Assam History Gk | Best Assam History MCQ’s With Answers

Assam History Gk | Best Assam History MCQ’s With Answers 

অসমৰ ‌ইতিহাসৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহাৰ উপৰিও আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত বহূ সহায় কৰিব । অসমৰ ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ সমূহ তলত উল্লেখ কৰা হৈছে ।

Assam History Gk | Best Assam History MCQ’s With Answers


ASSAM HISTORY GK IN ASSAMESE LANGUAGE:-


প্ৰশ্নঃ আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱটো কি ?

(ক) ফৰকাণ্টি

(খ) দাঁচাই পূজা

(গ) খেৰাই পূজা

(ঘ) মে-ডাম মে-ফি


উত্তৰঃ (ঘ) মে-ডাম মে-ফি ।


প্ৰশ্নঃ আহোমৰ শাসন কালত জ্যোতিষশাস্ত্ৰৰ চৰ্চা আৰু ৰাজপুৰোহিতৰ কাম-কাজত জড়িত নথকা পৰিয়াল কোনটো ?

(ক) দেউধাই

(খ) মহন

(গ) বাইলুং

(ঘ) সন্দিকৈ


উত্তৰঃ (ঘ) সন্দিকৈ ।


প্ৰশ্নঃ আহোম পুৰোহিতসকলে সম্ভ্রান্ত শ্ৰেণীৰ সন্তানক টাই ভাষাত ধৰ্ম সংক্রান্তীয় শিক্ষা আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিয়ম সম্পর্কে শিক্ষা দিয়া শিক্ষানুষ্ঠানটোৰ নাম কি ?

(ক) টোল

(খ) পঢ়াশালি

(গ) চাং

(ঘ) শিঙৰি ঘৰ


উত্তৰঃ (গ) চাং ।


প্ৰশ্নঃ আহোম স্বৰ্গদেউ আৰু ডা-ডাঙৰীয়াসকলৰ মৃত্যু হ'লে মৃতকৰ অস্থি গংগা আৰু অন্যান্য তীর্থস্থানসমূহত লগাবলৈ দায়িত্ব দিয়া বিশেষ খেলটোৰ নাম কি ?

(ক) বৈৰাগী

(খ) খাউণ্ড

(গ) ব্রাহ্মণ

(ঘ) দলৈ


উত্তৰঃ (খ) খাউণ্ড ।


প্ৰশ্নঃ আহোমৰ শাসনৰ সময়ত দেশৰ আয়-ব্যয় আৰু মাটিৰ হিচাপ ৰখাৰ দায়িত্ব কাৰ ওপৰত দিয়া হৈছিল ?

(ক) কটকীসকলৰ ওপৰত 

(খ) কাকতিসকলৰ ওপৰত 

(গ) গণকসকলৰ ওপৰত 

(ঘ) বৰফুকনৰ ওপৰত


উত্তৰঃ (খ) কাকতিসকলৰ ওপৰত ।


প্ৰশ্নঃ আহোম স্বৰ্গদেউ আৰু অন্যান্য ঠাইৰ ৰজা মহাৰজাসকলৰ লগত সংযোগ স্থাপন কৰা আৰু চিঠিপত্ৰ অনা নিয়াৰ দায়িত্ব পালন কৰা বিশেষ শ্রেণীটো কি ?

(ক) বৈৰাগী

(খ) কাকতী

(গ) ভাট

(ঘ) কটকী


উত্তৰঃ (ঘ) কটকী ।


প্ৰশ্নঃ দেশৰ ভৱিষ্যত ভাল-বেয়া গণনা কৰা আৰু ৰজাৰ অন্যান্য বিষয়াসকলৰ জন্মপত্রিকা তৈয়াৰ কৰা আহোমৰ বিশেষ শ্ৰেণীটোৰ নাম কি ?

(ক) গণক

(খ) পুৰোহিত

(গ) কাকতি

(ঘ) দলৈ


উত্তৰঃ (ঘ) দলৈ ।


প্ৰশ্নঃ আহোমৰ শাসনত সম্ভ্রান্তসকলে কিহত উঠি ঘূৰা-ফুৰা কৰিব পাৰিছিল ?

(ক) ঘোঁৰাত 

(খ) দোলাত

(গ) হাতীত

(ঘ) পাঙ্কিত


উত্তৰঃ (খ) দোলাত ।


প্ৰশ্নঃ আহোমসকলৰ দিনত গান-বাদ্য আদি পৰিচালনা কৰিবৰ বাবে এজন বিষয়া নিযুক্তি দিয়া হৈছিল। তেওঁ কোন ?

(ক) বায়ন

(খ) গায়ন বৰুৱা

(গ) হাতীবৰুৱা

(ঘ) দেৱদাস


উত্তৰঃ (খ) গায়ন বৰুৱা ।


প্ৰশ্নঃ আহোমৰ শাসনকালত ৰাজ্যৰ বনজ সম্পদৰ ওপৰত তদাৰক কৰিবলৈ নিযুক্ত কৰা বিষয়া দুজন কোন ?

(ক) বৰফুকন আৰু বৰগোহাই

(খ) হাবিয়াল বৰুৱা আৰু কাঠকটীয়া বৰুৱা

(গ) গোহাঁই আৰু গগৈ

(ঘ) বৰবৰুৱা আৰু বৰুৱা


উত্তৰঃ (খ) হাবিয়াল বৰুৱা আৰু কাঠকটীয়া বৰুৱা ।


প্ৰশ্নঃ আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয় ?

(ক) গন্ধর্ব বিবাহ

(খ) প্রেমবিবাহ

(গ) চকলং

(ঘ) ওপৰৰ এটাও নহয়


উত্তৰঃ (গ) চকলং ।


প্ৰশ্নঃ স্বৰ্গদেউ শিৱ সিংহ কিয় ৰাজপাটত উঠা নাছিল ?

(ক) তেওঁ ৰজা হোৱাৰ যোগ্য নাছিল

(খ) তেওঁ অসুখীয়া কাৰণে

(গ) ৰজাঘৰীয়া দৈৱজ্ঞই ভৱিষ্যৎবাণী কৰা কাৰণে

(ঘ) তেওঁ নিজৰ ৰাণীসকলৰ কথা মানি চলিছিল


উত্তৰঃ (গ) ৰজাঘৰীয়া দৈৱজ্ঞই ভৱিষ্যৎবাণী কৰা কাৰণে ।


প্ৰশ্নঃ অসমৰ কোনটো জনগোষ্ঠীয়ে ‘বায়খু’আৰু 'ফকাণ্টি' উৎসৱ পালন কৰে ?

(ক) চাওতালসকলে

(খ) বড়োসকলে

(গ) ৰাভাসকলে

(ঘ) কাৰ্বিসকলে


উত্তৰঃ (গ) ৰাভাসকলে ।


প্ৰশ্নঃ বৰ ৰজা ফুলেশ্বৰীয়ে ক'ত পঢ়াশালী স্থাপন কৰিছিল ?

(ক) গড়গাঁৱত

(খ) চৰাইদেউত

(গ) গৌৰী সাগৰত

(ঘ) ৰংপুৰত


উত্তৰঃ (ঘ) ৰংপুৰত ।


প্ৰশ্নঃ ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি ?

(ক) গোমধৰ কোঁৱৰ

(খ) পিয়লি ফুকন

(গ) মণিৰাম দেৱান

(ঘ) লেচাই কোঁৱৰ


উত্তৰঃ (ক) গোমধৰ কোঁৱৰ ।


প্ৰশ্নঃ মে-ডাম মে-ফি উৎসৱটো বছৰৰ কোন দিনটোত উদযাপন কৰা হয় ?

(ক) ১ জানুৱাৰীত

(খ) ১৫ জানুৱাৰীত

(গ) ৩১ জানুৱাৰীত

(ঘ) ২০ জানুৱাৰীত


উত্তৰঃ (গ) ৩১ জানুৱাৰীত ।


প্ৰশ্নঃ ঐতিহাসিক 'জোনবিল মেলা' কোন ঠাইত অনুষ্ঠিত হয় ?

(ক) জাগীৰোডত

(খ) মৰিগাঁৱত

(গ) সোণাপুৰত

(ঘ) চন্দ্ৰপুৰত


উত্তৰঃ (ক) জাগীৰোডত ।


প্ৰশ্নঃ ঐতিহাসিক 'জোনবিল মেলা' কেতিয়া অনুষ্ঠিত হয় ?

(ক) প্ৰতিবছৰৰ জানুৱাৰী মাহত

(খ) প্ৰতিবছৰৰ ডিচেম্বৰ মাহত

(গ) প্ৰতিবছৰৰ মাৰ্চ মাহত

(ঘ) প্ৰতিবছৰৰ এপ্ৰিল মাহত


উত্তৰঃ (ক) প্ৰতিবছৰৰ জানুৱাৰী মাহত ।


প্ৰশ্নঃ 'খেৰাইপূজা' কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

(ক) তিৱাসকলে

(খ) ৰাভাসকলে

(গ) বড়োসকলে

(ঘ) মিছিংসকলে


উত্তৰঃ (গ) বড়োসকলে ।


প্ৰশ্নঃ আহোম-কোচৰ যুদ্ধত আহোমসকলে বন্দী কৰি অনা হাজাৰ হাজাৰ কোচ সৈন্যৰ মূৰ কাটি দমাই থোৱা ঠাইখনৰ

নাম কি ?

(ক) গড়গাঁও

(খ) মঠাদাং

(গ) মেটেকা

(ঘ) নামৰূপ


উত্তৰঃ (খ) মঠাদাং ।


প্ৰশ্নঃ আহোম স্বৰ্গদেউসকলে খেল-ধেমালিৰ আয়োজন আৰু খেল পৰিচালনা কৰিবলৈ নিযুক্তি দিয়া বিষয়াকেইজনৰ ন্তৰ্গত তলৰ কোনজন নহয় ?

(ক) ৰঙিয়াল বৰৱা

(খ) কুকুৰাচোৱা বৰুৱা

(গ) হাবিয়াল বৰুৱা

(ঘ) শেনচোৱা বৰুৱা


উত্তৰঃ (গ) হাবিয়াল বৰুৱা ।


প্ৰশ্নঃ প্রতি ২০ জন পাইকৰ ওপৰত থকা একোজন নিম্নবৰ্গৰ বিষয়াক বৰা’; ১০০ জনৰ ওপৰত ‘শ‍ইকীয়া’; ১০০০ জনৰ ওপৰত হাজৰিকা’আদি বোলা হৈছিল। ৬০০০ জনৰ ওপৰত থকা বিষয়াজনক কি বোলা হৈছিল ?

(ক) ফুকন

(খ) বৰফুকন

(গ) ৰাজখোৱা

(ঘ) বৰবৰুৱা


উত্তৰঃ (ক) ফুকন ।


প্ৰশ্নঃ 'বৰফুকন' পদত নিযুক্ত হোৱা আহোমৰ প্ৰথমগৰাকী সেনাপতি কোন ? 

(ক) লাঙি পানীসিয়া বৰফুকন

(খ) বন্দৰ বৰফুকন

(গ) লাচিত বৰফুকন

(ঘ) বদন বৰফুকন


উত্তৰঃ (ক) লাঙি পানীসিয়া বৰফুকন ।


প্ৰশ্নঃ 'বৰবৰুৱা' পদত প্রথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন ?

(ক) মোমাই তামুলী

(খ) হিতেশ্বৰ বৰবৰুৱা

(গ) কীর্তিচন্দ্ৰ বৰবৰুৱা

(ঘ) নুমলী বৰবৰুৱা


উত্তৰঃ (ক) মোমাই তামুলী ।


প্ৰশ্নঃ কি পৰিস্থিতিত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যায় ?

(ক) মোগলৰ আক্ৰমণৰ কাৰণে

(খ) মোৱামৰীয়াসকলৰ আক্ৰমণৰ কাৰণে

(গ) মানৰ আক্ৰমণৰ কাৰণে

(ঘ) ওপৰৰ এটাও নহয়


উত্তৰঃ (খ) মোৱামৰীয়াসকলৰ আক্ৰমণৰ কাৰণে ।


প্ৰশ্নঃ ১৭৯৫ চনত সংঘটিত দন্দুৱা দ্ৰোহৰ সময়ত আহোম সেনাৰ বৰফুকন কোন আছিল ?

(ক) কলিয়াভোমোৰা বৰফুকন 

(খ) লাচিত বৰফুকন

(গ) বদন বৰফুকন

(ঘ) লাঙি পানীসিয়া ফুকন


উত্তৰঃ (ক) কলিয়াভোমোৰা বৰফুকন ।


প্ৰশ্নঃ অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ বিষয়াজনৰ নাম কি ?

(ক) বদন বৰফুকন

(খ) লাচিত বৰফুকন

(গ) পূৰ্ণানন্দ বৰগোহাই

(ঘ) নুমলী বৰগোহাই


উত্তৰঃ (ক) বদন বৰফুকন ।


প্ৰশ্নঃ চিপাহী বিদ্রোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল ?

(ক) কুশল কোঁৱৰ

(খ) পিয়লি ফুকন

(গ) মণিৰাম দেৱান

(ঘ) জিউৰাম বৰুৱা


উত্তৰঃ (গ) মণিৰাম দেৱান ।


প্ৰশ্নঃ অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি ?

(ক) লেফটেনান্ট চিংগাৰ

(খ) ডেভিদ স্কট

(গ) কেপ্টেইন বেলচ

(ঘ) কেপ্টেইন নিউভিল


উত্তৰঃ (ক) লেফটেনান্ট চিংগাৰ ।


প্ৰশ্নঃ মিচিংসকলৰ এটি প্রাচীন কৃষি উৎসৱৰ নাম কি ?

(ক) বিহু

(খ) আলি-আই-লৃগাং

(গ) ছগ্ৰঃ মিছাৱা

(ঘ) বায়খু


উত্তৰঃ (খ) আলি-আই-লৃগাং ।


প্ৰশ্নঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ উদ্বোধনী গীত 'আজি বন্দো কি ছন্দেৰে' শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল ?

(ক) ভূপেন হাজৰিকাই

(খ) তৰুণৰাম ফুকনে 

(গ) লক্ষ্মীনাথ বেজবৰুৱাই 

(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে


উত্তৰঃ (ঘ) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে ।


প্ৰশ্নঃ অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল ?

(ক) গোপীনাথ বৰদলৈ 

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) তৰুণৰাম ফুকনে

(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰী


উত্তৰঃ (গ) তৰুণৰাম ফুকনে ।


প্ৰশ্নঃ প্রথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল ?

(ক) গোপীনাথ বৰদলৈ

(খ) তৰুণৰাম ফুকন

(গ) চন্দ্ৰধৰ বৰুৱা

(ঘ) অম্বিকাগিৰী ৰায় চৌধুৰী


উত্তৰঃ (গ) চন্দ্ৰধৰ বৰুৱা ।


প্ৰশ্নঃ '৪২ ৰ আন্দোলনত বঢ়মপুৰত ছহিদ হোৱা মহিলা গৰাকী কোন ?

(ক) ভোগেশ্বৰী ফুকননী 

(খ) কনকলতা

(গ) নুমলী নাথ

(ঘ) খহুলি নাথ


উত্তৰঃ (ক) ভোগেশ্বৰী ফুকননী ।


প্ৰশ্নঃ ৪২ ৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন ?

(ক) মুকুন্দ কাকতি

(খ) কুশল কোঁৱৰ

(গ) মদন ৰাওতা

(ঘ) পিয়লি বৰফুকন


উত্তৰঃ (খ) কুশল কোঁৱৰ ।


প্ৰশ্নঃ সকলো বৈষ্ণৱ সত্ৰৰ দেৱালয়ৰ মূৰ্তি ব্ৰহ্মপুত্ৰত পেলাই দি তাৰ ঠাইত শিল আৰু পিতলৰ প্ৰতিমা স্থাপন কৰিবলৈ কোৱা আহোমৰ শাসনকৰ্তাগৰাকী কোন ?

(ক) গদাধৰ সিংহ

(খ) গৌৰী নাথ সিংহ

(গ) বৰজা ফুলেশ্বৰী

(ঘ) ৰাজেশ্বৰ সিংহ


উত্তৰঃ (গ) বৰজা ফুলেশ্বৰী ।


প্ৰশ্নঃ আহোমৰ শাসনৰ সময়ত 'বিলাত' বুলিলে কি বুজা যায় ?

(ক) সেই সময়ত ইংলেণ্ডক বুজোৱা হয়

(খ) সেই সময়ত অসমৰ বাহিৰৰ ঠাইক বুজা যায়

(গ) ডা-ডাঙৰীয়াসকলে সুবিধা অনুসৰি ভোগ কৰিবলৈ পোৱা একোটা অঞ্চল

(ঘ) ওপৰৰ এটাও নহয়


উত্তৰঃ (গ) ডা-ডাঙৰীয়াসকলে সুবিধা অনুসৰি ভোগ কৰিবলৈ পোৱা একোটা অঞ্চল ।


প্ৰশ্নঃ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰা (১৮২৮ চনত) প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি ?

(ক) গোমধৰ কোঁৱৰ

(খ) কুশল কোঁৱৰ

(গ) গৌৰীনাথ সিংহ

(ঘ) মোহনমালা গোহাই


উত্তৰঃ (ক) গোমধৰ কোঁৱৰ ।


প্ৰশ্নঃ মূলা গাভৰু কোন আছিল ?

(ক) ৰাজেশ্বৰ সিংহৰ পত্নী

(খ) ৰুদ্ৰসিংহৰ ভগ্নী

(গ) আতন বুঢ়াগোহাঁইৰ কন্যা

(ঘ) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী


উত্তৰঃ (ঘ) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী ।


Read More:- Science Gk 


Read More:- Geography Gk



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.