আহিবলগীয়া ৩২ হাজাৰ+ পদৰ বাবে 50+ INDAI POLITYGENERAL KNOWLEDGE IN ASSAMESE LANGUAGE ত অতি সহজ ভাষাত উল্লেখ কৰা হৈছে ।

ভাৰতৰ ৰাজনৈতিক 50+ INDAI POLITY
GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE 2023 ত প্ৰকাশ কৰা হৈছে।
উত্তৰ. ডঃ ভীমৰাও আম্বেদকাৰ ।
প্ৰশ্ন. ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় ?
উত্তৰ. ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ।
প্ৰশ্ন. ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হয় ?
উত্তৰ. ২৬ নৱেম্বৰ, ১৯৪৯ চনত ।
প্ৰশ্ন. প্ৰথম ভাৰতীয় সংবিধান সভা কেতিয়া অনুষ্ঠিত হয় ?
উত্তৰ. ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ।
প্ৰশ্ন. ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন নিযুক্ত হৈছিল ?
উত্তৰ. ডঃ ৰাজেন্দ্ৰ প্ৰসাদ ।
প্ৰশ্ন. সংবিধানখনৰ বিভিন্ন দিশ চালিজাৰি চাবলৈ সংবিধান সভাই কিমানখন কমিটী গঠন কৰিছিল ?
উত্তৰ. ১৩ খন ।
প্ৰশ্ন. সংবিধান সভাই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোতে কিমান দিন লাগিছিল ?
উত্তৰ. ২ বছৰ ১১ মাহ আৰু ১৮ দিন ।
প্ৰশ্ন. ভাৰতীয় সংবিধানৰ খচৰা কমিটীক সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলৰ কোনজনে প্রস্তাব দাঙি ধৰিছিল ?
উত্তৰ. জৱাহৰলাল নেহৰু ।
প্ৰশ্ন. সংসদ সদস্যপদ নাথাকিলেও কিন্তু সংসদত বক্তৃতা দিয়াৰ অধিকাৰ আছে ?
উত্তৰ. ভাৰতৰ এটনী জেনেৰেলৰ ।
প্ৰশ্ন. যদি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদৰ পৰা অব্যাহতি বিচাৰে বা ল'ব খোজে তেন্তে কাৰ ওচৰত পদত্যাগ পত্ৰ জমা দিব লাগে ?
উত্তৰ. উপৰাষ্ট্ৰপতিক ।
প্ৰশ্ন. কোনগৰাকী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ?
উত্তৰ. মহম্মদ হিদয়াতুল্লাহ ।
প্ৰশ্ন. উপৰাষ্ট্ৰপতিৰ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰিব লাগে ?
উত্তৰ. ৰাষ্ট্ৰীয়পতিৰ উচৰত ।
প্ৰশ্ন. সম্প্রতি ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে ?
উত্তৰ. ২৪ খন ।
প্ৰশ্ন. কোনখন আইনৰ অধীনত ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন কৰা হয় ?
উত্তৰ. ৰেগুলেটিং এক্ট ।
প্ৰশ্ন. ভাৰতৰ প্ৰথমে স্থাপিত উচ্চ ন্যায়ালয়কেই খন —
উত্তৰ. কলিকতা, মাদ্রাজ, বোম্বে ।
প্ৰশ্ন. কেন্দ্রীয় সূচীত কিমানটা বিষয় সন্নিবিষ্ট থাকে ?
উত্তৰ. ৯৭ টা বিষয় ।
প্ৰশ্ন. ৰাজ্যিক সুচীত অর্ন্তভুক্ত বিষয় -
উত্তৰ. ৬৬ টা ।
প্ৰশ্ন. সদনৰ শূন্যকাল বুলিলে বুজা যায় ?
উত্তৰ. যেতিয়া আটাইতকৈ গুৰুত্বপূর্ণ বিষয় এটা উত্থাপন কৰা হয়।
প্ৰশ্ন. ভাৰতৰ ৰাষ্ট্ৰপতি নাইবা উপ-ৰাষ্ট্ৰপতিৰ অবৰ্তমানত কোনে ৰাষ্ট্ৰপতিৰ কাৰ্য সম্পাদন কৰিব পাৰে ?
উত্তৰ. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ।
প্ৰশ্ন. ভাৰতৰ কোনগৰাকী ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে অপ্রতিদ্বন্দীভাবে নির্বাচিত হৈছিল ?
উত্তৰ. নীলম সঞ্জীব ৰেড্ডী ।
প্ৰশ্ন. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাক নিয়োগ কৰাৰ ক্ষমতা নাই ?
উত্তৰ. লোকসভাৰ অধ্যক্ষ ।
প্ৰশ্ন. ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কেতিয়া অন্তর্ভুক্ত কৰা হয় ?
উত্তৰ. ১৯৭৬ চনৰ ৪২ তম সংশোধনীত ।
প্ৰশ্ন. ভাৰতৰ কোনটো অধিকাৰক বি আর আম্বেদকাৰে 'ভাৰতীয় সংবিধানৰ অন্তৰাত্মা' বুলি অভিহিত কৰিছে ?
উত্তৰ. সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ।
প্ৰশ্ন. ভাৰতৰ সংবিধানখনত বৰ্তমান কিমানটা অনুচ্ছেদ আছে ?
উত্তৰ. ৪৪৮ টা ।
প্ৰশ্ন. মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিবিষ্ট কৰিবৰ বাবে কোনে চূড়ান্ত সিদ্ধান্ত লৈছিল ?
উত্তৰ. চৰ্দাৰ বল্লভভাই পেটেলে ।
প্ৰশ্ন. ভাৰতীয় সংবিধানত পূর্বতে উল্লেখ থকা মৌলিক অধিকাৰৰ সংখ্যা হৈছে ?
উত্তৰ. সাতটা ।
প্ৰশ্ন. স্বাধীন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথম অ-কংগ্ৰেছী চৰকাৰ গঠন হৈছিল ?
উত্তৰ. কেৰালা ।
প্ৰশ্ন. কাৰ পৰামৰ্শমতে সাধাৰণতে কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয় —
উত্তৰ. ৰাজ্যপালৰ ।
প্ৰশ্ন. লোকসভাত ন্যূনতম কিমান সংখ্যক সদস্যৰ সমৰ্থনত 'অনাস্থা প্ৰস্তাৱ' এটা উত্থাপন কৰিব পাৰে ?
উত্তৰ. ৫০ জন ।
প্ৰশ্ন. ভাৰতত সম্প্ৰতি চৰ্চা লাভ কৰি থকা 'লোকপাল' শব্দটো বা ধাৰণাটো মূলতঃ --
উত্তৰ. স্কেণ্ডিনেভিয়ান দেশসমূহৰ ।
প্ৰশ্ন. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ মুৰব্বীজন কোন ?
উত্তৰ. ৰাষ্ট্ৰপতি ।
প্ৰশ্ন. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰ. ৫ বছৰ ।
প্ৰশ্ন. ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান ?
উত্তৰ. ২৫০ জন ।
প্ৰশ্ন. ৰাজ্যসভাৰ একোজন সদস্যৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰ. ৬ বছৰ ।
প্ৰশ্ন. লোকসভাৰ সদস্য পদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে ?
উত্তৰ. ২৫ বছৰ ।
প্ৰশ্ন. প্রথম লোকসভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তৰ. ১৯৫২ চনত ।
প্ৰশ্ন. সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে ?
উত্তৰ. ৰাষ্ট্ৰীয়পতিয়ে ।
প্ৰশ্ন. ভাৰতৰ মুখ্য নির্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে ?
উত্তৰ. ৰাষ্ট্ৰপতিয়ে ।
প্ৰশ্ন. ভাৰতৰ মুখ্য নির্বাচন আয়ুক্তক কোনে অপসাৰণ কৰিব পাৰে ?
উত্তৰ. সংসদে ।
প্ৰশ্ন. নিৰ্বাচনী অধিসূচনা জাৰি প্ৰকাশ হোৱাৰ কিমান দিনৰ ভিতৰত প্ৰাৰ্থীয়ে মনোনয়ন পত্র জমা দিব লাগে ?
উত্তৰ. আঠদিন ।
প্ৰশ্ন. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৰমহা আৰু অন্যান্য সা-সুবিধা আদি কোনে নিৰ্ধাৰণ কৰিব পাৰে ?
উত্তৰ. সংসদে ।
প্ৰশ্ন. কাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব নোৱাৰে ?
উত্তৰ. ৰাজ্যসভাৰ অধ্যক্ষক ।
প্ৰশ্ন. বিধানসভাৰ বিৰোধী দল হিচাপে চিহ্নিত বা বিবেচিত হ'বলৈ ন্যূনতম কিমান শতাংশ আসন বা সদস্য হ'ব লগে ?
উত্তৰ. ১০ % ।
প্ৰশ্ন. জনমত গঠনত বিশেষভাবে সহায় কৰে ঃ-
উত্তৰ সংবাদ মাধ্যম ।
প্ৰশ্ন. কোচ-ৰাজবংশী ক্ষত্রিয় সম্মিলন' কোন চনত প্ৰতিষ্ঠা হৈছিল ?
উত্তৰ. ১৯১২ চনত ।
প্ৰশ্ন. গণতন্ত্ৰক কেইটা ভাগ কৰা হৈছে ?
উত্তৰ. দুটা ভাগত ।
প্ৰশ্ন. ৰাজনৈতিক দলেৰে গঠিত চৰকাৰসমূহক কেইটা ভগাব পাৰি ?
উত্তৰ. তিনিটা ভাগত ।
প্ৰশ্ন. ভাৰতৰ জাতীয় পতাকা সর্বপ্রথম কেতিয়া উত্তোলন কৰা হয় ?
উত্তৰ. ১৯০৭ চনত ।
প্ৰশ্ন. সংবিধানৰ কোনটো অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে উল্লেখ আছে ?
উত্তৰ. প্রথম অনুসূচী ।
প্ৰশ্ন. 'সেৱা-সংঘ' নামৰ সংগঠনটো তলৰ কোনজন জাতীয়তাবাদী নেতাই স্থাপন কৰিছিল ?
উত্তৰ. অম্বিকাগিৰী ৰায় চৌধুৰী ।
প্ৰশ্ন. বিত্ত বিল এখন ৰাজ্যসভাই কিমান দিনৰ ভিতৰত অনুমোদন কৰিব লাগে ?
উত্তৰ. ১৪ দিনৰ ভিতৰত ।
প্ৰশ্ন. সংসদৰ যুটীয়া অধিবেশন হলে তাত সভাপতিত্ব কোনে কৰে ?
উত্তৰ. লোকসভাৰ অধ্যক্ষই ।
প্ৰশ্ন. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিয়ে কিমান বছৰ বয়সত অৱসৰ লয় ?
উত্তৰ. ৬২ বছৰ বয়সত ।
প্ৰশ্ন. ভাৰতৰ এটর্নী জেনেৰেলজনক কোনে নিযুক্তি দিয়ে ?
উত্তৰ. ৰাষ্ট্ৰপতিয়ে ।
প্ৰশ্ন. সংবিধানৰ ২৪৫-২৬৩ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্কৰ ভিতৰত কোনটো নহয় ?
উত্তৰ. ৰাজনৈতিক সম্পর্ক ।
প্ৰশ্ন. ভাৰতীয় সংবিধানত উল্লিখিত মৌলিক অধিকাৰৰ সংখ্যা কিমান ?
উত্তৰ. ৬ টা ।
READ MORE :-INDIA HISTORY GK
READ MORE:-ASSAM ECONOMIC GK
READ MORE:-ENVIRONMENTAL SCIENCE GK
