Bharat History Gk In Assamese Language-ভাৰতৰ বুৰঞ্জীৰ সাধাৰণ জ্ঞান

Bharat History Gk In Assamese Language

অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহি থকা ভাৰতৰ বুৰঞ্জী সাধাৰণ জ্ঞান সমূহ উল্লেখ কৰা হৈছে ।

Bharat History Gk In Assamese Language-ভাৰতৰ বুৰঞ্জীৰ সাধাৰণ জ্ঞান

ভাৰতৰ বুৰঞ্জী সাধাৰণ জ্ঞান:-

প্ৰশ্নঃ গুপ্ত যুগক ভাৰতৰ সোণালী যুগ হিচাপে আখ্যা দিয়াৰ প্ৰধান কাৰণ কি ?

(ক) সাম্ৰাজ্যৰ সম্প্ৰসাৰণ

(খ) শিল্প-ভাস্কর্য, বিজ্ঞান-সংস্কৃত সাহিত্যৰ উন্নতি

(গ) অর্থনৈতিক উন্নতি

(ঙ) সমাজবাদী মূল্যবোধৰ উত্তৰণ


উত্তৰঃ (খ) শিল্প-ভাস্কর্য, বিজ্ঞান-সংস্কৃত সাহিত্যৰ উন্নতি ।


প্ৰশ্নঃ গুপ্ত যুগৰ শ্ৰেষ্ঠ গণিত শাস্ত্রবিদ আছিল –

(ক) বৰাহমিহিৰ

(খ) ব্রহ্মগুপ্ত

(গ) চৰক

(ঘ) আর্যভট্ট


উত্তৰঃ (ঘ) আর্যভট্ট ।


প্ৰশ্নঃ অশ্বমেধ যজ্ঞ সমাপন কৰা গুপ্ত সম্রাটজন আছিল – (ক) স্কত্তগুপ্ত

(খ) সমুদ্রগুপ্ত

(গ) কুমাৰ গুপ্ত

(ঘ) দ্বিতীয় চন্দ্রগুপ্ত


উত্তৰঃ (খ) সমুদ্রগুপ্ত ।


প্ৰশ্নঃ সম্রাট অশোকৰ জীৱনৰ একমাত্ৰ যুদ্ধ খন কি ?

(a) পানিপথৰ যুদ্ধ

(b) পলাচী যুদ্ধ

(গ) কলিংগ যুদ্ধ

(ঘ) মহাভাৰতৰ যুদ্ধ


উত্তৰঃ (গ) কলিংগ যুদ্ধ ।


প্ৰশ্নঃ বেংগলৰ পুৰণি নাম কি আছিল ?

(ক) প্ৰাগজ্যোতিষপুৰ

(খ) কামৰূপ

(গ) অসম

(ঘ) গৌড়


উত্তৰঃ (ঘ) গৌড় ।


প্ৰশ্নঃ ভাৰতৰ প্ৰথম মুছলিম শাসকজন কোন ?

(ক) মহম্মদ বিন-টোঘলক 

(খ) মহম্মদ গজনী

(গ) কুটুবুদ্দিন আইবাক

(ঘ) মহম্মদ ঘোৰী


উত্তৰঃ (ঘ) মহম্মদ ঘোৰী ।


প্ৰশ্নঃ দিল্লীৰ প্ৰথম আৰু শেষ মহিলা শাসক কোন— 

(ক) নূৰজাহান 

(খ) চান্দবিবি

(গ) ৰেজিয়া চুলতানা

(ঘ) মমতাজমহল


উত্তৰঃ (গ) ৰেজিয়া চুলতানা ।


প্ৰশ্নঃ কুটুবমিনাৰ নিৰ্মাণকাৰ্য_____ দিনত সম্পূৰ্ণ কৰা হয় ?

(ক) কুটুবুদ্দিন আইবকৰ

(খ) ইলতুৎমিছৰ

(গ)মহম্মদ বিন টোঘলক

(ঘ) নুছৰাট শ্বাহৰ


উত্তৰঃ (খ) ইলতুৎমিছৰ ।


প্ৰশ্নঃ চাৰমিনাৰ কোনে সাজিছিল ?

(ক) ইব্রাহিম কুটুব ছাহ

(খ) কুলি কুটুব ছাহ

(গ) আলি আদিল ছাহ

(ঘ) ইব্রাহিম আদিল ছাহ-২


উত্তৰঃ (খ) কুলি কুটুব ছাহ ।


প্ৰশ্নঃ যেতিয়া আকবৰ সৰু আছিল, তেওঁৰ অভিভাৱক কোন আছিল—

(ক) হেমু

(খ) ইব্রাহিম লোডী

(গ) বৈৰাম খাঁ

(ঘ) আলাউদ্দিন খিলজী


উত্তৰঃ (গ) বৈৰাম খাঁ


প্ৰশ্নঃ দীন ঈ-ইলাহী ধৰ্ম কোনে প্ৰবৰ্তন কৰিছিল ?

(ক) বাবৰ

(খ) হুমায়ুন

(গ) আকবৰ

(ঘ) বাহাদুৰ ছাহ


উত্তৰঃ (গ) আকবৰ ।


প্ৰশ্নঃ কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয় ?

(ক) চন্দ্রগুপ্ত মৌর্য

(খ) অশোক

(গ) কণিক

(ঘ) চন্দ্রগুপ্ত- ২


উত্তৰঃ (ক) চন্দ্রগুপ্ত মৌর্য ।


প্ৰশ্নঃ সম্রাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল ?

(ক) খ্রীঃপূঃ ২য় শতিকা

(খ) খ্রীঃপূঃ ৩য় শতিকা

(গ) ২য় খ্রীষ্টাব্দ

(ঘ) ৩য় খ্রীষ্টাব্দ


উত্তৰঃ (খ) খ্রীঃপূঃ ৩য় শতিকা ।


প্ৰশ্নঃ কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল ?

(ক) সমুদ্রগুপ্ত

(খ) চন্দ্রগুপ্ত মৌর্য

(গ) অশোক

(ঘ) চন্দ্ৰগুপ্ত- ২


উত্তৰঃ (ঘ) চন্দ্ৰগুপ্ত- ২ ।


প্ৰশ্নঃ অজন্তাৰ চিত্ৰকলা মূলতঃ কিহৰ ওপৰত ভিত্তি কৰি বৰ্ণিত হৈছে ? 

(ক) ৰামায়ণ

(খ) মহাভাৰত

(গ) জাতক

(ঘ) উপনিষদ


উত্তৰঃ (গ) জাতক ।


প্ৰশ্নঃ কাক 'ভাৰতৰ নেপোলিয়ন' বুলি কোৱা হয় ?

(ক) সমুদ্রগুপ্তক

(খ) চন্দ্ৰগুপ্তক

(গ) অশোকক

(ঘ) হৰ্ষবৰ্দ্ধনক


উত্তৰঃ (ক) সমুদ্রগুপ্তক ।


প্ৰশ্নঃ অশোকে কেতিয়া কলিংগ অধিকাৰ কৰিছিল ?

(ক) খ্রীঃ পূঃ ২৬১ ত 

(খ) খ্রীঃপূঃ ৫৮ ত

(গ) ২৬১ খ্রীঃত

(ঘ) ৭৮ খ্রীঃত


উত্তৰঃ (গ) ২৬১ খ্রীঃত ।


প্ৰশ্নঃ কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্রী ? 

(ক) চন্দ্রগুপ্ত মৌর্য 

(খ) অশোক

(গ) হৰ্ষবৰ্দ্ধন

(ঘ) কণিষ্ক


উত্তৰঃ (ক) চন্দ্রগুপ্ত মৌর্য ।


প্ৰশ্নঃ চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত কোনজন গ্ৰীক ৰাষ্ট্রদূত ভাৰতলৈ আহিছিল ?

(ক) হিউৱেন ছাং

(খ) ফাহিয়ান

(গ) মেগাস্থিনিছ

(ঘ) চেলাকচ


উত্তৰঃ (গ) মেগাস্থিনিছ ।


প্ৰশ্নঃ 'দেৱনামপ্রিয়' উপাধি কাক দিয়া হৈছিল ?

(ক) হর্ষবন্ধন

(খ) কণিষ্ক

(গ) অশোক

(ঘ) চন্দ্রগুপ্ত বিক্রমাদিত্য


উত্তৰঃ (গ) অশোক ।


প্ৰশ্নঃ চৰক কোনগৰাকী ৰজাৰ ৰাজসভাৰ চিকিৎসক আছিল ?

(ক) চন্দ্রগুপ্ত মৌর্য

(খ) কণিষ্ক

(গ) অশোক

(ঘ) হৰ্ষবৰ্দ্ধন


উত্তৰঃ (খ) কণিষ্ক ।


প্ৰশ্নঃ প্রথমে কোনে সোণৰ মুদ্ৰা প্ৰচলন কৰে ?

(ক) কুশানসকলে

(খ) ইন্দোগ্রীকসকলে

(গ) শকসকলে

(ঘ) পার্থিয়ানসকলে


উত্তৰঃ (খ) ইন্দোগ্রীকসকলে ।


প্ৰশ্নঃ চীনা পৰিব্ৰাজক হিউয়েন ছাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল ?

(ক) চন্দ্ৰগুপ্ত-১

(খ) কণিষ্ক

(গ) অশোক

(ঘ) হৰ্ষবৰ্দ্ধন


উত্তৰঃ (ঘ) হৰ্ষবৰ্দ্ধন ।


প্ৰশ্নঃ নন্দ বংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল ?

(ক) মহাপদ্মানন্দ

(খ) চন্দ্ৰগুপ্ত

(গ) আলেকজেণ্ডাৰ

(ঘ) অশোক


উত্তৰঃ (খ) চন্দ্ৰগুপ্ত ।


প্ৰশ্নঃ মৌর্য বংশ প্রতিষ্ঠা কৰিছিল –

(ক) দ্বিতীয় চন্দ্ৰগুপ্ত 

(খ) অজাতশত্রু

(গ) চন্দ্ৰগুপ্ত মৌর্য

(ঘ) অশোক


উত্তৰঃ (গ) চন্দ্ৰগুপ্ত মৌর্য ।


প্ৰশ্নঃ চন্দ্ৰগুপ্ত মৌর্যই পৰাজিত কৰা গ্ৰীক সেনাপতি গৰাকী আছিল —

(ক) মিনান্দাৰ

(খ) চেলুকচ

(গ) ফিলিপ

(ঘ) আলেকজেণ্ডাৰ


উত্তৰঃ (খ) চেলুকচ ।


প্ৰশ্নঃ মৌর্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল –

(ক) বিন্দুসাৰ

(খ) চন্দ্রগুপ্ত মৌর্য

(গ) মহামতি অশোক

(ঘ) বৃহদ্রথ


উত্তৰঃ (গ) মহামতি অশোক ।


প্ৰশ্নঃ কলিংগ যুদ্ধ কৰা মৌর্য সম্রাটগৰাকী আছিল –

(ক) অশোক

(খ) চন্দ্রগুপ্ত মৌর্য

(গ) বিন্দুসাৰ

(ঘ) জলৌক


উত্তৰঃ (ক) অশোক ।


প্ৰশ্নঃ অশোকে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম আছিল – 

(ক) জৈন ধর্ম

(খ) বৌদ্ধ ধর্ম

(গ) শাক্ত ধর্ম

(ঘ) ব্রাহ্মণ্য ধর্ম


উত্তৰঃ (খ) বৌদ্ধ ধর্ম ।


প্ৰশ্নঃ অশোকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ মহামেল ক'ত অনুষ্ঠিত হৈছিল ?

(ক) কনৌজ

(খ) পাটলিপুত্র

(গ) সাৰনাথ

(ঘ) বৈশালী


উত্তৰঃ (খ) পাটলিপুত্র ।


প্ৰশ্নঃ মৌর্য বংশৰ ৰাজত্বকালত দেশত কি ভাষা প্রচলিত আছিল —

(ক) পালি

(খ) প্রাকৃত

(গ) সংস্কৃত

(ঘ) তিনিওটা ভাষা


উত্তৰঃ (ঘ) তিনিওটা ভাষা ।


প্ৰশ্নঃ গুপ্তবংশৰ প্ৰতিষ্ঠাতা আছিল –

(ক) শ্রীগুপ্ত

(খ) প্রথম চন্দ্রগুপ্ত

(গ) ঘটোৎকচ গুপ্ত

(ঘ) ৰামগুপ্ত


উত্তৰঃ (ক) শ্রীগুপ্ত ।


প্ৰশ্নঃ 'মহাৰাজাধিৰাজ' উপাধি গ্ৰহণ কৰা গুপ্তবংশৰ প্ৰথম সম্রাট আছিল -

(ক) শ্রীগুপ্ত

(খ) প্রথম চন্দ্রগুপ্ত

(গ) সমুদ্রগুপ্ত

(ঘ) দ্বিতীয় চন্দ্ৰগুপ্ত


উত্তৰঃ (খ) প্রথম চন্দ্রগুপ্ত ।


প্ৰশ্নঃ ভাৰত বুৰঞ্জীৰ কোনটো যুগক হিন্দুবাদৰ সোণালী যুগ বোলা হয় ?

(ক) মোগল যুগক

(খ) গুপ্ত যুগক

(গ) আর্য যুগক

(ঘ) ওপৰৰ এটাও নহয়।


উত্তৰঃ (খ) গুপ্ত যুগক ।


প্ৰশ্নঃ ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কাক কোৱা হয় ?

(ক) চন্দ্র গুপ্তক

(খ) অশোকক

(গ) সমুদ্র গুপ্তক

(ঘ) ওপৰৰ এটাও নহয় ।


উত্তৰঃ (গ) সমুদ্র গুপ্তক ।



READ MORE:- IMPORTANT DAY'S CELEBRATE GK











Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.