Top 50+ India History Gk In Assamese Language
ভাৰতৰ বুৰঞ্জী প্ৰশ্নৰ উত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও ই ভাৰতৰ বুৰঞ্জী প্ৰশ্ন আৰু উত্তৰ সমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত বহূ সহায় কৰিব।
Top 50+ India History Gk In Assamese Language :-
প্ৰশ্নঃ চিপাহী বিদ্রোহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি স্বীকৃতি দিছিল ?
(ক) তাঁতীয়া টোপী
(খ) দ্বিতীয় বাহাদুৰ শ্বাহ
(গ) কোঁৱৰ সিং
(ঘ) দ্বিতীয় শাহ আলম
উত্তৰঃ (খ) দ্বিতীয় বাহাদুৰ শ্বাহ ।
প্ৰশ্নঃ স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল ?
(ক) লর্ড কর্ণবালিছ
(খ) লর্ড ৱেলেলি
(গ) লর্ড ডেলহাউচী
(ঘ) লর্ড কেনিং
উত্তৰঃ (গ) লর্ড ডেলহাউচী ।
প্ৰশ্নঃ কোন চনত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল ?
(ক) ১৮৫৭ চনত
(খ) ১৮৫৮ চনত
(গ) ১৮৬১ চনত
(ঘ) ১৮৪৭ চনত
উত্তৰঃ (খ) ১৮৫৮ চনত ।
প্ৰশ্নঃ ১৮৯১ চনত মৃত্যুদণ্ডেৰে দণ্ডিত টিকেন্দ্ৰজিৎ কোন ৰাজ্যৰ আছিল ?
(ক) বিহাৰ
(খ) মণিপুৰ
(গ) ত্ৰিপুৰা
(ঘ) পঞ্জাব
উত্তৰঃ (খ) মণিপুৰ ।
প্ৰশ্নঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
(ক) উমেশ চন্দ্ৰ বেনাৰ্জী
(খ) দাদাভাই নৌৰজী
(গ) সুৰেন্দ্ৰনাথ বেনাৰ্জী
(ঘ) চৰ্দাৰ বল্লভ ভাই পেটেল
উত্তৰঃ (ক) উমেশ চন্দ্ৰ বেনাৰ্জী ।
প্ৰশ্নঃ ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা হৈছিল –
(ক) ১৮৮৩ চনত
(খ) ১৮৮৫ চনত
(গ) ১৮৮৬ চনত
(ঘ) ১৯০৫ চনত
উত্তৰঃ (খ) ১৮৮৫ চনত ।
প্ৰশ্নঃ আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয় ?
(ক) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(খ) স্বামী বিবেকানন্দ
(গ) ৰাজা ৰামমোহন ৰায়
(ঘ) মহাত্মা গান্ধী
উত্তৰঃ (গ) ৰাজা ৰামমোহন ৰায় ।
প্ৰশ্নঃ প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা আছিল –
(ক) মহাদেৱ গোবিন্দ ৰাণাডে
(খ) আত্মাৰাম পাণ্ডৰংগ
(গ) স্বামী বিবেকানন্দ
(ঘ) স্বামী দয়ানন্দ সৰস্বতী
উত্তৰঃ (খ) আত্মাৰাম পাণ্ডৰংগ ।
প্ৰশ্নঃ ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল –
(ক) স্বামী বিবেকানন্দ
(খ) এনি বেচাস্ত
(গ) ৰামকৃষ্ণ পৰমহংস
(ঘ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
উত্তৰঃ (ক) স্বামী বিবেকানন্দ ।
প্ৰশ্নঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্রী –
(ক) সৰোজিনী নাইডু
(খ) বিজয়লক্ষ্মী পণ্ডিত
(গ) মিছেছ এনি বেচান্ত
(ঘ) ইন্দিৰা গান্ধী
উত্তৰঃ (গ) মিছেছ এনি বেচান্ত ।
প্ৰশ্নঃ তলৰ কোনটো কাম লর্ড উইলিয়াম বেন্টিংকে কৰা নাছিল ?
(ক) সতীদাহ প্রথা নিবাৰণ
(খ) ঠগ দমন
(গ) পিণ্ডাৰী দমন
(ঘ) শিশুবধ নিবাৰণ
উত্তৰঃ (গ) পিণ্ডাৰী দমন ।
প্ৰশ্নঃ বিধৱা বিবাহ প্ৰচলনৰ ক্ষেত্ৰত কোন ভাৰতীয়ৰ নাম বিশেষকৈ জড়িত ?
(ক) ৰাজা ৰামমোহন ৰায়
(খ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(গ) মহাদেৱ গোবিন্দ ৰাণাডে
(ঘ) বংকিম চন্দ্ৰ চট্টোপাধ্যায়
উত্তৰঃ (খ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ ।
প্ৰশ্নঃ জালিৱানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল —
(ক) ১৯১৯ চনৰ ১৩ এপ্রিল
(খ) ১৯১৯ চনৰ ১০ এপ্রিল
(গ) ১৯২০ চনৰ ৩১ আগষ্ট
(ঘ) ১৯২১ চনৰ ১৭ নৱেম্বৰ
উত্তৰঃ (ক) ১৯১৯ চনৰ ১৩ এপ্রিল ।
প্ৰশ্নঃ অসহযোগ আন্দোলন আৰম্ভ হয় –
(ক) ১৮১৭-১৮ চনত
(খ) ১৮১৯-২০ চনত
(গ) ১৯২০-২১ চনত
(ঘ) ১৯২১-২২ চনত
উত্তৰঃ (গ) ১৯২০-২১ চনত ।
প্ৰশ্নঃ কোনখন কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ’ লাভেই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰে? —
(ক) ১৮৮৫ চনৰ বোম্বাই অধিৱেশন
(খ) ১৯০৬ চনৰ কলিকতা অধিৱেশন
(গ) ১৯০৭ চনৰ চুৰাট অধিৱেশন
(ঘ) ১৯২০ চনৰ নাগপুৰ অধিৱেশন
উত্তৰঃ (ঘ) ১৯২০ চনৰ নাগপুৰ অধিৱেশন ।
প্ৰশ্নঃ মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কিয় বন্ধ কৰি দিছিল ?
(ক) কংগ্ৰেছৰ সকলো নেতাই সমৰ্থন কৰা নাছিল
(খ) ব্ৰিটিছ চৰকাৰৰ অত্যাচাৰ সহ্য কৰিব পৰা নাছিল
(গ) ব্ৰিটিছ চৰকাৰে অসহযোগ আন্দোলনৰ দাবীসমূহ মানি লৈছিল
(ঘ) উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত উন্মত্ত জনতাই থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচ বিষয়াক পুৰি মৰাৰ নিচিনা হিংসাত্মক ঘটনাত গান্ধীজী মৰ্মাহত হয় আৰু গান্ধীজীয়ে উপলব্ধি কৰিলে যে ভাৰতবাসী এতিয়াও অহিংসা আন্দোলনৰ বাবে প্রস্তুত নহয়
উত্তৰঃ (ঘ) উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত উন্মত্ত জনতাই থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচ বিষয়াক পুৰি মৰাৰ নিচিনা হিংসাত্মক ঘটনাত গান্ধীজী মৰ্মাহত হয় আৰু গান্ধীজীয়ে উপলব্ধি কৰিলে যে ভাৰতবাসী এতিয়াও অহিংসা আন্দোলনৰ বাবে প্রস্তুত নহয় ।
প্ৰশ্নঃ কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতৰ বাবে ‘পূৰ্ণ স্বৰাজ’ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে 'আইন অমান্য আন্দোলন'ৰ প্ৰস্তাৱ লোৱা হৈছিল ?
(ক) ১৯২২ চনৰ গয়া অধিৱেশন
(খ) ১৯২৯ চনৰ লাহোৰ অধিৱেশন
(গ) ১৯২৭ চনৰ মাদ্রাজ অধিৱেশন
(ঘ) ১৯২০ চনৰ নাগপুৰ অধিৱেশন
উত্তৰঃ (খ) ১৯২৯ চনৰ লাহোৰ অধিৱেশন ।
প্ৰশ্নঃ গান্ধীজীয়ে দাণ্ডি যাত্ৰা কিয় কৰিছিল ?
(ক) ব্ৰিটিছ চৰকাৰৰ লোণ আইন ভংগ কৰিবৰ বাবে
(খ) হিন্দু-মুছলমানৰ একতাৰ বাবে
(গ) সবমতী আশ্ৰমৰ প্ৰচাৰৰ বাবে
(ঘ) লোণ তৈয়াৰ কৰি জাতীয় উদ্যোগ স্থাপনৰ বাবে
উত্তৰঃ (ক) ব্ৰিটিছ চৰকাৰৰ লোণ আইন ভংগ কৰিবৰ বাবে ।
প্ৰশ্নঃ আইন অমান্য আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন কোন আছিল ?
(ক) লর্ড ৰিডিং-লর্ড লিটন
(খ) লৰ্ড আৰউইন-লর্ড উইলিংডন
(গ) লর্ড মিন্টো-লর্ড মাউন্টবেটেন
(ঘ) লর্ড হার্ডিংচ-লর্ড চেমফ'ৰ্ড
উত্তৰঃ (খ) লৰ্ড আৰউইন-লর্ড উইলিংডন ।
প্ৰশ্নঃ ১৯৩১ চনৰ লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেললৈ গান্ধীজীৰ লগত গৈছিল —
(ক) সৰোজিনী নাইডু
(খ) কস্তুৰবা গান্ধী
(গ) মীৰা বেন
(ঘ) অৰুণা আশ্ৰফ আলী
উত্তৰঃ (a) সৰোজিনী নাইডু ।
প্ৰশ্নঃ ১৯৪২ চনৰ ৮ আগষ্টত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা কংগ্ৰেছৰ বোম্বাই অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল ?
(ক) মহাত্মা গান্ধী
(খ) জৱাহৰলাল নেহৰু
(গ) চৰ্দাৰ বল্লভভাই পেটেল
(ঘ) মৌলানা আব্দুল কালাম আজাদ
উত্তৰঃ (ঘ) মৌলানা আব্দুল কালাম আজাদ ।
প্ৰশ্নঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
(ক) লর্ড উইলিংডন
(খ) লর্ড ৱাভেল
(গ) লর্ড লিনলিথগো
(ঘ) লর্ড মাউন্ট বেটেন
উত্তৰঃ (গ) লর্ড লিনলিথগো ।
প্ৰশ্নঃ ১৮৫৮ চনৰ ২০ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচী দিয়া হৈছিল ?
(ক) শিৱসাগৰত
(খ) তেজপুৰত
(গ) যোৰহাটত
(ঘ) গুৱাহাটীত
উত্তৰঃ (গ) যোৰহাটত ।
প্ৰশ্নঃ গান্ধীজীৰ দাণ্ডি যাত্ৰাত তলৰ কোনজন ব্যক্তিয়ে যোগদান কৰিছিল –
(ক) তৰুণৰাম ফুকন
(খ) বিষ্ণুৰাম মেধি
(গ) সিদ্ধিনাথ শৰ্মা
(ঘ) লীলাধৰ বৰুৱা
উত্তৰঃ (ঘ) লীলাধৰ বৰুৱা ।
প্ৰশ্নঃ ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা বোম্বাই অধিৱেশনত অসমৰ পৰা তলৰ কোনে কোনে যোগদান কৰিছিল ?
(ক) গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মা
(খ) তৰুণৰাম ফুকন আৰু অমিয় কুমাৰ দাস
(গ) ফখৰুদ্দিন আলি আহমেদ আৰু ডাঃ হৰেকৃষ্ণ দাস
(ঘ) বিষ্ণুৰাম মেধি আৰু লীলাধৰ বৰুৱা
উত্তৰঃ (ক) গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মা ।
প্ৰশ্নঃ ব্রাহ্মসমাজ কোনে প্রতিষ্ঠা কৰিছিল ?
(ক) স্বামী দয়ানন্দ সৰস্বতী
(খ) এনি বেচান্ত
(গ) ৰাজা ৰামমোহন ৰায়
(ঘ) স্বামী বিবেকানন্দ
উত্তৰঃ (গ) ৰাজা ৰামমোহন ৰায় ।
প্ৰশ্নঃ আর্যসমাজৰ প্ৰতিষ্ঠাতা কোন ?
(ক) স্বামী দয়ানন্দ সৰস্বতী
(খ) এনি বেচা
(গ) ৰাজা ৰামমোহন ৰায়
(ঘ) স্বামী বিবেকানন্দ
উত্তৰঃ (ক) স্বামী দয়ানন্দ সৰস্বতী ।
প্ৰশ্নঃ কর্ণেল কোটৰ নেতৃত্বাধীন ইংৰাজ শক্তিয়ে লেলে' নেতৃত্বাধীন ফৰাছী শক্তিক ১৭৬০ চনত পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?
(ক) চৌচাৰ যুদ্ধ
(খ) হলদিঘাটৰ যুদ্ধ
(গ) ৱাণ্ডিবাছৰ যুদ্ধ
(ঘ) পলাচী যুদ্ধ
উত্তৰঃ (গ) ৱাণ্ডিবাছৰ যুদ্ধ ।
প্ৰশ্নঃ ১৭৬৪ খ্ৰীষ্টাব্দত সংঘটিত কোনখন যুদ্ধত ইংৰাজ শক্তিৰ হাতত মিৰ কাছিম আৰু দ্বিতীয় ছাহ আলমৰ পৰাজয় হয় ?
(ক) বক্সাৰৰ যুদ্ধত
(খ) হলদিঘাটৰ যুদ্ধত
(গ) ৱাণ্ডিৱাছৰ যুদ্ধত
(ঘ) পলাচী যুদ্ধত
উত্তৰঃ (ক) বক্সাৰৰ যুদ্ধত ।
প্ৰশ্নঃ ১৭৯৯ চনত হোৱা চতুৰ্থ তথা শেষ মহীশূৰৰ যুদ্ধত ইংৰাজৰ হাতত মৃত্যুবৰণ কৰা বীৰ যোদ্ধাজনৰ নাম কি ?
(ক) ৰাণী লক্ষ্মীবাঈ
(খ) এনি বেচা
(গ) বাল গংগাধৰ তিলক
(ঘ) টিপু চুলতান
উত্তৰঃ (ঘ) টিপু চুলতান ।
প্ৰশ্নঃ আনন্দমঠ ৰচনা কৰিছিল—
(ক) ৰবীন্দ্ৰনাথ ঠাকুৰ
(খ) বঙ্কিম চন্দ্ৰ চেটার্জী
(গ) ৰাজাৰামমোহন ৰায়
(ঘ) সুভাষ বসু
উত্তৰঃ (খ) বঙ্কিম চন্দ্ৰ চেটার্জী ।
প্ৰশ্নঃ বন্দেমাতম গীতটো থকা কিতাপখনৰ নাম-
(ক) ৰামায়ণ
(খ) দাস কেপিটেল
(গ) আনন্দমঠ
(ঘ) গীতাঞ্জলি
উত্তৰঃ (গ) আনন্দমঠ ।
প্ৰশ্নঃ ১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত নৌ বিদ্রোহ সংঘটিত হৈছিল ?
(ক) কলিকতাত
(খ) মাদ্রাজত
(গ) বোম্বেত
(ঘ) দিল্লীত
উত্তৰঃ (গ) বোম্বেত ।
প্ৰশ্নঃ ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল ?
(ক) ৰিচাৰ্ড ক্লিমেন্ট এট্লি
(খ) উইনষ্টন চার্চিল
(গ) উদ্রো উইলছন
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ৰিচাৰ্ড ক্লিমেন্ট এট্লি ।
প্ৰশ্নঃ “খুদাই খিদ্ মত্ গাৰ” আন্দোলনৰ পৃষ্ঠপোষক কোন ?
(ক) মহম্মদ আলি জিন্না
(খ) ফখৰুদ্দিন আলি আহমেদ
(গ) শ্বেখ মুজিবুৰ ৰহমান
(ঘ) খান আব্দুল গফুৰ খান
উত্তৰঃ (ঘ) খান আব্দুল গফুৰ খান ।
প্ৰশ্নঃ “জন গণ মন” ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি পায় ?
(ক) ১৯৪৭ চনৰ ২৬ জানুৱাৰিত
(খ) ১৯৪৭ চনৰ ২৭ জানুৱাৰিত
(গ) ১৯৫০ চনৰ ২৪ জানুৱাৰিত
(ঘ) ১৯৫১ চনৰ ২৫ জানুৱাৰিত
উত্তৰঃ (c) ১৯৫০ চনৰ ২৪ জানুৱাৰিত ।
প্ৰশ্নঃ ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় 'নাইট' উপাধি ত্যাগ কৰিছিল ?
(ক) জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত
(খ) লোণ আইন ভংগৰ সমৰ্থনত
(গ) অসহযোগ আন্দোলনৰ সমৰ্থনত
(ঘ) ব্ৰিটিছৰ বিৰোধিতা কৰি
উত্তৰঃ (ক) জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ।
প্ৰশ্নঃ নেশ্বনেল থিয়েটাৰ নামৰ সাংস্কৃতিক বিপ্লৱী বাহিনীৰ জন্ম কেতিয়া হৈছিল ?
(ক) ১৮৫৬ চনত
(খ) ১৮৫৭ চনত
(গ) ১৮৫৮ চনত
(ঘ) ১৮৭২ চনত
উত্তৰঃ (ঘ) ১৮৭২ চনত ।
প্ৰশ্নঃ বন্দে মাতৰম' গীতটো কোনে ৰচনা কৰিছিল ?
(ক) বঙ্কিম চন্দ্র চট্টোপাধ্যায়
(খ) ৰবীন্দ্ৰনাথ ঠাকুৰ
(গ) মংগল পাণ্ডে
(ঘ) মনমোহন বসু
উত্তৰঃ (ক) বঙ্কিম চন্দ্র চট্টোপাধ্যায় ।
প্ৰশ্নঃ ‘বন্দে মাতৰম' গীতটো কেতিয়া ৰচনা কৰিছিল ?
(ক) ১৮৫৬ চনত
(গ) ১৮৫৭ চনত
(ঘ) ১৮৭৬ চনত
(গ) ১৮৭২ চনত
উত্তৰঃ (ঘ) ১৮৭৬ চনত ।
প্ৰশ্নঃ অমৃতবাজাৰ পত্রিকা কাকতখন প্রথম কোনে সম্পাদনা কৰিছিল ?
(ক) মতিলাল ঘোষ
(খ) ৰবীন্দ্ৰনাথ ঠাকুৰ
(গ) মংগল পাণ্ডে
(ঘ) মনমোহন বসু
উত্তৰঃ (ক) মতিলাল ঘোষ ।
প্ৰশ্নঃ চিকাগোৰ বিশ্বধর্ম সন্মিলনত স্বামী বিবেকানন্দই কেতিয়া ভাষণ দিছিল ?
(ক) ১৮৯৩ চনৰ ১১ ছেপ্তেম্বৰ
(খ) ১৮৯৫ চনৰ ১৫ ছেপ্তেম্বৰ
(গ) ১৮৯৭ চনৰ ১৮ ছেপ্তেম্বৰ
(ঘ) ১৮৯৯ চনৰ ৩০ ছেপ্তেম্বৰ
উত্তৰঃ (ক) ১৮৯৩ চনৰ ১১ ছেপ্তেম্বৰ ।
Read More: India History Gk
Read More: Assam History Gk

