Environmental Science MCQ In Assamese Language

২০২৩ বৰ্ষত আহিবলগীয়া DHS,DME,APDCL,ASSAM POLICE ৰ লগতে বিভিন্ন প্ৰতিযোগিতা মূলক পৰিক্ষাত আহি থকা পৰিবেশ বিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ Environmental Science ৰ উল্লেখ কৰা হৈছে 

পৰিবেশ বিজ্ঞান বুলিলে আমি সাধাৰণতে আমাৰ চাৰিওফালে থকা সেউজীয়া গছ-গছনি, জীৱ-জন্তু,নত-নদী,শিল-বালি, চৰাই-চিৰিকটি পাহাৰ-ভৌয়াম  আদিকে বুজা। Environmental Science পৰিবেশ বিজ্ঞানৰ লগত জড়িত আৰু বহুতো তথ্য আছে । গতিকে এই তথ্য সমূহ MCQ ৰূপত তলত উল্লেখ কৰা হৈছে ।

পৰিবেশ বিজ্ঞান MCQ:-

প্ৰশ্ন. পৃথিৱীৰ আটাইতকৈ ওখ তৃণ গছ কি ?

উত্তৰ. বাঁহ গছ ।

প্ৰশ্ন. আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কি ?

উত্তৰ. পদুম ।

প্ৰশ্ন. ৰঙালাও, তৰমুজ, পাণ, জালুক আদি কি জাতীয় উদ্ভিদ?

উত্তৰ. লতাজাতীয় উদ্ভিদ ।

প্ৰশ্ন. অসমৰ ৰাজ্যিক বৃক্ষ কি ?

উত্তৰ. হোলোং ।

প্ৰশ্ন. বাঁহ গছ  কি জাতীয় উদ্ভিদ ?

উত্তৰ. তৃণজাতীয় উদ্ভিদ ।

প্ৰশ্ন. কোনবিধ গছৰ পাতেৰে বিচনী বনোৱা হয় ?

উত্তৰ. তাল ।

প্ৰশ্ন. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাই নাম কি ?

উত্তৰ. উপক্ষী ।

প্ৰশ্ন. ডেউকাৰ সহায়ত পানীত সাঁতোৰা এবিধ প্রাণী হ'ল-

উত্তৰ. পেংগুইন ।

প্ৰশ্ন. বাঘ, সিংহ, হৰিণা আদি কি প্ৰাণী ?

উত্তৰ. স্থলচৰ প্রাণী ।

প্ৰশ্ন. কোনবিধ খোৱা বস্তুৰ পৰা আমি প্ৰধানকৈ শক্তি পাওঁ ? 

উত্তৰ. ভাত ।

প্ৰশ্ন. কি কৰিলে আমাৰ শৰীৰ সবল হয় ?

উত্তৰ. ব্যায়াম কৰিলে।

প্ৰশ্ন. কোনবিধ খোৱা বস্তুৱে আমাৰ শৰীৰটো বৃদ্ধি হোৱাত সহায় কৰে ?

উত্তৰ. গাখীৰ ।

প্ৰশ্ন. পূৰ্ণিমাৰ পৰা অমাবস্যালৈ মুঠ সময় লাগে ?

উত্তৰ. ১৫ দিন ।

প্ৰশ্ন. কোনবিধ চৰায়ে বাহ নাসাজে ?

উত্তৰ. কুলি, কেতেকী,ময়ূৰ আদি ।

প্ৰশ্ন. কোনবীদ  চৰাইক শিপিনী চৰাই বুলি কোৱা হয় ?

উত্তৰ. টোকোৰা চৰাই ।

প্ৰশ্ন. তাপ পালে পানী জলীয় ভাগত পৰিণত হয়। এই প্রক্রিয়াটোক কোৱা হয় ?

উত্তৰ. বাস্পীভবন ।

প্ৰশ্ন. ওনাম উৎসৱটো কোনখন ৰাজ্যৰ পালন কৰা হয় ?

উত্তৰ. কেৰালা ।

প্ৰশ্ন. পৰিভ্ৰমী চৰাই  নাম কি ?

উত্তৰ. ধূতিৰাজ ।

প্ৰশ্ন. পোংগল উৎসৱটো কোন ৰাজ্যত পালন কৰা হয় ?

উত্তৰ. তামিলনাডু ।

প্ৰশ্ন. কাইকোট্টিকালি' এবিধ ?

উত্তৰ. নাচ ।

প্ৰশ্ন. পয় ছাংকেন কোনটো জনগোষ্ঠীৰ উৎসব হয় ?

উত্তৰ. টাই বৌদ্ধ ধৰ্মীসকল ।

প্ৰশ্ন.জংখং পূজা তলৰ কোনটো জনগোষ্ঠী উৎসব ?

উত্তৰ. তিবা ।

প্ৰশ্ন. আলি আয়ে লৃগাং কোনটো জনগোষ্ঠীৰ উৎসৱ হয় ?

উত্তৰ. মিচিং ।

প্ৰশ্ন. তৰাছিৰা বিহু  কোনটো জনগোষ্ঠীয়ে পালন কৰে ?

উত্তৰ. ঠেঙাল কছাৰী ।

প্ৰশ্ন. আমাৰ ৰাষ্ট্ৰীয় চৰাই কি ?

উত্তৰ. ময়ূৰ ।

প্ৰশ্ন. আমাৰ ৰাষ্ট্ৰীয় ফল কি ?

উত্তৰ. আম ।

প্ৰশ্ন. ৰাষ্ট্ৰীয় পতাকাখনৰ দীৰ্ঘ আৰু প্ৰস্থৰ অনুপাত কিমান ?

উত্তৰ. 3:2 

প্ৰশ্ন. অসমক প্ৰধানকৈ কেইটা প্রাকৃতিক বিভাগত ভাগ কৰা হৈছে ?

উত্তৰ. ৩ টা ।

প্ৰশ্ন. অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰৰ সংখ্যা কিমান ?

উত্তৰ. ২ টা ।

প্ৰশ্ন. বৰাক নৈৰ উপনৈ নাম কি ?

উত্তৰ. ধলেশ্বৰী ।

প্ৰশ্ন. ধৰিত্ৰী দিবস পালন কৰা তাৰিখটো হ'ল ?

উত্তৰ. 22 এপ্রিল ।

প্ৰশ্ন. কোনজন ব্যক্তিক অৰণ্য মানৰ বুলি কোৱা হয় ?

উত্তৰ. যাদৱ পায়েং ।

প্ৰশ্ন. চূণশিল ‌এবিধ কি সম্পদ ?

উত্তৰ. খনিজ সম্পদ ।

প্ৰশ্ন. কোনখন ৰাজ্যক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয় ?

উত্তৰ. অসম ।

প্ৰশ্ন. অসমত শিশু সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ. ৪ মার্চ ।

প্ৰশ্ন. বাতাহৰ গতিবেগ আৰু নিশ নির্ণয় কৰা সঁজুলি বিধৰ নাম কি ?

উত্তৰ. বায়ু মোজা ।

প্ৰশ্ন. আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল ?

উত্তৰ. ভিটামিন আৰু খনিজ দ্রব্য ।

প্ৰশ্ন. বাঘ, সিংহ, শিয়াল আদি ?

উত্তৰ. গৌণ উপভোক্তা ।

প্ৰশ্ন. কোনটোৱে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে ?

উত্তৰ. উৎপাদকে ।

প্ৰশ্ন. এবিধ মেৰু অঞ্চলৰ প্ৰাণী নাম কি ?

উত্তৰ. বগা ভালুক ।

প্ৰশ্ন. ভিটামিন C অধিক পরিমানে থকা খাদ্যবিধ হ'ল—

উত্তৰ. আমলখি ।

প্ৰশ্ন. পৰিবেশ বিজ্ঞান হ'ল পৰিবেশ অধ্যয়নৰ—

উত্তৰ. এটা অবিচ্ছেদ্য শাখা ।

প্ৰশ্ন. উদ্ভিদ আৰু প্ৰাণীৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ মূল কাৰণ কি ?

উত্তৰ. খাদ্য ।

প্ৰশ্ন. প্রকৃতি আৰু জীৱৰ তথা মানুহৰ মাজৰ সম্পৰ্ক কি ?

উত্তৰ. অবিচ্ছেদ ।

প্ৰশ্ন. বায়ুমণ্ডলত থকা অক্সিজেনৰ শতকৰা পৰিমাণ কিমান ?

উত্তৰ. 20.60% ।

প্ৰশ্ন. এটা অঞ্চলৰ দীৰ্ঘদিনীয়া বতৰৰ সামগ্রিক অৱস্থাই হ'ল—

উত্তৰ. জলবায়ু ।

প্ৰশ্ন. অৰণ্যৰ বুনিয়াদ বা ভিত্তি হ'ল—

উত্তৰ. গছ-বন ।

প্ৰশ্ন. কপৌ ফুল এবিধ  কি জাতীয় উদ্ভিদ ?

উত্তৰ. পৰাশ্রয়ী উদ্ভিদ ।

প্ৰশ্ন. জীৱনৰ অধিক সময় গছৰ ওপৰত কটোৱা প্ৰাণীবোৰক কোৱা হয়—

উত্তৰ. বৃক্ষবাসী ।

প্ৰশ্ন. ভূ-পৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটো নাম কি ?

উত্তৰ. ট্ৰ'প'স্ফিয়াৰ ।

প্ৰশ্ন. পৃথিৱীৰ উপৰি ভাগৰ পানীৰে আগুৰি থকা অংশ কিমান ?

উত্তৰ. প্রায় 70%

প্ৰশ্ন. পৃথিৱীৰ পানীৰে আৱৰি থকা অংশটোক কি কোৱা হয় ?

উত্তৰ. জলমণ্ডল ।

প্ৰশ্ন. অধিকসংখ্যক জীৱ বাস কৰে—

উত্তৰ. স্থলমণ্ডলত ।

প্ৰশ্ন. বিশ্ব পৰিবেশ দিবস পালন কৰা হয়—

উত্তৰ. 5 জুনত ।

প্ৰশ্ন. বিশ্ব জনসংখ্যা দিবস পালন কৰা হয়—

উত্তৰ.১১ জুলাইত ।

প্ৰশ্ন. পৰিমল হ'ল এবিধ —

উত্তৰ. Rice (ধান) ।

প্ৰশ্ন. জীৱসমূহৰ মাজত খাদ্যশক্তিৰ এক প্ৰবাহ পদ্ধতিয়েই হ'ল—

উত্তৰ. খাদ্যজাল ।

প্ৰশ্ন. নতুন কৃষি কৌশলৰ জৰিয়তে অবিৰতভাৱে উৎপাদনৰ পৰিমাণ দ্রুতগতিত বৃদ্ধি কৰিবলৈ চলোৱা কৃষি ব্যৱহাৰক কি কোৱা হয় ?

উত্তৰ. সেউজ বিপ্লৱ ।

প্ৰশ্ন. জীব বৈচিত্র্য কি ?

উত্তৰ. উদ্ভিদ-প্রাণী আৰু জীৱাণুৰ সমাবেশ ।

প্ৰশ্ন. বাঘক বিপন্ন প্রাণী হিচাপে ঘোষণা কৰা হয় ?

উত্তৰ. ১৯৬৮ চনত  ।

প্ৰশ্ন. Red data book হ'ল-

উত্তৰ. বিপন্ন প্রজাতিৰ জীৱ-জন্তুৰ তথ্য থকা কিতাপ ।

প্ৰশ্ন. কোনবিধ জীৱ সংৰক্ষণ কৰাৰ প্ৰয়োজন ?

উত্তৰ. লুপ্তপ্রায় ।

প্ৰশ্ন. আমাৰ দেশত বন্যপ্ৰাণী সংৰক্ষণ আইনখন বলৱৎ কৰা হয়—

উত্তৰ. ১৯৭২ চনত ।

প্ৰশ্ন. বসুন্ধৰা সন্মিলন হৈছিল—

উত্তৰ. ১৯৯২ চনত ।

প্ৰশ্ন. দেওহাঁহ এবিধ কি প্ৰজাতিৰ হাঁহ ?

উত্তৰ. লুপ্তপ্রায় প্রজাতি ।

প্ৰশ্ন. অসমত ব্যাঘ্র প্রকল্প আছে—

উত্তৰ. মানসত ।

প্ৰশ্ন. নামদাফা এখন- 

উত্তৰ. জীৱমণ্ডল সংৰক্ষিত অঞ্চল ।

প্ৰশ্ন. বটানিকেল ছার্ভে অৱ ইণ্ডিয়াই প্ৰকাশ কৰা গ্ৰন্থখনৰ নাম কি ?

উত্তৰ. ৰেড ডাটাবুক ।

প্ৰশ্ন. পৃথিৱীত জীৱ বৈচিত্ৰ্যৰ অতি অনুকুল কেন্দ্ৰ (Hot spot) ৰ সংখ্যা—

উত্তৰ. ২৫ টা ।

প্ৰশ্ন. ঘূর্ণী বতাহ এক প্ৰকাৰৰ অত্যধিক গতিবেগ সম্পন্ন ধুমুহা যদিও ই হ'ল—

উত্তৰ. প্রাকৃতিক দুর্যোগ ।

প্ৰশ্ন. অ'জন স্তৰ অৱক্ষয়ৰ কাৰণ—

উত্তৰ. CFC ।

প্ৰশ্ন. নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোন খন জিলাত আছে ?

উত্তৰ. শোণিতপুৰ জিলাত ।

প্ৰশ্ন. দীপৰ বিল পক্ষী উদ্যান  কোন খন জিলাত আছে ?

উত্তৰ. কামৰূপ জিলাত ।

প্ৰশ্ন. পক্ষীৰ সৃষ্টি কৰা ভাইৰাছবিধ হ'ল— 

উত্তৰ. H5N1 ।

প্ৰশ্ন. চেনোবিলৰ দুৰ্ঘটনা কেতিয়া হৈছিল ?

উত্তৰ. 1986 চনৰ 26 এপ্ৰিলত ।

প্ৰশ্ন. ছাইলেন্টভেলী আন্দোলন কোন খন ঠাইত হৈছিল ?

উত্তৰ. কেৰালাত ।

প্ৰশ্ন. আন্তর্জাতিক পৃথিৱীগ্ৰহ বৰ্ষ পালন কৰা হৈছিল—

উত্তৰ. ২০০৮ চনত ।

প্ৰশ্ন. চিপকো আন্দোলন আৰম্ভ হৈছিল—

উত্তৰ. ১৯৭২ চনত ।

প্ৰশ্ন. ৰাষ্ট্ৰসংঘই বিশ্ব প্রকৃতি চনদ গ্রহণ কৰিছিল—

উত্তৰ. ১৯৮২ চনত ।

প্ৰশ্ন. নর্মদা বচাও আন্দোলনৰ নেত্ৰী হ'ল— 

উত্তৰ. মেধা পাটেকাৰ ।








Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.