Top 50+ World Geography MCQ in Assamese Language
অসমৰ বিভিন্ন ধৰণৰ চাকৰি প্ৰাৰ্থীয়ে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা Top 50+ World Geography MCQ in Assamese language ভূগোল ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় বিশ্ব ভূগোল প্ৰশ্ন আৰু উত্তৰ সমূহ তলত আলোচনা কৰা হৈছে ।
বিশ্ব ভূগোলৰ সাধাৰণ জ্ঞান:-
প্ৰশ্নঃ তলৰ কোনখন চহৰক 'আৰৱৰ সাগৰৰ ৰাণী' বুলি কোৱা হয়—
(ক) মুম্বাই
(খ) কোচি
(গ) কালিকট
(ঘ) মাংগালোৰ
উত্তৰঃ (খ) কোচি ।
প্ৰশ্নঃ তলৰ কোনখন নদী উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগৰ মাজেদি বৈ গৈছে ?
(ক) গংগা
(খ) নর্মদা
(গ) যমুনা
(ঘ) চম্বল
উত্তৰঃ (ক) গংগা ।
প্ৰশ্নঃ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয় ?
(ক) উত্তৰাঞ্চল
(খ) ছত্তিশগড়
(গ) মেঘালয়
(ঘ) ঝাৰখণ্ড
উত্তৰঃ (গ) মেঘালয় ।
প্ৰশ্নঃ তলৰ কোনকেইখন নদী ভাৰত মহাসাগৰলৈ বৈ যোৱা ভাৰতৰ নদী -
(ক) ব্রহ্মপুত্র, নর্মদা, মহানদী, তাপ্তী, গংগা
(খ) ছালউইন, ইৰাৱতী, ইউফ্রেটিছ, টাইগিছ
(গ) নীল, কাবেৰী, সোৱণশিৰী, ভৱা
(ঘ) এটাও নহয়
উত্তৰঃ (ক) ব্রহ্মপুত্র, নর্মদা, মহানদী, তাপ্তী, গংগা ।
প্ৰশ্নঃ তলৰ কোনখন নদী বিন্ধ্য পর্বত আৰু সাতপুৰা পৰ্বতৰ মাজৰ শৃংগৰপৰা বৈ আহিছে ?
(ক) তাপ্তী
(খ) চম্বল
(গ) সোণ
(ঘ) নর্মদা
উত্তৰঃ (ঘ) নর্মদা ।
প্ৰশ্নঃ সিন্ধু নদীৰ উৎপত্তিস্থল -
(ক) লাডাখ
(খ) নেপাল
(গ) তিব্বত
(ঘ) চীন
উত্তৰঃ (গ) তিব্বত ।
প্ৰশ্নঃ ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ?
(ক) পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান
(খ) কৰবেট ৰাষ্ট্ৰীয় উদ্যান
(গ) সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
(ঘ) বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান
উত্তৰঃ (খ) কৰবেট ৰাষ্ট্ৰীয় উদ্যান ।
প্ৰশ্নঃ কেন্দ্রীয় শাসিত অঞ্চল পাৰা দ্বীপৰ প্ৰধান ৰপ্তানীকৃত দ্ৰব্য তলৰ কোনবিধ ?
(ক) ধান
(খ) চাহপাত
(গ) লোৰ আকৰ
(ঘ) মাছ
উত্তৰঃ (গ) লোৰ আকৰ ।
প্ৰশ্নঃ ভাৰতৰ দীৰ্ঘ দূৰত্বৰ ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈকে চলে ?
(ক) ডিব্ৰুগড়ৰ পৰা বাংগালুৰুলৈ
(খ) ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ
(গ) কন্যাকুমাৰীৰ পৰা জম্মু-কাশ্মীৰলৈ
(ঘ) কন্যাকুমাৰীৰ পৰা মাকুমলৈ
উত্তৰঃ (খ) ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ ।
প্ৰশ্নঃ নতুন দিল্লী-আম্বালা-জলন্ধৰ-অমৃতসৰ' সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ?
(ক) 1 নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) 16 নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) 26 নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰঃ (ক) 1 নং ৰাষ্ট্ৰীয় ঘাইপথ ।
প্ৰশ্নঃ বিশ্বৰ উচ্চতম স্থানত থকা পথটো-
(ক) ছিমলাৰ পৰা মানালিলৈ
(খ) কলকাৰ পৰা ছিমলালৈ
(গ) মনালিৰ পৰা লেইলৈ
(ঘ) এটাও নহয়
উত্তৰঃ (গ) মনালিৰ পৰা লেইলৈ ।
প্ৰশ্নঃ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটোৱে তলৰ কোন দুখন ঠাইক সংযোগ কৰিছে ?
(ক) দিল্লী আৰু মুম্বাই
(খ) কলকাতা আৰু চেন্নাই
(গ) শ্ৰীনগৰ আৰু কন্যাকুমাৰী
(ঘ) দিল্লী আৰু আহমেদাবাদ
উত্তৰঃ (গ) শ্ৰীনগৰ আৰু কন্যাকুমাৰী ।
প্ৰশ্নঃ তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথে মুম্বাই আৰু দিল্লীক সংযোগ কৰিছে ?
(ক) 10 নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) 12 নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) 6নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰঃ (ক) 10 নং ৰাষ্ট্ৰীয় ঘাইপথ ।
প্ৰশ্নঃ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ?
(ক) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰঃ (গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
প্ৰশ্নঃ ভাৰতৰ দীৰ্ঘতম নদী দলংখনৰ (ড০ ভূপেন হাজৰিকা সেতু) দৈর্ঘ্য কিমান ?
(ক) ৯ কিঃ মিঃ
(খ) ৯.১৫৩ কিঃ মিঃ
(গ) ৮.৫৭৫ কিঃ মিঃ
(ঘ) ৯.৬৮৫ কিঃ মিঃ
উত্তৰঃ (খ) ৯.১৫৩ কিঃ মিঃ ।
প্ৰশ্নঃ ভাৰতৰ দীৰ্ঘতম সাগৰীয় দলং-
(ক) ৰবীন্দ্ৰ সেতু
(খ) আন্না ইন্দিৰা গান্ধী সেতু
(গ) মহাত্মা গান্ধী সেতু
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) আন্না ইন্দিৰা গান্ধী সেতু ।
প্ৰশ্নঃ সম্প্রতি ছিক্স লেন এক্সপ্ৰেছ পথেৰে (Glane express way ) কোন দুখন মহানগৰৰ সংযোগ ঘটোৱা হৈছে ?
(ক) ইছলামাবাদ আৰু লাহোর
(খ) মুম্বাই আৰু পুনে
(গ) আহমেদাবাদ আৰু বদোদাৰ
(ঘ) দিল্লী আৰু বাংগালুক
উত্তৰঃ (খ) মুম্বাই আৰু পুনে ।
প্ৰশ্নঃ ভাৰতৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ মহাৰাষ্ট্ৰ, ছত্তিশগড় আৰু উৰিষ্যাৰ মাজেৰে পাৰ হৈ গৈছে ?
(ক) 5 নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) 6 নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) ৪ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰঃ (খ) 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ।
প্ৰশ্নঃ ভাৰতৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ 'ৰাজধানী ৰে'ল সেৱা'-
(ক) 2429 বাংগালুৰু চিটি জংশন
(খ) 2433 চেন্নাই চেন্ট্ৰেল
(গ) 2431 জিবাদ চেণ্ট্ৰেল
(ঘ) 2435 ডিব্ৰুগড় টাউন
উত্তৰঃ (গ) 2431 জিবাদ চেণ্ট্ৰেল ।
প্ৰশ্নঃ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয় আছে-
(ক) পল্টনবজাৰ
(খ) মালিগাঁও
(গ) ৰঙিয়া
(ঘ) ডিব্ৰুগড়
উত্তৰঃ (খ) মালিগাঁও ।
প্ৰশ্নঃ ভাৰতত সম্প্ৰতি কিমানটা আন্তর্জাতিক বিমান বন্দৰ আছে ?
(ক) 8 টা
(খ) 10 টা
(গ) 12 টা
(ঘ) 20 টা
উত্তৰঃ (ঘ) 20 টা ।
প্ৰশ্নঃ ভাৰতত সম্প্ৰতি তিনিধৰণৰ ৰেল লাইন প্রচলিত। তলৰ কোনবিধ ইয়াৰ অন্তৰ্গত নহয় ?
(ক) নেৰ' গজ
(খ) মেডিয়াম গজ
(গ) ব্রড গজ
(ঘ) মিটাৰ গজ
উত্তৰঃ (খ) মেডিয়াম গজ ।
প্ৰশ্নঃ কিমান চনত ভাৰতৰ ব্যক্তিগত বিমান পৰিবহণ কোম্পানীসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হয় ?
(ক) 1950 চনত
(খ) 1951 চনত
(গ) 1952 চনত
(ঘ) 1953 চনত
উত্তৰঃ (ঘ) 1953 চনত ।
প্ৰশ্নঃ তলৰ কোনখন ৰাজ্যই শক্তি বিতৰণ (Power distribution) কার্যক্রমটো সম্পূর্ণভাবে ব্যক্তিগতকৰণ কৰে ?
(ক) পশ্চিমবংগ
(খ) উত্তৰপ্ৰদেশ
(গ) উৰিষ্যা
(ঘ) মহাৰাষ্ট্ৰ
উত্তৰঃ (ঘ) মহাৰাষ্ট্ৰ ।
প্ৰশ্নঃ ভাৰতৰ তলৰ কোনবিধ কৃষিকাৰ্যত সৰ্বাধিক পৰিমাণে জলসিঞ্চনৰ পানী প্ৰয়োগ বা ব্যৱহাৰ কৰা হয় ?
(ক) ধান
(খ) ঘেঁহু
(গ) কুঁহিয়াৰ
(ঘ) মাহজাতীয় শস্য
উত্তৰঃ (খ) ঘেঁহু ।
প্ৰশ্নঃ ভাৰতৰ সৰ্ববৃহৎ কয়লাখনি আছে—
(ক) ৰাণীগঞ্জ
(খ) বোকাৰো
(গ) ঝাৰিয়া
(ঘ) গিৰডিহ
উত্তৰঃ (ক) ৰাণীগঞ্জ ।
প্ৰশ্নঃ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক মাছ উৎপাদন কৰা হয় ?
(ক) পশ্চিমবংগ
(খ) কেৰালা
(গ) তামিলনাড়ু
(ঘ) উৰিষ্যা
উত্তৰঃ (খ) কেৰালা ।
প্ৰশ্নঃ 'ভাৰতৰ মচলাৰ উদ্যান' বুলিলে কোন ঠাইক বুজা যায় ?
(ক) কেৰালা
(খ) পশ্চিমবংগ
(গ) তামিলনাড়ু
(ঘ) উৰিষ্যা
উত্তৰঃ (ক) কেৰালা ।
প্ৰশ্নঃ ‘সোণালী মন্দিৰৰ চহৰ' বুলিলে তলৰ কোনখন ঠাইক বুজা যায় ?
(ক) অমৰনাথ
(খ) অমৃতস
(গ) পুষ্কৰ
(ঘ) বৃন্দাবন
উত্তৰঃ (খ) অমৃতস ।
প্ৰশ্নঃ ৰাজপ্রাসাদৰ চহৰ' তলৰ কোনখন ঠাইক কোৱা হয় ?
(ক) মুম্বাই
(খ) দিল্লী
(গ) কলকাতা
(ঘ) ছেন্নাই
উত্তৰঃ (গ) কলকাতা ।
প্ৰশ্নঃ ভাৰতৰ উদ্যান চহৰ' বুলি কোন ঠাইক কোৱা হয় ?
(ক) বাংগালুৰু
(খ) জয়পুৰ
(গ) অজন্তা-ইলোৰা
(ঘ) এটাও নহয়
উত্তৰঃ (ক) বাংগালুৰু ।
প্ৰশ্নঃ ভাৰতৰ দুৱাৰমুখ' (Gateway of India) বুলিলে কোন ঠাইক বুজায় ?
(ক) দিল্লী
(খ) কলিকতা
(গ) চেন্নাই
(ঘ) মুম্বাই
উত্তৰঃ (ঘ) মুম্বাই ।
প্ৰশ্নঃ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক 'পঞ্চনদীৰ দেশ' বুলি কোৱা হয় ?
(ক) হাৰিয়ানা
(খ) পঞ্জাৱ
(গ) বিহাৰ
(ঘ) কাশ্মীৰ
উত্তৰঃ (খ) পঞ্জাৱ ।
প্ৰশ্নঃ ভাৰতৰ কোন ঠাইক'গুলপীয়া চহৰ' আখ্যা দিয়া হয় ?
(ক) জামছেদপুৰ
(খ) বাংগালুৰু
(গ) জয়পুৰ
(ঘ) মনালী
উত্তৰঃ (গ) জয়পুৰ ।
প্ৰশ্নঃ প্ৰাচ্যৰ ভেনিচ বুলিলে বুজা যায় –
(ক) বিশাখাপট্টনম
(খ) কোচিন
(গ) মালৱাৰ
(ঘ) ৰাচী
উত্তৰঃ (খ) কোচিন ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত জলপ্রপাত আছে ?
(ক) ধুবুৰীৰ বিলাসীপাৰাত আৰু বাগছাৰ মুছলপুৰত
(খ) লখিমপুৰত ঢকুৱাখনাত আৰু শিৱসাগৰৰ সোণাৰীত
(গ) নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত
(ঘ) শোণিতপুৰৰ গহপুৰ আৰু হাইলাকান্দিৰ বদৰপুৰত
উত্তৰঃ (গ) নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত ।
প্ৰশ্নঃ ভাৰতৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কোন ঠাইত কেতিয়া স্থাপন কৰা হয় ?
(ক) ২০০১ চনৰ ২২ আগষ্টত মানসত
(খ) ২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙাত
(গ) ২০০৩ চনৰ ২৯ আগষ্টত ওৰাঙত
(ঘ) ২০০৪ চনৰ ৩০ আগষ্টত কাজিৰঙাত
উত্তৰঃ (খ) ২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙাত ।
প্ৰশ্নঃ গংগা নদী বৈ গৈছে –
(ক) উত্তৰ মহাসাগৰলৈ
(খ) ভাৰত মহাসাগৰলৈ
(গ) প্ৰশান্ত মহাসাগৰলৈ
(ঘ) আটলান্টিক মহাসাগৰলৈ
উত্তৰঃ (খ) ভাৰত মহাসাগৰলৈ ।
Read More:-GEOGRAPHY OF ASSAM
Read More:-SCIENCE GK

