদেশ

(খ) ম্যানমাৰ

(গ) ত্ৰিপুৰা

(ঘ) শ্রীলংকা


উত্তৰঃ (ক) বাংলাদেশ ।


প্ৰশ্নঃ ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ভাৰতৰ মুঠ জনসংখ্যাৰ __শতাংশ ।

(ক) ১.০৩ শতাংশ

(খ) ১.১৮ শতাংশ

(গ) ১.৩৮ শতাংশ

(ঘ) ১.৫৮ শতাংশ


উত্তৰঃ (গ) ১.৩৮ শতাংশ ।


প্ৰশ্নঃ কুৰি শতিকাৰ আৰম্ভণিতে ১৯০১ চনত অসমত জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত___ জন 

(ক) ৩৬ জন

(খ) ৪২ জন

(গ) ৫৫ জন

(ঘ) ৫৮ জন


উত্তৰঃ (খ) ৪২ জন ।


প্ৰশ্নঃ ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত__জন ।

(ক) ১৯৮ জন

(খ) ২৮৮ জন 

(গ) ৩০৮ জন

(ঘ) ৩৯৮ জন


উত্তৰঃ (ঘ) ৩৯৮ জন ।


প্ৰশ্নঃ ব্রহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে ?

(ক) ৬৫ শতাংশ

(খ) ৭৫ শতাংশ

(গ) ৮৫ শতাংশ

(ঘ) ৯৫ শতাংশ


উত্তৰঃ (গ) ৮৫ শতাংশ ।


প্ৰশ্নঃ ২০১১ চনৰ তথ্যমতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত__জন ।

(ক) ১৫০২ জন

(খ) ১২২০ জন

(গ) ১১০২ জন

(ঘ) ১০০৮ জন


উত্তৰঃ (ক) ১৫০২ জন ।



প্ৰশ্নঃ বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে ?

(ক) ২৫ শতাংশ

(খ) ২১ শতাংশ

(গ) ১৮ শতাংশ

(ঘ) ১১ শতাংশ


উত্তৰঃ (ঘ) ১১ শতাংশ ।


প্ৰশ্নঃ উমৰাংছু উদ্যোগিক নগৰখন ক'ত অৱস্থিত ?

(ক) কাৰ্বি আংলংত

(খ) নগাঁৱত

(গ) উত্তৰ কাছাৰত

(ঘ) মেঘালয়ত


উত্তৰঃ (গ) উত্তৰ কাছাৰত ।


প্ৰশ্নঃ অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত ?

(ক) বোকাজানত

(খ) দুলিয়াজানত

(গ) নামৰূপত

(ঘ) সোণাপুৰত


উত্তৰঃ (ক) বোকাজানত ।


প্ৰশ্নঃ কালবৈশাখী এবিধ ?

(ক) জাতীয় উৎসব

(খ) শস্য

(গ) তীব্ৰবেগী বতাহ

(ঘ) আকস্মিক বেমাৰ


উত্তৰঃ (গ) তীব্ৰবেগী বতাহ ।


প্ৰশ্নঃ অসমত ৰিটাৰ স্কেলত ৮৭ হাৰত প্ৰৱল ভূমিকম্প হৈছিল ?

(ক) ১৭০৭ চনত

(খ) ১৮৯৭ চনত

(গ) ১৯১৮ চনত

(ঘ) ১৮৭৯ চনত


উত্তৰঃ (খ) ১৮৯৭ চনত ।


প্ৰশ্নঃ অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালিৰ (আয়তন) জিলাখনৰ নাম কি ?

(ক) কামৰূপ

(খ) নগাঁও

(গ) কার্বি আংলং

(ঘ) শিৱসাগৰ


উত্তৰঃ (গ) কার্বি আংলং ।


প্ৰশ্নঃ অসমৰ আটাইতকৈ কম আয়তনৰ (মাটিকালি) জিলাখনৰ নাম কি ?

(ক) চিৰাং

(খ) বাগছা

(গ) কামৰূপ (মহানগৰ)

(ঘ) কামৰূপ (গ্ৰাম্য)


উত্তৰঃ (গ) কামৰূপ (মহানগৰ) ।


প্ৰশ্নঃ অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি ?

(ক) ধুবুৰী

(খ) কামৰূপ (মহানগৰ)

(গ) নগাঁও

(ঘ) ডিব্ৰুগড়


উত্তৰঃ (খ) কামৰূপ (মহানগৰ) ।


প্ৰশ্নঃ অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি ?

(ক) যোৰহাট

(খ) নলবাৰী

(গ) কামৰূপ (মহানগৰ)

(ঘ) ডিব্ৰুগড়


উত্তৰঃ (গ) কামৰূপ (মহানগৰ) ।


প্ৰশ্নঃ অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম ?

(ক) কার্বি আংলং

(খ) ধুবুৰী

(গ) ধেমাজি

(ঘ) কাছাৰ


উত্তৰঃ (খ) ধুবুৰী ।


প্ৰশ্নঃ অসমৰ কোনখন জিলাত বর্তমান জনসংখ্যা সর্বাধিক ?

(ক) কামৰূপ (মহানগৰ)

(খ) ধুবুৰী

(গ) নগাঁও

(ঘ) বঙাইগাঁও


উত্তৰঃ (গ) নগাঁও ।


প্ৰশ্নঃ অসমৰ কোনখন জিলাত বর্তমান জনসংখ্যা আটাইতকৈ কম ?

(ক) ডিমা হাছাও

(খ) কাৰ্বি আংলং

(গ) ধুবুৰী

(ঘ) ধেমাজি


উত্তৰঃ (ক) ডিমা হাছাও ।


READ MORE:- INDIA HISTORY GK


READ MORE:- INDIA GEOGRAPHY GK


READ MORE:- INDIA POLITY GK

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.