General Knowledge Of Literature And Culture Of Assam
অসমৰ আৰু ভাৰতৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া সম্ভাৱনা মূলক কিছুমান অসমৰ সাহিত্য সংস্কৃতিৰ সাধাৰণ জ্ঞান সমূহ তলত আলোচনা কৰা হৈছে ।
অসমৰ সাহিত্য সংস্কৃতিৰ সাধাৰণ জ্ঞান :-
প্ৰশ্নঃ আলি আই লৃগাং উৎসৱত কৰা নৃত্যক কি বোলা হয় ?
(ক) লাই
(খ) গুমৰাগ পাকচ
(গ) দাঁচাই
(ঘ) গিৰ্কায়
উত্তৰঃ (খ) গুমৰাগ পাকচ ।
প্ৰশ্নঃ তিৱাসকলে প্ৰতি পাঁচবছৰৰ মূৰে মূৰে উদযাপন কৰা উৎসৱটোৰ নাম কি ?
(ক) লেখুন
(খ) ৱান ছাৱা উৎসৱ
(গ) ছগ্রঃ মিছাৱা
(ঘ) জহং উৎসৱ
উত্তৰঃ (খ) ৱান ছাৱা উৎসৱ ।
প্ৰশ্নঃ চাওতালসকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি ?
(ক) দাঁচাই উৎসৱ
(খ) থুবোমাগা
(গ) পঃৰাগ
(ঘ) চৰমাগা
উত্তৰঃ (ক) দাঁচাই উৎসৱ ।
প্ৰশ্নঃ ভাস্কৰবৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি ?
(ক) হর্ষচৰিত
(খ) কালিকা পূৰাণ
(গ) অসম বুৰঞ্জী
(ঘ) ওপৰৰ এখনো নহয়
উত্তৰঃ (ক) হর্ষচৰিত ।
প্ৰশ্নঃ কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
(ক) বিশ্ব সিংহ
(খ) শুক্লধ্বজ
(গ) নৰনাৰায়ণ
(ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰঃ (গ) নৰনাৰায়ণ ।
প্ৰশ্নঃ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
(ক) কুমাৰ ভাস্কৰ বৰ্মন
(খ) পুষ্য বর্মন
(গ) সমুদ্র বর্মন
(ঘ) সুস্থিত বর্মন
উত্তৰঃ (ক) কুমাৰ ভাস্কৰ বৰ্মন ।
প্ৰশ্নঃ আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাঝাৰী ঘাটৰ সন্ধি অনুসৰি মোগলৰ হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম কি ?
(ক) পিজৌ গাভৰু
(খ) ৰমণী গাভৰু
(গ) আজম তৰা
(ঘ) মূলা গাভৰু
উত্তৰঃ (খ) ৰমণী গাভৰু ।
প্ৰশ্নঃ আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত কেতিয়া হৈছিল ?
(ক) ১০০০ খ্রীষ্টাব্দত
(খ) ১২১৫ খ্ৰীষ্টাব্দত
(গ) ১২২৮ খ্ৰীষ্টাব্দত
(ঘ) ১৫৩৬ খ্ৰীষ্টাব্দত
উত্তৰঃ (গ) ১২২৮ খ্ৰীষ্টাব্দত ।
প্ৰশ্নঃ “চগ্রঃ মিছাৱা” আৰু “লেথুন” কোনটো জনগোষ্ঠীয়ে পালন কৰে ?
(ক) তিৱাসকলে
(খ) লালুংসকলে
(গ) ৰাভাসকলে
(ঘ) হাজংসকল
উত্তৰঃ (ক) তিৱাসকলে ।
প্ৰশ্নঃ পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি ?
(ক) শিৱ সিংহ
(খ) লক্ষ্মী সিংহ
(গ) ল'ৰা ৰজা
(ঘ) প্রতাপ সিংহ
উত্তৰঃ (ক) শিৱ সিংহ ।
প্ৰশ্নঃ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি ?
(ক) শিৱ সিংহ
(খ) লক্ষ্মী সিংহ
(গ) জয়ধ্বজ সিংহ
(ঘ) ৰুদ্ৰ সিংহ
উত্তৰঃ (খ) লক্ষ্মী সিংহ ।
প্ৰশ্নঃ সিংহাসনৰ ওপৰত ভাগৱত বা গুণমালা বা কীৰ্ত্তন আদি শাস্ত্ৰ স্থাপন কৰা আবেষ্টনী গৃহটিৰ নাম কি ?
(ক) মণিকূট
(খ) আমহী ঘৰ
(গ) ছোঁঘৰ
(ঘ) গুদামঘৰ
উত্তৰঃ (খ) আমহী ঘৰ ।
প্ৰশ্নঃ বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকী কোন ?
(ক) শিৱ বা মহাদেৱ
(খ) ব্রহ্মা বা প্রজাপতি
(গ) বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণ
(ঘ) শ্ৰীৰামচন্দ্ৰ
উত্তৰঃ (গ) বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণ ।
প্ৰশ্নঃ কামৰূপৰাজ ভাস্কৰবৰ্মনে তলৰ কোনগৰাকী ৰজালৈ উপহাৰ হিচাপে 'আভোগ' নামৰ বস্তুবিধ প্ৰেৰণ কৰিছিল ?
(ক) অশোক
(খ) হৰ্ষবৰ্দ্ধন
(গ) চুকাফা
(ঘ) বাণৰজা
উত্তৰঃ (খ) হৰ্ষবৰ্দ্ধন ।
প্ৰশ্নঃ মেৱাৰৰ ৰাজবংশৰ বিখ্যাত ভক্তিগুৰুজনাৰ নাম কি ?
(ক) সত্যেন্য
(খ) মীৰাবাঈ
(গ) আগুেল
(ঘ) ৰামকৃষ্ণ পৰমহংস
উত্তৰঃ (খ) মীৰাবাঈ ।
প্ৰশ্নঃ অসমত ভক্তি আন্দোলন বা নৱ-বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল ?
(ক) দামোদৰ দেৱ
(খ) গোপাল দেৱ
(গ) শংকৰদেৱ
(ঘ) মাধৱ দেৱ
উত্তৰঃ (গ) শংকৰদেৱ ।
প্ৰশ্নঃ কোনজনা আহোম ৰজাই সৰ্বপ্ৰথম সাংগঠনিকভাৱে আহোম ৰাজপ্রাসাদত এসপ্তাহ দিন ধৰি বিহু উৎসৱ পালন কৰিছিল ?
(ক) গদাধৰ সিংহ
(খ) ৰুদ্ৰসিংহ
(গ) লক্ষ্মী সিংহ
(ঘ) গৌৰীনাথ সিংহ
উত্তৰঃ (খ) ৰুদ্ৰসিংহ ।
প্ৰশ্নঃ নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল ?
(ক) ধর্মপাল
(খ) ৰামচন্দ্ৰন
(গ) নাগশংকৰ
(ঘ) এটাও নহয়
উত্তৰঃ (খ) ৰামচন্দ্ৰন ।
প্ৰশ্নঃ “থুবো মাগা”উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ ?
(ক) মিছিংসকলৰ
(খ) কাৰ্বিসকলৰ
(গ) হাজংসকলৰ
(ঘ) বড়োসকলৰ
উত্তৰঃ (গ) হাজংসকলৰ ।
প্ৰশ্নঃ নামঘৰৰ ছোঁঘৰ কোন দিশত সজা হয় ?
(ক) দক্ষিণ-পশ্চিম দিশত সজা হয়
(খ) পূব-দক্ষিণ দিশত সজা হয়
(গ) দক্ষিণ-উত্তৰ দিশত
(ঘ) উত্তৰ-পশ্চিম দিশত সজা হয়
উত্তৰঃ (ক) দক্ষিণ-পশ্চিম দিশত সজা হয় ।
প্ৰশ্নঃ অসমীয়া গাভৰু অমৃতপ্ৰভাক বিবাহ কৰোৱা কাশ্মীৰৰ ৰজাজনৰ নাম কি ?
(ক) মেঘবাহন
(খ) বব্ৰুবাহন
(গ) ৰামসিংহ
(ঘ) এজনো নহয়
উত্তৰঃ (ক) মেঘবাহন ।
প্ৰশ্নঃ‘গির্কায়’— এবিধ গীতি-নৃত্যৰ অনুষ্ঠান । এই গীতি-নৃত্যৰ অনুষ্ঠানটো কোনটো জনগোষ্ঠীৰ ?
(ক) মিছিংসকলৰ
(খ) ৰাভাসকলৰ
(গ) তিৱাসকলৰ
(ঘ) বড়োসকলৰ
উত্তৰঃ (খ) ৰাভাসকলৰ ।
প্ৰশ্নঃ কোনগৰাকী কমতাৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন টোঘলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল ?
(ক) ধৰ্মনাৰায়ণৰ
(খ) দুর্লভ নাৰায়ণৰ
(গ) ৰূপ নাৰায়ণৰ
(ঘ) ইন্দ্ৰ নাৰায়ণৰ
উত্তৰঃ (খ) দুর্লভ নাৰায়ণৰ ।
প্ৰশ্নঃ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?
(ক) সনাতন ধর্ম
(খ) কৃষ্ণগুৰু ধৰ্ম
(গ) শংকৰী ধৰ্ম
(ঘ) একশৰণ নামধর্ম
উত্তৰঃ (ঘ) একশৰণ নামধর্ম ।
প্ৰশ্নঃ শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ সাৰৰ্ভাগ কি ?
(ক) নামধর্ম
(খ) শাক্তধর্ম
(গ) মূর্তিপূজা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) নামধর্ম ।
প্ৰশ্নঃ ব্রাহ্মণ্য ধৰ্মৰ মূল অৱলম্বন কি ?
(ক) বলি বিধান
(খ) চণ্ডীপাঠ
(গ) মূর্তিপূজা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) মূর্তিপূজা ।
প্ৰশ্নঃ কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি “কমতেশ্বৰ” উপাধি গ্রহণ কৰিছিল ?
(ক) দুর্লভ নাৰায়ণ
(খ) ধৰ্মনাৰায়ণ
(গ) সিন্ধুৰায়
(ঘ) সন্ধ্যা
উত্তৰঃ (ঘ) সন্ধ্যা ।
প্ৰশ্নঃ প্রাচীন অসমত (প্ৰাগজ্যোতিষপুৰ) দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ভৌম বংশ প্রতিষ্ঠা কৰিছিল ?
(ক) মহীৰংগ দানৱ
(খ) ব্ৰজদত্ত
(গ) ভগদত্ত
(ঘ) নৰক ৰজা
উত্তৰঃ (ঘ) নৰক ৰজা ।
প্ৰশ্নঃ কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল ?
(ক) ১২৫০ খ্রীঃত
(খ) ১২৫৩ খ্রীঃত
(গ) ১২৫৫ খ্রীঃত
(ঘ) ১২৬০ খ্রীঃত
উত্তৰঃ (খ) ১২৫৩ খ্রীঃত ।
প্ৰশ্নঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত তলৰ কোনখন যুদ্ধ আৰম্ভ হৈছিল ?
(ক) শৰাইঘাটৰ যুদ্ধ
(খ) ঘিলাঝাৰীঘাটৰ যুদ্ধ
(গ) ইটাখুলি যুদ্ধ
(ঘ) ভৰলীৰ যুদ্ধ
উত্তৰঃ (ক) শৰাইঘাটৰ যুদ্ধ ।
প্ৰশ্নঃ শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল ?
(ক) চক্ৰধ্বজ সিংহ
(খ) জয়ধ্বজ সিংহ
(গ) উদয়াদিত্য সিংহ
(ঘ) প্রতাপ সিংহ
উত্তৰঃ (গ) উদয়াদিত্য সিংহ ।
প্ৰশ্নঃ বাণাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল ?
(ক) প্ৰাগজ্যোতিষপুৰ
(খ) শোণিতপুৰ
(গ) কামৰূপ
(ঘ) কুণ্ডিল
উত্তৰঃ (খ) শোণিতপুৰ ।
প্ৰশ্নঃ'জোনাকী' কাকতৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৮৭৩ চনত
(খ) ১৮৮০ চনত
(গ) ১৮৮২ চনত
(ঘ) ১৮৮৯ চনত
উত্তৰঃ (ঘ) ১৮৮৯ চনত ।
প্ৰশ্নঃ প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) আত্মাৰাম শৰ্মা
(ঘ) যতীন্দ্ৰ নাথ দুৱৰা
উত্তৰঃ (ঘ) যতীন্দ্ৰ নাথ দুৱৰা ।
প্ৰশ্নঃ প্রথম অসমীয়া চুটি গল্পৰ জনক কোন ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) হেমচন্দ্ৰ গোস্বামী
(গ) আত্মাৰাম শৰ্মা
(ঘ) যতীন্দ্ৰ নাথ দুৱৰা
উত্তৰঃ (ক) লক্ষ্মীনাথ বেজবৰুৱা ।
প্ৰশ্নঃ 'প্ৰিয়তমাৰ চিঠি” কবিতাৰ কৰি কোন ?
(ক) হেমচন্দ্ৰ গোস্বামী
(খ) যতীন্দ্ৰনাথ দুৱৰা
(গ) আত্মাৰাম শৰ্মা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ (ক) হেমচন্দ্ৰ গোস্বামী ।
প্ৰশ্নঃ প্রথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন ?
(ক) হেমপ্রভা
(খ) পুষ্পলতা
(গ) নলিনী বালা দেৱী
(ঘ) মীৰা শৰ্মা
উত্তৰঃ (গ) নলিনী বালা দেৱী ।
প্ৰশ্নঃ প্রথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল ?
(ক) বিৰিঞ্চি কুমাৰ বৰুৱা
(খ) পদ্মনাথ গোহাঞি বৰুৱা
(গ) আনন্দৰাম বৰুৱা
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ (খ) পদ্মনাথ গোহাঞি বৰুৱা ।
প্ৰশ্নঃ দেৱজিৎ কাব্যত কিমানটা পদ আছে ?
(ক) সাতশ
(খ) তেৰশ
(গ) বাৰশ
(ঘ) চাৰি
উত্তৰঃ (খ) তেৰশ ।
প্ৰশ্নঃ মাধৱ কন্দলীয়ে বাল্মিকী ৰামায়ণৰ কেইটা কাণ্ড ৰচনা কৰিছিল ?
(ক) পাঁচটা
(খ) দুটা
(গ) সাতটা
(ঘ) ছয়টা
উত্তৰঃ (গ) সাতটা ।
প্ৰশ্নঃ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা এখন নাটকৰ নাম আছিল—
(ক) পাৰিজাত হৰণ
(খ) বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী
(গ) শ্ৰী নিৱাৰণ বৰুৱা
(ঘ) গুণাভিৰাম বৰুৱা
উত্তৰঃ (খ) বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী ।
প্ৰশ্নঃ ‘আসাম নিউজ’ৰ এজন সম্পাদক আছিল—
(ক) হোমেন বৰগোঁহাঞি
(খ) হেমচন্দ্ৰ বৰুৱা
(গ) ও. টি. কাট্টাৰ
(ঘ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰঃ (খ) হেমচন্দ্ৰ বৰুৱা ।
প্ৰশ্নঃ 'ৰাম নৱমী' নাটকখন লিখিছিল—
(ক) মহাপুৰুষ শংকৰদেৱ
(খ) শ্ৰী শ্ৰী মাধৱদেৱ
(গ) লক্ষ্মীনাথ বেজবৰুৱা
(ঘ) গুণাভিৰাম বৰুৱা
উত্তৰঃ (ঘ) গুণাভিৰাম বৰুৱা ।
প্ৰশ্নঃ ‘সুধৰ্মাৰ উপাখ্যান' কোনে ৰচনা কৰিছিল ?
(ক) পদ্মাৱতী দেৱী ফুকননী
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) আনন্দৰাম ঢেকীয়াল ফুকন
(ঘ) ৰঘুনাথ চৌধুৰী
উত্তৰঃ (ক) পদ্মাৱতী দেৱী ফুকননী ।
প্ৰশ্নঃ ‘যাত্রিকৰ যাত্ৰা’ৰ মূল লেখক হ’ল—
(ক) ছলমান ৰুছডী
(খ) জন বনিয়ন
(গ) জন ফ্ৰৱেল
(ঘ) ফুলমণি
উত্তৰঃ (খ) জন বনিয়ন ।
প্ৰশ্নঃ অসমীয়া সাহিত্যত পোন প্ৰথমে কোনগৰাকী
কবিয়ে অমিত্রাক্ষৰ ছন্দ প্ৰয়োগ কৰিছিল ?
(ক) কমলাকান্ত ভট্টাচার্য
(খ) ভোলানথ দাস
(গ) লম্বোদৰ বৰা
(ঘ) ৰমাকান্ত চৌধুৰী
উত্তৰঃ (ঘ) ৰমাকান্ত চৌধুৰী ।
প্ৰশ্নঃ ‘ৰোমাণ্টিক' শব্দটোৰ উৎপত্তি হৈছে—
(ক) গ্ৰীক 'ৰোমাঞ্চ' শব্দটোৰ পৰা
(খ) ফৰাচী ‘ৰোমাঞ্চ’শব্দটোৰ পৰা
(গ) গ্ৰীক ‘ৰোমিনিঅ” শব্দটোৰ পৰা
(ঘ) ফৰাচী ‘ৰোমিনিঅ” শব্দটোৰ পৰা
উত্তৰঃ (খ)ফৰাচী ‘ৰোমাঞ্চ’শব্দটোৰ পৰা ।
Read More:- Assam Gk
Read More:-Assam Geography Gk

