অসমীয়া সাহিত্যৰ আৰু সংস্কৃতিৰ সাধাৰণ জ্ঞান

 অসমীয়া সাহিত্যৰ আৰু সংস্কৃতিৰ সাধাৰণ জ্ঞান 

অসমীয়া সাহিত্যৰ আৰু সংস্কৃতি ক্ষেত্ৰৰ অনাগত দিনত অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া সম্ভাৱনা প্ৰশ্ন সমূহ উল্লেখ কৰা হৈছে।

অসমীয়া সাহিত্যৰ আৰু সংস্কৃতিৰ সাধাৰণ জ্ঞান

General Knowledge Of Assamese Literature And Culture

অসমীয়া সাহিত্যৰ আৰু সংস্কৃতিৰ সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ তলত আলোচনা কৰা হৈছে 


প্ৰশ্নঃ অসমীয়া ভাষাৰ প্ৰধান উপভাষা হ'ল—

(ক) পাঁচটা

(খ) তিনিটা

(গ) দুটা

(ঘ) এটা


উত্তৰঃ (গ) দুটা ।


প্ৰশ্নঃ অৰ্থশাস্ত্ৰৰ ৰচয়িতা হ'ল—

(ক) মেগাস্থেনিচ্

(খ) কৌটিল্য

(গ) কালিদাস

(ঘ) মনু


উত্তৰঃ (খ) কৌটিল্য ।


প্ৰশ্নঃ যীশু খ্ৰীষ্টৰ....... ত জন্ম হৈছিল।

(ক) ২ খ্রীঃ পূঃ

(খ) ৪ খ্রীঃ পূঃ

(গ) ৩ খ্রীঃ পূঃ

(ঘ) ৫ খ্রীঃ পূঃ


উত্তৰঃ (খ) ৪ খ্রীঃ পূঃ ।


প্ৰশ্নঃ কালিদাস বিৰচিত শকুন্তলা এখন এটা—

(ক) মহাকাব্য

(খ) নাটক

(গ) কবিতা

(ঘ) গদ্য


উত্তৰঃ (খ) নাটক ।


প্ৰশ্নঃ শকাব্দ গণনা কৰা বৰ্ষটো হ'ল—

(ক) খৃষ্টাব্দ ৭৮

(খ) খৃষ্টাব্দ ৭০

(গ) খৃষ্টাব্দ ৭২

(ঘ) খৃষ্টাব্দ ৭৬


উত্তৰঃ (ক) খৃষ্টাব্দ ৭৮ 


প্ৰশ্নঃ সমাস মূলত—

(ক) ছয় প্ৰকাৰৰ

(খ) সাত প্ৰকাৰৰ

(গ) দুই প্ৰকাৰৰ

(ঘ) পাঁচ প্ৰকাৰৰ


উত্তৰঃ (ক) ছয় প্ৰকাৰৰ ।


প্ৰশ্নঃ ‘চাৰি আলি' হ'ল-

(ক) অব্যয়ীভাৱ সমাস

(খ) দ্বন্দ সমাস

(গ) ইতৰেতৰ সমাস

(ঘ) দ্বিগু সমাস 


উত্তৰঃ (ঘ) দ্বিগু সমাস ।


প্ৰশ্নঃ 'কঠিন' শব্দৰ বিপৰীত শব্দ—

(ক) সাধাৰণ

(খ) জটিল

(গ) সহজ

(ঘ) চিম্পল


উত্তৰঃ (গ) সহজ ।


প্ৰশ্নঃ বনত বাস = বনবাস; সমাসটো হ'ল—

(ক) তৎপুৰুষ

(খ) দ্বিগু সমাস

(গ) কর্মধাৰয় সমাস

(ঘ) দ্বন্দ সমাস

 

উত্তৰঃ (ক) তৎপুৰুষ ।


প্ৰশ্নঃ অভিধান শব্দৰ সমার্থক ?

(ক) বুজন পৰিমাণ

(খ) শব্দবার্তা

(গ) শব্দকোষ

(ঘ) অনুধাবন


উত্তৰঃ (গ) শব্দকোষ ।


প্ৰশ্নঃ মেঘদূত ৰচক হ'ল-

(ক) হর্ষ

(খ) কৌটিল্য

(গ) কালিদাস

(ঘ) কলহন


উত্তৰঃ (গ) কালিদাস ।


প্ৰশ্নঃ প্রাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোর্তিবিদ হ'ল-

(ক) মনু

(খ) বৃহস্পতি

(গ) আর্যভট্ট

(ঘ) চড়ক


উত্তৰঃ (গ) আর্যভট্ট ।


প্ৰশ্নঃ অজন্তা গুহাত থকা চিত্ৰবোৰে প্ৰদৰ্শন কৰিছে—

(ক) হিন্দু ধৰ্মৰ কাহিনী

(খ) বৌদ্ধ ধৰ্মৰ কাহিনী

(গ) জৈন ধৰ্মৰ কাহিনী

(ঘ) মুছলমানৰ ধৰ্মৰ কাহিনী


উত্তৰঃ (খ) বৌদ্ধ ধৰ্মৰ কাহিনী


প্ৰশ্নঃ হিমাচল' শব্দৰ সন্ধি ভাঙিলে হ’ব—

(ক) হিমা + আচল

(খ) হিম + আচল

(গ) হিমা + চল

(ঘ) হিম + অচল 


উত্তৰঃ (ঘ) হিম + অচল  ।


প্ৰশ্নঃ মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল ?

(ক) ভট্টদেৱ

(খ) মাধৱ কন্দলী

(গ) ৰামসৰস্বতী

(ঘ) শংকৰদেৱ


উত্তৰঃ (গ) ৰামসৰস্বতী ।


প্ৰশ্নঃ ‘মিৰিজীয়ৰী' নামৰ উপন্যাসখনৰ ৰচক কোন?

(ক) শংকৰদেৱ

(খ) দিলীপ বৰা

(গ) ৰীতা চৌধুৰী

(ঘ) ৰজনীকান্ত বৰদলৈ 


উত্তৰঃ (ঘ) ৰজনীকান্ত বৰদলৈ ।


প্ৰশ্নঃ অসম সাহিত্য সভাৰ প্ৰথম প্ৰধান সম্পাদক কোন আছিল ?

(ক) পদ্মনাথ গোহাঞি বৰুৱা

(খ) পৰমানন্দ ৰাজৰাজবংশী

(গ) শৰৎ চন্দ্ৰ গোস্বামী

(ঘ) প্রমোদ বৰা


উত্তৰঃ (গ) শৰৎ চন্দ্ৰ গোস্বামী ।


প্ৰশ্নঃ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশনখন কিমান চনত আৰু ক'ত হৈছিল?

(ক) ১৯১৭ ধুবুৰী

(খ) ১৯১৭ শিৱসাগৰ

(গ) ১৯১৭ যোৰহাট

(ঘ) ১৯১৭ গুৱাহাটী 


উত্তৰঃ (খ) ১৯১৭ শিৱসাগৰ ।


প্ৰশ্নঃ জোনাকী'ৰ প্ৰথম সম্পাদক কোন আছিল ?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) ৰমাকান্ত দেওৰী

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

(ঘ) হৰগোবিন্দ শর্মা 


উত্তৰঃ (গ) চন্দ্ৰকুমাৰ আগৰৱালা ।


প্ৰশ্নঃ সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কবিতাপুথি-

(ক) বনফুল

(খ) প্রতিমা

(গ) মৃত্যুঞ্জয়

(ঘ) কেতেকী


উত্তৰঃ (ক) বনফুল ।


প্ৰশ্নঃ “কথাগীতাৰ ৰচক কোন ?

(ক) শংকৰদেৱ

(খ) ভট্টদেৱ

(গ) মাধৱ কন্দলী

(ঘ) নবীনচন্দ্ৰ বৰদলৈ


উত্তৰঃ (খ) ভট্টদেৱ ।


প্ৰশ্নঃ প্রথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি?

(ক) ভানুমতী

(খ) এৰাবাটৰ সুৰ

(গ) মাকাম

(ঘ) মেৰেং


উত্তৰঃ (ক) ভানুমতী ।


প্ৰশ্নঃ অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল ?

(ক) ৰামসৰস্বতী

(খ) শংকৰদেৱ

(গ) লক্ষীধৰ শৰ্মা

(ঘ) মাধৱ কন্দলী


উত্তৰঃ (ঘ) মাধৱ কন্দলী ।


প্ৰশ্নঃ হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থৰ ৰচক কোন ?

(ক) লক্ষীধৰ শৰ্মা

(খ) ৰাম সৰস্বতী

(গ) অনন্ত কন্দলি

(ঘ) সুকুমাৰ বৰকাইথ


উত্তৰঃ (ঘ) সুকুমাৰ বৰকাইথ ।


প্ৰশ্নঃ শংকৰদেৱৰ প্ৰথম কাব্য গ্ৰন্থখনৰ নাম কি ?

(ক) জন্ম ৰহস্য

(খ) পত্নীপ্রসাদ

(গ) হৰিশ্চন্দ্ৰ উপাখ্যান

(ঘ) ৰাম নৱমী


উত্তৰঃ (গ) হৰিশ্চন্দ্ৰ উপাখ্যান ।


প্ৰশ্নঃ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি ?

(ক) নন্দিনী

(খ) ঘৰ জেউতি

(গ) বৰ্ণালী

(ঘ) ল'ৰা বন্ধু 


উত্তৰঃ (খ) ঘৰ জেউতি ।


প্ৰশ্নঃ হৰ্ষৰ জীৱনী, হৰ্ষ চৰিতখনৰ লিখক আছিল—

(ক) হিউৱেন চাং

(খ) বানভট্ট

(গ) বৰাহমিহিৰ

(ঘ) হর্ষ


উত্তৰঃ (খ) বানভট্ট ।


প্ৰশ্নঃ অপভ্রংশ স্তৰৰ ভাগ হ'ল—

(ক) তিনিটা

(খ) দুটা

(গ) পাঁচটা

(ঘ) সাতটা


উত্তৰঃ (খ) দুটা ।


প্ৰশ্নঃ জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকল হ'ল—

(ক) যুজাৰু শ্ৰেণী

(খ) পুৰোহিত শ্ৰেণী

(গ) বেপাৰী শ্রেণী

(ঘ) শুদ্র শ্রেণী


উত্তৰঃ (গ) বেপাৰী শ্রেণী ।


প্ৰশ্নঃ ভাৰতীয় আৰ্য ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্ক আছে—

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

(ঘ) তিনিওটা হয়


উত্তৰঃ (ক) আছে ।


প্ৰশ্নঃ বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধর্মোপদেশ দিছিল ?

(ক) বৌদ্ধ গয়া

(খ) বৈশালী

(গ) সাৰনাথ

(ঘ) মধুবাণী


উত্তৰঃ (গ) সাৰনাথ ।


প্ৰশ্নঃ কালিদাস কোন শাসকৰ সময়ৰ আছিল ?

(ক) দ্বিতীয় চন্দ্রগুপ্ত

(খ)সমুদ্রগুপ্ত

(গ) মহান অশোক

(ঘ) চন্দ্ৰগুপ্ত মৌর্য


উত্তৰঃ (ক) দ্বিতীয় চন্দ্রগুপ্ত ।


প্ৰশ্নঃ মধ্য বা সাহিত্যিক প্ৰাকৃতৰ ভাগ হ'ল—

(ক) ১৭ টা

(খ) ২ টা

(গ) ৫ টা

(ঘ) ৩ টা


উত্তৰঃ (গ) ৫ টা ।


প্ৰশ্নঃ প্রাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল ?

(ক) গয়া

(খ) ইন্দ্ৰপ্ৰস্থ

(গ) অযোধ্যা

(ঘ) পাটালিপুত্ৰ


উত্তৰঃ (খ) ইন্দ্ৰপ্ৰস্থ ।


প্ৰশ্নঃ ‘Gramanatical Notes on the Assamese Language' গ্ৰন্থৰ ৰচক ?

(ক) মাইল্‌চ ব্ৰন্সন

(খ) নাথান ব্রাউন

(গ) হেমচন্দ্ৰ বৰুৱা

(ঘ) ডক্টৰ বাণীকান্ত কাকতি


উত্তৰঃ (খ) নাথান ব্রাউন ।


READ MORE:- IMPORTANT DAY'S GK


READ MORE:- ASSAM ECONOMIC GK









Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.