GENERAL KNOWLEDGE FOR ALL COMPETITOR EXAM
ভাৰতৰ ৰতৰ বিভিন্ন সাধাৰণ নিযুক্ত পৰীক্ষাত আহিবলগীয়া ভাৰতৰ ইতিহাসৰ বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ উত্তৰ তলত উল্লেখ কৰা হৈছে।
General Knowledge For all competitors examৰ প্ৰশ্নৰ উত্তৰ সমূহ তলত আলোচনা কৰা হৈছে।
প্ৰশ্নঃ "বেঘনীসেহাসুৰ" - কি?
উত্তৰঃ বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে - বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।
প্ৰশ্নঃ অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
উত্তৰঃ মার্কনী।
প্ৰশ্নঃ প্রথম ছপাশাল স্থাপন কৰা ব্যক্তিজন কোন ?
উত্তৰঃ উইলিয়াম কেক্সটোন ।
প্ৰশ্নঃ চুম্বকে কি কি আকর্ষণ কৰে ?
উত্তৰঃ লাে, নিকেল আৰু কোবাল্ট।
প্ৰশ্নঃ ঘোঁৰাৰ দাঁত কেইটা ?
উত্তৰঃ মাইকী ঘোঁৰাৰ ৩৬ টা আৰু মতা ঘোঁৰাৰ ৪০ টা।
প্ৰশ্নঃ আটাইতকৈ দীৰ্ঘজীৱি প্ৰাণী কি ?
উত্তৰঃ কাছ (প্ৰায় ৫০০ বছৰ জীয়াই থাকে)।
প্ৰশ্নঃ অধিক শিৰা থকা প্ৰণী কি ?
উত্তৰঃ সাপ।
প্ৰশ্নঃ বংশগতিৰ একক কি ?
উত্তৰঃ জিন ।
প্ৰশ্নঃ ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰঃ Radio Detection and Ranging.
প্ৰশ্নঃ পানীৰ গভীৰতা জোখৰ একক কি ?
উত্তৰঃ ফেডাম।
প্ৰশ্নঃ অক্সিজেনৰ গ্ৰাম আনৱিক ভৰ কিমান ?
উত্তৰঃ ৩২ গ্ৰাম।
প্ৰশ্নঃ সুস্হ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান ?
উত্তৰঃ ৩৭ ° চেলছিয়াচ। ( ৯৮.২° ফাৰেনহাইট )
প্ৰশ্নঃ মানৱদেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয় ?
উত্তৰঃ যকৃত।
প্ৰশ্নঃ সূৰ্য্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয় ?
উত্তৰঃ প্ৰায় ৮ মিনিট।
প্ৰশ্নঃ চিমেন্টৰ অত্যাৱশ্যকীয় উপাদানটো কি ?
উত্তৰঃ চূণশিল।
প্ৰশ্নঃ মানুহৰ বৈজ্ঞানিক নাম কি ?
উত্তৰঃ হোমোচেপিয়ান।
প্ৰশ্নঃ প্ৰাণী দেহত হৰ'মন সৃষ্টিকাৰী গ্ৰন্হিক কি বোলে ?
উত্তৰঃ এডোক্ৰাইন।
প্ৰশ্নঃ উদ্ভিদৰ উচ্চতামাপক যন্ত্ৰটোৰ নাম কি ?
উত্তৰঃ আৰ্কইণ্ডিকেটৰ।
প্ৰশ্নঃ মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান ?
উত্তৰঃ ২৪ যোৰ।
প্ৰশ্নঃ মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে ?
উত্তৰঃ AB গ্ৰুপ।
প্ৰশ্নঃ আটাইতকৈ সৰল প্ৰ'টিন কি ?
উত্তৰঃ গ্ৰাইচিন।
প্ৰশ্নঃ যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি ?
উত্তৰঃ টিউবাৰ কুলেচিচ্ বেক্টেৰিয়া।
প্ৰশ্নঃ কোনটো মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি পায় ?
উত্তৰঃ ফচফৰাচ্।
প্ৰশ্নঃ মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে ?
উত্তৰঃ ১৩ বিধ।
প্ৰশ্নঃ পোহৰৰ গতিবেগ কিমান ?
উত্তৰঃ ৩০০০০০ কিঃমিঃ/ছেকেণ্ড।
প্ৰশ্নঃ আপেক্ষিকবাদ মতবাদৰ জনক কোন ?
উত্তৰঃ এলবাৰ্ট আইনষ্টাইন।
প্ৰশ্নঃ গাড়ীত কি দাপোণ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ উত্তল দাপোণ।
প্ৰশ্নঃ পটাচিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ হয় ?
উত্তৰঃ বাৰুদ বনোৱাৰ বাবে।
প্ৰশ্নঃ লুমেন কিহৰ একক ?
উত্তৰঃ জ্যোতি তীব্ৰতা।
প্ৰশ্নঃ কেচুৰ চকু কেইটা ?
উত্তৰঃ কেচুৰ চকু নাই।
প্ৰশ্নঃ 'ব্লেক হল' সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল ?
উত্তৰঃ এছ. চন্দ্ৰশেখৰ।
প্ৰশ্নঃ মৰিচিকা হোৱাৰ কাৰণ কি ?
উত্তৰঃ আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন বাবে।
প্ৰশ্নঃ সকলোতকৈ দহনশিল গেছ কি ?
উত্তৰঃ হাইড্ৰ'জেন।
প্ৰশ্নঃ কি ধাতু তৰল অৱস্হাত থাকে ?
উত্তৰঃ পাৰা।
প্ৰশ্নঃ ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানী জনৰ নাম কি ?
উত্তৰঃ জে. জে. থমচন।
প্ৰশ্নঃ আটাইতকৈ কোমল ধাতু বিধৰ নাম কি ?
উত্তৰঃ লিথিয়াম।
প্ৰশ্নঃ ভাৰতৰ প্ৰথম পাৰমাণবিক চুলাটোৰ নাম কি ?
উত্তৰঃ অপ্সাৰা।
প্ৰশ্নঃ আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন ?
উত্তৰঃ এণ্টানি লেভয়চিয়াৰ।
প্ৰশ্নঃ পায়ৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে ?
উত্তৰঃ দাঁত।
প্ৰশ্নঃ সৰ্বাধিক ব্যৱহাৰ কৰা ধাতু বিধ কি ?
উত্তৰঃ লো।
প্ৰশ্নঃ কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ কোবাল্ট।
প্ৰশ্নঃ কেঁচাফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ কাৰ্বাইড।
প্ৰশ্নঃ প্ৰৱাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি ?
উত্তৰঃ টেকোমিটাৰ।
প্ৰশ্নঃ নিউটন কিহৰ একক ?
উত্তৰঃ MKS পদ্ধতিত বলৰ একক।
প্ৰশ্নঃ ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ এচিটিলিন।
প্ৰশ্নঃ AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ ৰেক্টিফায়াৰ।
প্ৰশ্নঃ কি পদ্ধতিত সুৰ্য্যৰ তাপ পৃথিৱীলৈ আহে ?
উত্তৰঃ বিকিৰণ পদ্ধতি।
প্ৰশ্নঃ বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি ?
উত্তৰঃ এনিম'মিটাৰ।
প্ৰশ্নঃ CGS পদ্ধতিত শক্তিৰ একক কি ?
উত্তৰঃ আৰ্গ।
প্ৰশ্নঃ পিতলত কি কি ধাতু থাকে ?
উত্তৰঃ তাম আৰু দস্তা।
প্ৰশ্নঃ আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উত্তৰঃ পুটোনিয়াম।
প্ৰশ্নঃ পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উত্তৰঃ বৃটেইন ।
প্ৰশ্নঃ আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উত্তৰঃ ৰেডন।
প্ৰশ্নঃ বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উত্তৰঃ নাইট্ৰজেন অক্সাইড।
প্ৰশ্নঃ বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ টিন আৰু সীহৰ ধাতু।
প্ৰশ্নঃ ভাৰতত স্থাপন কৰা প্রথম আনবিক ৰিয়েক্টৰটোৰ নাম কি ?
উত্তৰঃ অপ্সৰা।
প্ৰশ্নঃ উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােন বিধৰ নাম কি ?
উত্তৰঃ অক্সিন।
প্ৰশ্নঃ মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান ?
উত্তৰঃ প্ৰায় ৪০০০ নিযুত।
প্ৰশ্নঃ ভিটামিন 'C' ৰ আন এটা নাম কি ?
উত্তৰঃ এচকাৰবিক্ এচিড।
প্ৰশ্নঃ পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি ?
উঃ উইলহেম বণ্টজেন ।
প্ৰশ্নঃ ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উত্তৰঃ ফ্রিয়ন ।
প্ৰশ্নঃ টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উত্তৰঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।
প্ৰশ্নঃ কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উত্তৰঃ নীলচ ব'ৰ ।
প্ৰশ্নঃ হাতঘড়ী প্রথম কেতিয়া, ক'ত সাজি উলিওৱা হৈছিল ?
উত্তৰঃ ১৭৯০ চনত চুইজাৰলেগুত ।
প্ৰশ্নঃ উদ্ভিদৰ সালােক সংশ্লেষণ প্রক্রিয়াৰ অক্সিজেন কৰ পৰা আহে ?
উত্তৰঃ পানীৰ পৰা।
প্ৰশ্নঃ আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি ?
উত্তৰঃ ব্লেক আইৰণ উড (অফ্রিকা)।
প্ৰশ্নঃ পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি ?
উত্তৰঃ ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য । ইয়াৰ আয়তন ২৯০ কোটি হেক্টৰ।
প্ৰশ্নঃ পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি १ ই ক'ত অৱস্থিত ।
উত্তৰঃ কোল্ট বেড উড (কালিফ'র্ণিয়া)। উচ্চতা ৩৬৭৮ ফুট।
প্ৰশ্নঃ বিশ্বত সর্বাধিক পৰিমানে ব্যৱহাৰ হােৱা পাচলিবিধ কি ?
উত্তৰঃ পিয়াজ ।
প্ৰশ্নঃ পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক'ত আছে ?
উত্তৰঃ কেলিফৰ্নিয়া হুইলাৰ শৃংগত থকা এজোপা পাইন গছ। এই গছজোপা বয়স ৫ হাজাৰৰ অধিক ।
প্ৰশ্নঃ পৃথিৱীৰ অকলশৰীয়া গছজোপা ক'ত আছে ?
উত্তৰঃ নাইজেৰিয়াৰ মকভূমি অঞ্চলত । এইজোপা গছৰ পৰা চাৰিওপিনে ৩১ মাইল দূৰলৈকে কোনাে গছ নাই ।
প্ৰশ্নঃ ৰাজস্থানৰ পােখৰাণত কৰা ভাৰতৰ প্রথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল ?
উত্তৰঃ স্মাইলিং বুদ্ধা।
প্ৰশ্নঃ সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয় ?
উত্তৰঃ ভিটামিন D।
প্ৰশ্নঃ পৃথিৱীৰ ভিতৰত সর্বাধিক আকির্ড থকা দেশখনৰ নাম কি ?
উত্তৰঃ কলম্বিয়া ।
প্ৰশ্নঃ উদ্ভিদৰ উচ্চতা মাপক যন্ত্রটোৰ নাম কি ?
উত্তৰঃ আর্ক ইণ্ডিকেটৰ ।
প্ৰশ্নঃ পতংগভােজী উদ্ভিদসমূহে পােক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয় ?
উত্তৰঃ প্ৰোটিন।
প্ৰশ্নঃ কুঁহিয়াৰত থকা শর্কৰাবিধৰ নাম কি ?
উত্তৰঃ চুক্ৰ'জ।
প্ৰশ্নঃ সুমিথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেলবিধৰ নাম কি ?
উত্তৰঃ বাৰগাটে ।
প্ৰশ্নঃ এৰিতেল কি শিল্পৰ বাবে প্রয়ােজনীয় ?
উত্তৰঃ চামৰা শিল্প।
প্ৰশ্নঃ কোনবােৰ উদ্ভিদে পােনপতীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্রোজেন আহৰণ কৰিব পাৰে ?
উত্তৰঃ মাহজাতীয় উদ্ভিদে।
প্ৰশ্নঃ আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবােৰৰ নাম কি ?
উত্তৰঃ টালিপট ।
প্ৰশ্নঃ কোনবিধ গছে সর্বাধিক কাল ফল দিয়ে ?
উত্তৰঃ নাচপতি ।
প্ৰশ্নঃ বিলাহী প্রকৃততে ফল নে পাচলি ?
উত্তৰঃ ফল ।
প্ৰশ্নঃ বিলাহীত থকা এচিডবিধৰ নাম কি ?
উত্তৰঃ এচিটিক এচিড।
প্ৰশ্নঃ বিশ্বৰ অন্যতম জনপ্রিয় পানীয় 'চাহ খােৱাৰ প্রথা প্রথম কোন দেশত কেতিয়া প্রচলিত হৈছিল ?
উত্তৰঃ চীনদেশত ১২ শ শতিকাত । সেই দেশৰ ঝেন সন্ন্যাসী সম্প্রদায়ে সকলাে ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাবে চাহক ব্যৱহাৰ কৰিছিল ।
প্ৰশ্নঃ পৃথিবীৰ ভিতৰত সর্বাধিক আফিং বা কানি উৎপাদন হােৱা অঞ্চলটো সােণালী ত্রিভুজ (Golden Triangle) নামে খ্যাত। এই ত্রিভূজ গঠন কৰা দেশ তিনিখনৰ নাম কি?
উত্তৰঃ থাইলেও, ম্যানমাৰ আৰু লাওচ ।
প্ৰশ্নঃ আঙুৰত খকা এচিড বিধৰ নাম কি।
উত্তৰঃ চাইট্রিক এটিড।
প্ৰশ্নঃ আটাইতকৈ বিষাক্ত কাঠফুলা বিধৰ নাম কি ?
উত্তৰঃ এমানিটা ফেলইডিছ।
প্ৰশ্নঃ বাঘ মাৰিবৰ বাবে প্রয়ােগ কৰা বিহ হিচাবে কোটিল্যৰ অর্থ শাস্ত্রত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে।উদ্ভিদবিধৰ নাম কি ?
উত্তৰঃ কডমিলেট।
প্ৰশ্নঃ ভাৰতৰ ভাবা পাৰমাণৱিক গবেষণা কেন্দ্রৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি।
উত্তৰঃ ধ্ৰুৱ।
প্ৰশ্নঃ মহাকাশত কোনাে বস্তৰ ওজন কিমান ?
উত্তৰঃ শূণ্য।
প্ৰশ্নঃ কেথত ৰশ্মি ব্যৱহাৰ কৰা জনপ্রিয় যন্ত্রবিধৰ নাম কি ?
উত্তৰঃ টেলিভিছন।
প্ৰশ্নঃ গছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাৰি ?
উত্তৰঃ গা-গছৰ বছেৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি।
প্ৰশ্নঃ কিহৰ মাধ্যমত হৃৎপিণ্ডৰ পৰা তেজ দূৰলৈ যায় ?
উত্তৰঃ ধমনীৰ মাধ্যমত।
প্ৰশ্নঃ উদ্ভিদৰ জীবনী শক্তি বা জ্ঞান পাব পৰা যন্ত্রটোৰ নাম কি ?
উত্তৰঃ ক্রিচকোগ্রাফ।
প্ৰশ্নঃ চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সােমায় যায়।সেই এচিডবিধৰ নাম কি ?
উত্তৰঃ ফৰমিক এচিড।
প্ৰশ্নঃ পোহৰে ঢো সৃষ্টি কৰে, এই কথা প্রমাণ কৰা বিজ্ঞানীজন কোন ?
উত্তৰঃ টমাছ ইয়ং।
প্ৰশ্নঃ কোনবিধ পদার্থক দাৰ্শনিক শিল' (Philospher's Stone) বোলা হয় ?
উত্তৰঃ জিংক অক্সাইড।
প্ৰশ্নঃ কোনবিধ উদ্ভিদৰ মূল, কাণ্ড আৰু শিপা নাই ?
উত্তৰঃ ৰাফ্লেছিয়া ।
READ MORE: INDAI HISTORY GK

