Assam Gk In Assamese Language With MCQ'S
অসমৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া অসমৰ ইতিহাসৰ সাধাৰণ জ্ঞান সমূহ তলত MCQ ৰূপত উল্লেখ কৰা হৈছে।
অসমৰ ইতিহাসৰ সাধাৰণ জ্ঞান:-
প্ৰশ্নঃ অসমৰ চলচ্চিত্ৰ ইতিহাসৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি ?
(ক) ইন্দ্ৰমালতী
(খ) জয়মতী
(গ) এৰা বাটৰ সুৰ
(ঘ) পুবেশ
উত্তৰঃ (খ) জয়মতী ।
প্ৰশ্নঃ বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল ?
(ক) ভাস্কৰ বৰ্মন
(খ) ভীষ্মক
(গ) পুষ্যবর্মন
(ঘ) ভগদত্ত
উত্তৰঃ (গ) পুষ্যবর্মন ।
প্ৰশ্নঃ বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে 'মহাৰাজাধিৰাজ' উপাধি গ্ৰহণ কৰিছিল ?
(ক) ভাস্কৰ বৰ্মন
(খ) সমুদ্র বর্মন
(গ) সুস্থিত বর্মন
(ঘ) পুষ্যবর্মন
উত্তৰঃ (ঘ) পুষ্যবর্মন ।
প্ৰশ্নঃ নামঘৰৰ অংগ কেইটা ?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) ছয়টা
উত্তৰঃ (খ) চাৰিটা ।
প্ৰশ্নঃ কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল ?
(ক) মহেন্দ্ৰ বৰ্মন
(খ) পুষ্যবর্মন
(গ) ভাস্কৰ বৰ্মন
(ঘ) সুস্থিত বর্মন
উত্তৰঃ (গ) ভাস্কৰ বৰ্মন ।
প্ৰশ্নঃ বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্রতিষ্ঠা হয় ?
(ক) ভৌমবংশ
(খ) শালস্তম্ভ বংশ
(গ) খেন বংশ
(ঘ) পাল বংশ
উত্তৰঃ (খ) শালস্তম্ভ বংশ ।
প্ৰশ্নঃ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ?
(ক) সন্ধ্যা
(খ) আৰিমত্ত
(গ) সিন্ধু ৰায়
(ঘ) শালস্তম্ভ
উত্তৰঃ (ঘ) শালস্তম্ভ ।
প্ৰশ্নঃ শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায় ?
(ক) ভৌমবংশ
(খ) শালস্তম্ভ বংশ
(গ) খেন বংশ
(ঘ) পাল বংশ
উত্তৰঃ (ঘ) পাল বংশ ।
প্ৰশ্নঃ পালবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল ?
(ক) ব্ৰহ্ম পাল
(খ) ৰত্ন পাল
(গ) ইন্দ্ৰ পাল
(ঘ) ধৰ্ম পাল
উত্তৰঃ (ক) ব্ৰহ্ম পাল ।
প্ৰশ্নঃ বৈষ্ণৱ সম্প্ৰদায়ৰ প্ৰধান চাৰিবস্তুৰ অন্তৰ্গত তলৰ কোনবিধ নহয় ?
(ক) গুৰু
(খ) দেউ
(গ) নাম
(ঘ) শৰণ
উত্তৰঃ (ঘ) শৰণ ।
প্ৰশ্নঃ অসমৰ পুৰণি নাম কি ?
(ক) প্রাগজ্যোতিষপুৰ
(খ) ৰংপুৰ
(ঘ) অহম
(ঘ) তেজপুৰ ।
প্ৰশ্নঃ কোনগৰাকী ভূঞা শাসনকর্তাই ‘গোমথ’উপাধি গ্রহণ কৰিছিল ?
(ক) গদাধৰে
(খ) নাৰায়ণে
(গ) পনীয়া বৰ কাথে
(ঘ) চণ্ডীবৰে
উত্তৰঃ (খ) নাৰায়ণে ।
প্ৰশ্নঃ প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ কি ?
(ক) ভীষ্ম পর্ব
(খ) কর্ণ পর্ব
(গ) বন পর্ব
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) কর্ণ পর্ব ।
প্ৰশ্নঃ প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰুবংশৰ কালৈ বিয়া দিয়া হৈছিল ?
(ক) মুধিষ্ঠিৰ
(খ) ভীম
(গ) অর্জুন
(ঘ) দুর্যোধন
উত্তৰঃ (ঘ) দুর্যোধন ।
প্ৰশ্নঃ নাগাক্ষ বংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল ?
(ক) ধর্মপাল
(খ) ৰামচন্দ্ৰই
(গ) নাগশংকৰ
(ঘ) এটাও নহয়
উত্তৰঃ (খ) ৰামচন্দ্ৰই ।
প্ৰশ্নঃ বিশ্বনাথ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?
(ক) আৰিমত্তৰ মন্ত্ৰী সমুদ্রই
(খ) আৰিমত্ত বজাই
(গ) নৰনাৰায়ণ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) আৰিমত্তৰ মন্ত্ৰী সমুদ্রই ।
প্ৰশ্নঃ জডালবলাহু কোন ?
(ক) আৰিমত্তৰ মন্ত্ৰী
(খ) আৰিমত্তৰ সেনাপতি
(গ) আৰিমত্ত বজাৰ পুতেক
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) আৰিমত্ত বজাৰ পুতেক ।
প্ৰশ্নঃ কাশ্মীৰৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰু গৰাকী কোন আছিল ?
(ক) অমৃতপ্রভা
(খ) ৰমণী গাভৰু
(গ) মূলা গাভৰু
(ঘ) ৰঙিলী গাভৰু
উত্তৰঃ (ক) অমৃতপ্রভা ।
প্ৰশ্নঃ বৃহৎ সাম্রাজ্যবাদী নীতি গ্ৰহণ কৰা প্ৰাগজ্যোতিষৰ প্ৰথম গৰাকী ৰজাৰ নাম কি ?
(ক) ভাস্কৰবৰ্মন
(গ) সন্ধ্যা
(গ) মহেন্দ্ৰ বৰ্মন
(ঘ) হৰ্ষবৰ্দ্ধন
উত্তৰঃ (গ) মহেন্দ্ৰ বৰ্মন ।
প্ৰশ্নঃ প্রাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি ?
(ক) হর্ষচৰিত
(খ) যোগিনী তন্ত্র
(গ) কালিকা পুৰাণ
(ঘ) ৰামায়ণ
উত্তৰঃ (গ) কালিকা পুৰাণ ।
প্ৰশ্নঃ অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল ?
(ক) বাণাসুৰ
(খ) মহীৰংগ দানৱ
(গ) ভীষ্মক
(ঘ) ভগদত্ত
উত্তৰঃ (খ) মহীৰংগ দানৱ ।
প্ৰশ্নঃ বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ (তেতিয়া প্ৰাগজ্যোতিষপুৰ) ৰজাই অংশগ্ৰহণ কৰিছিল ?
(ক) ভাস্কৰ বৰ্মন
(খ) ভীষ্মক
(গ) নৰক
(ঘ) ভগদত্ত
উত্তৰঃ (ঘ) ভগদত্ত ।
প্ৰশ্নঃ তেজপুৰস্থিত মহাভৈৰৱ শিৱমন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰাইছিল ?
(ক) বাণাসুৰ
(খ) ভীষ্মক
(গ) নৰক
(ঘ) ভগদত্ত
উত্তৰঃ (ক) বাণাসুৰ ।
প্ৰশ্নঃ আহোম স্বৰ্গদেউসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ?
(ক) প্ৰায় দুশ বছৰ
(খ) প্ৰায় তিনিশ বছৰ
(গ) প্রায় পাঁচশ বছৰ
(ঘ) প্রায় ছশ বছৰ
উত্তৰঃ (ঘ) প্রায় ছশ বছৰ ।
প্ৰশ্নঃ 'A Geographical Sketch of Assam' নামৰ গ্ৰন্থখন কোনে লিখিছিল ?
(ক) ডেভিদ স্কটে
(খ) নিউভিলে
(গ) জন মেককোছে
(ঘ) পীটাৰ ৱেদ
উত্তৰঃ (ঘ) পীটাৰ ৱেদ ।
প্ৰশ্নঃ বুৰঞ্জী বিবেক ৰত্ন' পুথিখনৰ লেখক কোন ?
(ক) সূৰ্য্য কুমাৰ ভূঞা
(খ) মণিৰাম দেৱান
(গ) সৰ্বানন্দ ৰাজকোঁৱৰ
(ঘ) জগন্নাথ বৰুৱা
উত্তৰঃ (খ) মণিৰাম দেৱান ।
প্ৰশ্নঃ 'তুংখুঙীয়া বুৰঞ্জী' কোনে লিখিছিল?
(ক) সূৰ্য্য কুমাৰ ভূঞা
(খ) মণিৰাম দেৱান
(গ) সৰ্বানন্দ ৰাজকোঁৱৰ
(ঘ) শ্ৰীনাথ দুৱৰা বৰবৰুৱা
উত্তৰঃ (ঘ) শ্ৰীনাথ দুৱৰা বৰবৰুৱা ।
প্ৰশ্নঃ দৰং ৰাজবংশাৱলীৰ লেখক কোন ?
(ক) সূৰ্য্যখড়ি দৈৱজ্ঞ
(খ) মণিৰাম দেৱান
(গ) সৰ্বানন্দ ৰাজকোঁৱৰ
(ঘ) শ্ৰীনাথ দুৱৰা বৰবৰুৱা
উত্তৰঃ (ক) সূৰ্য্যখড়ি দৈৱজ্ঞ ।
প্ৰশ্নঃ তৰকাট-ই-নাচিৰী গ্ৰন্থখনিৰ ৰচক কোন ?
(ক) আলউদ্দিন ইস্পাহানি
(খ) মিনহাজুদ্দিন-উচ-চিৰাজ
(গ) আবুল ফজল
(ঘ) ছিহাবুদ্দিন তালিছ
উত্তৰঃ (খ) মিনহাজুদ্দিন-উচ-চিৰাজ ।
প্ৰশ্নঃ মানৰ আক্ৰমণৰ সময়ত কলিকতালৈ পলাই যোৱা আহোম ৰজাজনৰ নাম কি ?
(ক) পুৰন্দৰ সিংহ
(খ) গৌৰীনাথ সিংহ
(গ) চন্দ্ৰকান্ত সিংহ
(ঘ) উদয়াদিত্য সিংহ
উত্তৰঃ (ক) পুৰন্দৰ সিংহ ।
প্ৰশ্নঃ ইংৰাজক খেদি অসমত আহোমৰ ৰাজত্ব পুনৰ স্থাপনৰ বাবে প্ৰচেষ্টা চলোৱা ব্যক্তি দুগৰাকী কোন কোন ?
(ক) মণিৰাম দেৱান আৰু পিয়লি ফুকন
(খ) কুশল কোঁৱৰ আৰু মণিৰাম দেৱান
(গ) গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বুঢ়াগোঁহাই
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বুঢ়াগোঁহাই ।
প্ৰশ্নঃ আহোমৰ শাসনৰ সময়ত প্ৰৱৰ্তিত পাইক প্ৰথা কিমান বছৰ বয়সৰ একোজন কৰ্মঠ মানুহক পাইক বুলি কোৱা হয় ?
(ক) ১২-৪০ বছৰ বয়সৰ ভিতৰৰ
(খ) ১৩-৪৫ বছৰ বয়সৰ ভিতৰৰ
(গ) ১৪-৪৮ বছৰ বয়সৰ ভিতৰৰ
(ঘ) ১৬-৫০ বছৰ বয়সৰ ভিতৰৰ
উত্তৰঃ (ঘ) ১৬-৫০ বছৰ বয়সৰ ভিতৰৰ ।
প্ৰশ্নঃ 'কাঁড়ী' পাইক বুলিলে কি বুজা যায় ?
(ক) বাধ্যতামূলক গা-খাটনিৰ পৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্রজা
(খ) কাঁড় বা তীৰ চলাব পৰা ধনুৰ্ধাৰী একশ্ৰেণীৰ প্ৰজা বা পাইক
(গ) কড়ি খেলত সুদক্ষ এক শ্ৰেণীৰ খেলুৱৈ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) বাধ্যতামূলক গা-খাটনিৰ পৰা সাধাৰণতে ৰেহাই নোপোৱা কৃষক প্রজা ।
প্ৰশ্নঃ আহোমসকলৰ ৰাজধানীত থকা ফুকনসকলে কাৰ অধীনত কাম কৰিব লাগিছিল ?
(ক) বৰফুকনৰ অধীনত
(খ) বৰবৰুৱাৰ অধীনত
(গ) ৰজাৰ অধীনত
(ঘ) সেনাপতিৰ অধীনত
উত্তৰঃ (খ) বৰবৰুৱাৰ অধীনত ।
প্ৰশ্নঃ তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল ?
(ক) শৰাইঘাটৰ যুদ্ধ
(খ) মোৱামৰীয়া বিদ্ৰোহ
(গ) মানৰ আক্ৰমণ
(ঘ) লতা-কটা ৰণ
উত্তৰঃ (গ) মানৰ আক্ৰমণ ।
প্ৰশ্নঃ আহোমসকলৰ তলৰ কোনটো ধৰ্মীয় উৎসৱ নহয় ?
(ক) বাথৌ পূজা
(খ) চাইফা
(গ) চাইকাই
(ঘ) চুমদেউ
উত্তৰঃ (ক) বাথৌ পূজা ।
প্ৰশ্নঃ অসমৰ চলচ্চিত্ৰ ইতিহাসৰ প্ৰথম গৰাকী চলচ্চিত্ৰ পৰিচালকৰ নাম কি ?
(ক) জ্যোতিপ্ৰসাদ আগৰৱালা
(খ) প্রমথেশ বৰুৱা
(গ) ভূপেন হাজৰিকা
(ঘ) বিষ্ণুপ্ৰসাদ ৰাভা
উত্তৰঃ (খ) প্রমথেশ বৰুৱা ।
প্ৰশ্নঃ কোনজন কবি সাহিত্যিকে জ্যোতির্বিজ্ঞান বিষয়ক গ্রন্থ 'সূর্যসিদ্ধান্ত' অসমীয়ালৈ ‘ভাশ্বতি' নামেৰে অনুবাদ কৰিছিল ?
(ক) কবিৰাজ চক্ৰৱৰ্তী
(খ) শম্ভুনাথ
(গ) হেম সৰস্বতী
(ঘ) পীতাম্বৰ দ্বিজ
উত্তৰঃ (ক) কবিৰাজ চক্ৰৱৰ্তী ।
প্ৰশ্নঃ আহোম যুগত অসমীয়া বেপাৰীয়ে মোগল ব্যৱসায়ীৰ লগত পাটমুগা কাপোৰ সলাই কি সংগ্ৰহ কৰিছিল ?
(ক) সোণ
(খ) খাৰবাৰন্দ
(গ) গুড়
(ঘ) নিমখ
উত্তৰঃ (ঘ) নিমখ ।
প্ৰশ্নঃ কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল ?
(ক) চুক্লেনমুং গড়গঞা ৰজাৰ
(খ) ৰুদ্ৰ সিংহ
(গ) চক্ৰধ্বজ সিংহ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) চুক্লেনমুং গড়গঞা ৰজাৰ ।
প্ৰশ্নঃ আহোমৰাজ দিহিঙীয়া ৰজাৰ দিনত ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰাৰ অপৰাধত দোষী সাব্যস্ত হৈ নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যাব লগা হোৱা অসমৰ ব্যক্তিজন কোন ?
(ক) শংকৰদেৱ
(খ) গদাপাণি
(গ) লালুকসোলা বৰফুকন
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) শংকৰদেৱ ।
প্ৰশ্নঃ কাৰ নেতৃত্বত ব্ৰহ্ম সংহতিৰ জন্ম হৈছিল ?
(ক) শংকৰদেৱ
(খ) মাধৱদেৱ
(গ) দামোদৰদেৱ
(ঘ) পীতাম্বৰদেৱ
উত্তৰঃ (গ) দামোদৰদেৱ ।
প্ৰশ্নঃ কামৰূপৰাজ ভাস্কৰবৰ্মনে বন্ধু হৰ্ষবৰ্দ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা 'আভোগ' নামৰ বস্তুবিধ কি ?
(ক) এটা হাতী
(খ) এটা ছাতি
(গ) এখন তাম্ৰফলি
(ঘ) এখন সোণৰ কাহী
উত্তৰঃ (খ) এটা ছাতি ।
প্ৰশ্নঃ ' তন্ত্ৰ' শব্দৰ অৰ্থ কি ?
(ক) বৃদ্ধি কৰা
(খ) শাসনক বুজোৱা
(গ) তন্ত্র-মন্ত্ৰ বুজোৱা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) বৃদ্ধি কৰা ।
READ MORE:-Science Gk
READ MORE:-Geography Gk
READ MORE:-Indai All State Capital Gk

