অসমৰ ৰাজনৈতিক জগতৰ সাধাৰণ জ্ঞান ASSAM POLITY GENERAL KNOWLEDGE 2023
অসমত হৈ থকা বিভিন্ন প্ৰতিযোগিতা মূলক পৰিক্ষাত আহি থকা অসমৰ ৰাজধানী জগতৰ কেইটা মান সাধাৰণ জ্ঞান সমূহ উল্লেখ কৰা হৈছে।
ASSAM POLITY GENERAL KNOWLEDGE 2023
অসমৰ ৰাজনৈতিক জগতৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ তলত আলোচনা কৰা হৈছে।
প্ৰশ্ন.অসম প্রাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল ?
উত্তৰ. ১৯২১ চনৰ জুনত ।
প্ৰশ্ন. লোণ আইন ভংগ কৰা গান্ধীৰ 'দাণ্ডী যাত্ৰাত অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন ?
উত্তৰ.লীলাধৰ বৰুৱা ।
প্ৰশ্ন.অসমত প্ৰথমখন অ-কংগ্ৰেছী সম্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল ?
উত্তৰ. চৈয়দ মহম্মদ ছাদুল্লা ।
প্ৰশ্ন. অসমৰ প্ৰথমখন অ-কংগ্ৰেছী (জনতা দলৰ চৰকাৰ কিমান চনত গঠিত হৈছিল ?
উত্তৰ. ১৯৭৮ চনত ।
প্ৰশ্ন. অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল?
উত্তৰ. গোলাপ বৰবৰা ।
প্ৰশ্ন. সংবিধানৰ ২৪৪(১) আৰু ২৭৫ (২) অনুচ্ছেদ অনুসৰি আৰু ষষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত ছিল প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে?
উত্তৰ. ৰাজ্যপালক ।
প্ৰশ্ন. অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান?
উত্তৰ. ৫ টা ।
প্ৰশ্ন. অসম বিধান সভাৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত ?
উত্তৰ. ১৪ টা ।
প্ৰশ্ন. অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল ।
উত্তৰ. হলীৰাম ডেকা ।
প্ৰশ্ন. অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি ?
উত্তৰ. হেনৰী যোছেফ টুইনাম ।
প্ৰশ্ন. একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন ?
উত্তৰ. তৰুণ গগৈ ।
প্ৰশ্ন. অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল ?
উত্তৰ. ১৯৯০ চনত ।
প্ৰশ্ন. ১৯২৯ চনত ব্যবস্থাপক সভালৈ নিৰ্বাচিত হৈ মন্ত্রিত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন?
উত্তৰ. কনকলাল বৰুৱা ।
প্ৰশ্ন. বিধান সভাৰ অধ্যক্ষক কোনে নির্বাচন কৰে ?
উত্তৰ. বিধানসভাৰ সদস্যসকলে ।
প্ৰশ্ন. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শহীদ কোন আছিল ?
উত্তৰ. পিয়লি ফুকন ।
প্ৰশ্ন. ১৯৩০ চনত অনুষ্ঠিত লণ্ডনৰ ঘূৰণীয়া মেজমেল'ত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন ?
উত্তৰ. চন্দ্ৰধৰ বৰুৱা ।
প্ৰশ্ন. জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি ?
উত্তৰ. দেৱকান্ত বৰুৱা ।
প্ৰশ্ন. অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰ. ১৯৮৫ চনৰ ১৫ আগষ্টত ।
প্ৰশ্ন. ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদমতে ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হৈছে?
উত্তৰ. ১৭০ নং অনুচ্ছেদ ।
প্ৰশ্ন. অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল ৰূপে (তামিলনাডুত, ১৯৫৮ চনত) কাৰ্যনিৰ্বাহ
কৰিছিল ?
উত্তৰ. বিষ্ণুৰাম মেধি ।
প্ৰশ্ন. অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি ?
উত্তৰ. ৰূপম কুমী ।
প্ৰশ্ন. অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল ?
উত্তৰ. সুৰেন বুঢ়াগোহাঞি ।
প্ৰশ্ন. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল ?
উত্তৰ. পার্বতী কুমাৰ গোস্বামী ।
প্ৰশ্ন. সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্রীসভাত অসমীয়া মহিলা মন্ত্রী কোন আছিল ?
উত্তৰ. ৰেণুকা দেবী বৰকটকী ।
প্ৰশ্ন. অসমৰ প্ৰথম উচ্চ ন্যায়ালয় (গুৱাহাটী হাইকোর্ট) কিমান চনত স্থাপিত হয় ?
উত্তৰ. ১৯৪৮ চনত ।
প্ৰশ্ন. অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা কোন ?
উত্তৰ. চন্দ্রপ্রভা শইকীয়ানী ।
প্ৰশ্ন. অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল ?
উত্তৰ. বনেলি খংমেন ।
প্ৰশ্ন. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকী কোন ?
উত্তৰ. মীৰা শৰ্মা ।
প্ৰশ্ন. অসম বিধান সভাৰ আসন কেইখন ?
উত্তৰ. ১২৬ খন ।
প্ৰশ্ন. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন ?
উত্তৰ. কখনন্দিন আলি আহমেদ ।
প্ৰশ্ন. স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকী কোন আছিল ?
উত্তৰ. চৈয়দ ছাৰ মহম্মদ ছানুল্লা ।
প্ৰশ্ন. স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন ?
উত্তৰ. গোপীনাথ বৰদলৈ ।
Read More 👉 অসমৰ ক্ৰীড়া জগত সাধাৰণ জ্ঞান
প্ৰশ্ন. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন ?
উত্তৰ. চৈয়দা আনোৱাৰা টাইমূৰ ।
প্ৰশ্ন. অসমৰ লোক সভাৰ আসন কেইখন ?
উত্তৰ. ১৪ খন ।
প্ৰশ্ন. অসমৰ স্বীকৃতিপ্রাপ্ত আঞ্চলিক দলটোৰ নাম কি ?
উত্তৰ. অসম গণ পৰিষদ ।
প্ৰশ্ন. পৌৰনিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান ?
উত্তৰ. ৫ বছৰ ।
প্ৰশ্ন. নগৰ সমিতিৰ কাৰ্যকাল কিমান ?
উত্তৰ. ৫ বছৰ ।
প্ৰশ্ন. বৰ্তমান দৌৰ সভাৰ কাৰ্যকাল কিমান ?
উত্তৰ. ৫ বছৰ ।
প্ৰশ্ন. পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?
উত্তৰ. ৩০ জন ।
প্ৰশ্ন. পৌৰনিগমৰ প্ৰধানজনক কি বোলা হয় ?
উত্তৰ. মেয়ৰ ।
প্ৰশ্ন. অসমত বর্তমান ভাৰতীয় জনতা পাৰ্টী লগত সহযোগী দল হিচাপে থকা ৰাজনৈতিক দলটোৰ নাম কি ?
উত্তৰ. বি. পি. এফ ।
প্ৰশ্ন. পৌৰনিগমৰ সর্বোচ্চ সদস্য সংখ্যা কিমান ?
উত্তৰ. ৬০ জন ।
প্ৰশ্ন. গুৱাহাটী পৌৰনিগম কেতিয়া স্থাপন কৰা হয় ?
উত্তৰ. ১৯৭৪ চনত ।
প্ৰশ্ন. গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?
উত্তৰ. ১০ জন ।
প্ৰশ্ন. মুখ্যমন্ত্রীক কোনে নিযুক্তি দিয়ে ?
উত্তৰ. ৰাজ্যপালে ।
প্ৰশ্ন. বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে ?
উত্তৰ. ৰাজ্যপালে ।
প্ৰশ্ন. ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে ?
উত্তৰ. ৩৪৬ নং অনুচ্ছেদত ।
প্ৰশ্ন. বিধান সভাৰ অধিবেশন আহ্বান, ডংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওপৰত ন্যস্ত কৰা হৈছে ?
উত্তৰ. ৰাজ্যপালৰ ।
প্ৰশ্ন. উচ্চ ন্যায়ালৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে ?
উত্তৰ. ৰজ্যপালে ।

