Top 60+ Indian History MCQ In Assamese language For All Competition Exam
ভাৰতৰ ৰাজনৈতিকৰ অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া ভাৰতৰ ৰাজনীতিৰ বিভিন্ন ধৰণৰ উত্তৰ প্ৰশ্ন সমূহ তলত MCQ ৰূপত উল্লেখ কৰা হৈছে ।
India History General Knowledge MCQ'S They Are Mentioned Below
প্ৰশ্নঃ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী —
(ক) অটল বিহাৰী বাজপেয়ী
(খ) জৱাহৰলাল নেহৰু
(গ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(ঘ) ইন্দ্ৰ কুমাৰ গুজবাল
উত্তৰঃ (খ) জৱাহৰলাল নেহৰু ।
প্ৰশ্নঃ দুটা কাৰ্যকালৰ বাবে অর্থাৎ দুবাৰকৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাষ্ট্ৰপতি গৰাকী –
(ক) ৰাজেন্দ্ৰ প্ৰসাদ
(খ) ভি ভি গিৰি
(গ) জাকিৰ হুছেইন
(ঘ) সর্বপল্লী ৰাধাকৃষ্ণণ
উত্তৰঃ (ক) ৰাজেন্দ্র প্রসাদ ।
প্ৰশ্নঃ ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে ?
(ক) ১৫৪ নং অনুচ্ছেদত
(খ) ১৫৫ নং অনুচ্ছেদত
(গ) ১৬৩ নং অনুচ্ছেদত
(ঘ) ৩৪৬ নং অনুচ্ছেদত
উত্তৰঃ (ঘ) ৩৪৬ নং অনুচ্ছেদত ।
প্ৰশ্নঃ অসম প্রাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল ?
(ক) ১৮৫৭ চনৰ ৬ মাৰ্চত
(খ) ১৮৯৭ চনৰ ৫ জুলাইত
(গ) ১৯২১ চনৰ ৫ জুনত
(ঘ) ১৯৪২ চনৰ ৭ মে'ত
উত্তৰঃ (গ) ১৯২১ চনৰ ৫ জুনত ।
প্ৰশ্নঃ মুখ্য মন্ত্ৰীক কোনে নিযুক্তি দিয়ে ?
(ক) ৰাজ্যপালে
(খ) ৰাষ্ট্ৰপতিয়ে
(গ) প্রধান মন্ত্ৰীয়ে
(ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
উত্তৰঃ (ক) ৰাজ্যপালে ।
প্ৰশ্নঃ ৰাজ্যপালৰ কাৰ্যকাল হ'ল-
(ক) ২ বছৰ
(খ) ৫ বছৰ
(গ) ৬ বছৰ
(ঘ) ৮ বছৰ
উত্তৰঃ (খ) ৫ বছৰ ।
প্ৰশ্নঃ ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ'ল-
(ক) ৰাজ্যপাল
(খ) মুখ্য মন্ত্ৰী
(গ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(ঘ) ৰাষ্ট্ৰপতি
উত্তৰঃ (ক) ৰাজ্যপাল ।
প্ৰশ্নঃ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে—
(ক) মুখ্য মন্ত্রীয়ে
(খ) ৰাজ্যপালে
(গ) প্রধান মন্ত্রীয়ে
(ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
উত্তৰঃ (খ) ৰাজ্যপালে ।
প্ৰশ্নঃ উচ্চ ন্যায়ালৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে ?
(ক) ৰাজ্যপালে
(খ) ৰাষ্ট্ৰপতিয়ে
(গ) প্রধান মন্ত্রীয়ে
(ঘ) মুখ্য মন্ত্ৰীয়ে
উত্তৰঃ (ক) ৰাজ্যপালে ।
প্ৰশ্নঃ বিধান সভাৰ অধিবেশন আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওপৰত ন্যস্ত কৰা হৈছে ?
(ক) ৰাষ্ট্ৰপতিৰ
(খ) ৰাজ্যপালৰ
(গ) মুখ্যমন্ত্ৰীৰ
(ঘ) বিধান সভাৰ অধ্যক্ষৰ
উত্তৰঃ (খ) ৰাজ্যপালৰ ।
প্ৰশ্নঃ সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত আছে ?
(ক) ৩২৬ নং
(খ) ৩৩০ নং
(গ) ৩৪৫ নং
(ঘ) ৩৬০ নং
উত্তৰঃ (ক) ৩২৬ নং ।
প্ৰশ্নঃ অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি ?
(ক) লেফটেনান্ট চিংগাৰ
(খ) ডেভিদ স্কট
(গ) কেপ্টেইন নিউভিল
(ঘ) কেপ্টেইন বেলচ
উত্তৰঃ (ক) লেফটেনান্ট চিংগাৰ ।
প্ৰশ্নঃ কোন চৰকাৰৰ দিনত সম্পত্তিৰ অধিকাৰ ভাৰতীয় সংবিধানৰপৰা বিলোপ কৰা হৈছিল ?
(ক) কংগ্ৰেছ চৰকাৰ
(খ) জনতা চৰকাৰ
(গ) ইউ পি এ চৰকাৰ
(ঘ) এন ডি.এ চৰকাৰ
উত্তৰঃ (খ) জনতা চৰকাৰ ।
প্ৰশ্নঃ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আছে ?
(ক) ২৯ নং আৰু ৩০ নং অনুচ্ছেদ
(খ) ৩১ নং অনুচ্ছেদ
(গ) ৩২ নং অনুচ্ছেদ
(ঘ) ৩৫ নং অনুচ্ছে
উত্তৰঃ (ক) ২৯ নং আৰু ৩০ নং অনুচ্ছেদ ।
প্ৰশ্নঃ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰপ্ৰসাদ ভাৰতৰ প্ৰথমখন মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী আছিল। তেওঁ কোন বিভাগৰ মন্ত্ৰী আছিল ?
(ক) শিক্ষা
(খ) প্ৰতিৰক্ষা
(গ) বিত্ত
(ঘ) খাদ্য আৰু কৃষি
উত্তৰঃ (ঘ) খাদ্য আৰু কৃষি ।
প্ৰশ্নঃ কিমান চনত শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো মৌলিক কৰ্তব্য হিচাপে গণ্য কৰা হয় ?
(ক) ১৯৭৬ চনত
(খ) ১৯৭৭ চনত
(গ) ১৯৮০ চনত
(ঘ) ২০০২ চনত
উত্তৰঃ (ঘ) ২০০২ চনত ।
প্ৰশ্নঃ সংবিধানৰ কিমান তম সংশোধনীৰ যোগেদি শিশুক শিক্ষাদানৰ মৌলিক কৰ্তব্য হিচাপে গণ্য কৰা হয় ?
(ক) ৭৬ তম্
(খ) ৭৭ তম্
(গ) ৮০ তম্
(ঘ) ৮৬ তম্
উত্তৰঃ (ঘ) ৮৬ তম্ ।
প্ৰশ্নঃ কোন দেশৰ সংবিধানৰ আৰ্হিত নিৰ্দেশক নীতিসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে ?
(ক) আমেৰিকা
(খ) ব্রিটেইন
(গ) ফ্রান্স
(ঘ) আয়াৰলেণ্ড
উত্তৰঃ (ঘ) আয়াৰলেও ।
প্ৰশ্নঃ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা বৰ্জন কৰিছে ?
(ক) ১৬ নং অনুচ্ছেদ
(খ) ১৭ নং অনুচ্ছেদ
(গ) ২৪ নং অনুচ্ছেদ
(ঘ) ৪২ নং অনুচ্ছেদ
উত্তৰঃ (গ) ২৪ নং অনুচ্ছেদ ।
প্ৰশ্নঃ নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পৰা ক্ষমতা থকাব্যক্তিজন-
(ক) ৰাষ্ট্ৰপতি
(খ) জিলা দণ্ডাধীশ
(গ) মুখ্যমন্ত্রী
(ঘ) ৰাজ্যপাল
উত্তৰঃ (ক) ৰাষ্ট্ৰপতি ।
প্ৰশ্নঃ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনী পদ্ধতি দিয়া আছে ?
(ক) ৩৬০ নং অনুচ্ছেদত
(খ) ৩৬২ নং অনুচ্ছেদত
(গ) ৩৬৮ নং অনুচ্ছেদত
(ঘ) ৩৭৫ নং অনুচ্ছেদত
উত্তৰঃ (গ) ৩৬৮ নং অনুচ্ছেদত ।
প্ৰশ্নঃ ভাৰতীয় সংবিধান সংশোধনৰ দৃঢ় পদ্ধতিত সংসদৰ কিমান সদস্যই অনুমোদন দিব লাগে ?
(ক) সাধাৰণ সংখ্যাগৰিষ্ঠ সদস্যই
(খ) দুই-তৃতীয়াংশ সদস্যই
(গ) মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠ আৰু উপস্থিত আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশ সদস্যই
(ঘ) এক-তৃতীয়াংশই
উত্তৰঃ (গ) মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠ আৰু উপস্থিত আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশ সদস্যই ।
প্ৰশ্নঃ প্রথম সংবিধান সংশোধন কোন চনত কৰা হয় ?
(ক) ১৯৫০ চনত
(খ) ১৯৫১ চনত
(গ) ১৯৫২ চনত
(ঘ) ১৯৭৫ চনত
উত্তৰঃ (খ) ১৯৫১ চনত ।
প্ৰশ্নঃ কিমান তম সংবিধান সংশোধনীৰ যোগেদি ভোটদানৰ বয়স ২১ ৰ পৰা ১৮ বছৰ কৰা হয় ?
(ক) ৬০ তম্
(খ) ৬১ তম্
(গ) ৬২ তম্
(ঘ) ৭০ তম্
উত্তৰঃ (গ) ৬১ তম্ ।
প্ৰশ্নঃ ভাৰতত সম্প্ৰতি ৰাজ্য কেইখন ?
(ক) ২৪ খন
(খ) ২৬ খন
(গ) ২৮ খন
(ঘ) ৩০ খন
উত্তৰঃ (গ) ২৮ খন ।
প্ৰশ্নঃ ভাৰতত সম্প্ৰতি কেন্দ্রীয় শাসিত অঞ্চল কেইখন ?
(ক) পাঁচখন
(খ) ছয়খন
(গ) সাতখন
(ঘ) নখন
উত্তৰঃ (ঘ) নখন ।
প্ৰশ্নঃ ভাৰতৰ নাগৰিকত্বৰ প্ৰধান লক্ষণ কি ?
(ক) একক নাগৰিকত্ব
(খ) দ্বি-নাগৰিকত্ব
(গ) বহু নাগৰিকত্ব
(ঘ) কোনোটো নহয়
উত্তৰঃ (ক) একক নাগৰিকত্ব ।
প্ৰশ্নঃ কিমান বছৰৰ মূৰে মূৰে বিত্ত আয়োগ গঠিত হয় ?
(ক) চাৰি বছৰ
(খ) পাঁচ বছৰ
(গ) ছ বছৰ
(ঘ) তিনি বছৰ
উত্তৰঃ (খ) পাঁচ বছৰ ।
প্ৰশ্নঃ 'অসম ৰায়ত সংঘ' কাৰ সভাপতিত্বত গঠিত হয় ?
(ক) নীলমণি ফুকন
(খ) তৰণৰাম ফুকনে
(গ) নবীনচন্দ্ৰ বৰদলৈ
(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰী
উত্তৰঃ (গ) নবীনচন্দ্ৰ বৰদলৈ ।
প্ৰশ্নঃ ‘যোৰহাট সার্বজনিক সভা'ৰ জন্ম কেতিয়া হৈছিল ?
(ক) ১৮৫৭ চনৰ ১২ জুলাইত
(খ) ১৮৮৬ চনৰ ২ জুনত
(গ) ১৮৯৭ চনৰ ১২ মে'ত
(ঘ) ১৯০১ চনৰ ১৫ আগষ্টত
উত্তৰঃ (খ) ১৮৮৬ চনৰ ২ জুনত ।
প্ৰশ্নঃ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন ?
(ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(খ) সৰ্বপল্লী ৰাধাকৃষ্ণণ
(গ) ফখৰুদ্দিন আলি আহমেদ
(ঘ) নীলম সজীৱ ৰেড্ডী
উত্তৰঃ (ক) ড° ৰাজেন্দ্ৰ প্ৰসাদ ।
প্ৰশ্নঃ সংবিধানৰ কোনটো সংশোধনীমতে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মানিবলৈ বাধ্য ?
(ক) ৪২ তম্
(খ) ৪৪ তম্
(গ) ৪৭ তম্
(ঘ) ৫০ তম্
উত্তৰঃ (ক) ৪২ তম্ ।
প্ৰশ্নঃ ভাৰতৰ ৰাজনীতিত প্রকৃত কার্যপালিকা কোন ?
(ক) প্রধানমন্ত্রী
(খ) ৰাষ্ট্ৰপতি
(গ) উপ-ৰাষ্ট্ৰপতি
(ঘ) প্রধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ
উত্তৰঃ (ঘ) প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ ।
প্ৰশ্নঃ ৰাজ্যপাল পদৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে ?
(ক) ৩০ বছৰ
(খ) ৩৫ বছৰ
(গ) ৪০ বছৰ
(ঘ) ৪৫ বছৰ
উত্তৰঃ (খ) ৩৫ বছৰ ।
প্ৰশ্নঃ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ?
(ক) ৰাষ্ট্ৰপতিয়ে
(খ) প্রধানমন্ত্রীয়ে
(গ) কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে
(ঘ) মুখ্যমন্ত্ৰীয়ে
উত্তৰঃ (ক) ৰাষ্ট্ৰপতিয়ে ।
প্ৰশ্নঃ ৰাজ্যপালক কোনে শপত বাক্য পাঠ কৰায় ?
(ক) ৰাষ্ট্ৰপতি
(খ) প্রধানমন্ত্রী
(গ) মুখ্যমন্ত্রী
(ঘ) উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ
উত্তৰঃ (ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ।
প্ৰশ্নঃ ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক কোনে আহ্বান কৰে ?
(ক) ৰাজ্যপাল
(খ) মুখ্যমন্ত্রী
(গ) বিধানসভাৰ অধ্যক্ষ
(ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
উত্তৰঃ (খ) মুখ্যমন্ত্রী ।
প্ৰশ্নঃ কি কি বিলত ৰাজ্যপালে সন্মতি দিবলৈ বাধ্য ?
(ক) বিনিয়োজন বিল
(খ) বিত্ত বিল
(গ) সাধাৰণ বিল
(ঘ) স্বায়ত্তশাসিত বিল
উত্তৰঃ (খ) বিত্ত বিল ।
প্ৰশ্নঃ ভাৰতৰ সংবিধাখন কিমানটা পদ্ধতিৰে সংশোধন কৰা হয় ?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
(ঘ) চাৰিটা
উত্তৰঃ (গ) তিনিটা ।
প্ৰশ্নঃ মৌলিক কৰ্তব্য কিমানতম সংশোধনীৰ যোগেদি সংবিধানত সংযোজন কৰা হয় ?
(ক) ৪২ তম্
(খ) ৪৪ তম্
(গ) ৪৮ তম্
(ঘ) ৫০ তম্
উত্তৰঃ (ক) ৪২ তম্ ।
প্ৰশ্নঃ ভাৰতৰ নাগৰিকত্বৰ মূল বৈশিষ্ট্য কি ?
(ক) একক নাগৰিকত্ব
(খ) দ্বি-নাগৰিকত্ব
(গ) বহু নাগৰিকত্ব
(ঘ) এটাও নহয়
উত্তৰঃ (ক) একক নাগৰিকত্ব ।
প্ৰশ্নঃ নির্দেশক নীতিসমূহ সংবিধানৰ কোন অধ্যায়ত সন্নিবিষ্ট কৰা হৈছে ?
(ক) তৃতীয় অধ্যায়ত
(খ) চতুর্থ অধ্যায়ত
(গ) পঞ্চম অধ্যায়ত
(ঘ) ষষ্ঠ অধ্যায়ত
উত্তৰঃ (খ) চতুর্থ অধ্যায়ত ।
Read More:DHS PREVIOUS YEAR PAPER

