Assamese Language and Literature||অসমীয়া ভাষা আৰু সাহিত্য

Assamese Language and Literature||অসমীয়া ভাষা আৰু সাহিত্য  

2023 বৰ্ষৰ পৰীক্ষা আহিব লাগিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ অতি সহজ ভাষাত উল্লেখ কৰা হৈছে ।

Assamese Language and Literature | অসমীয়া ভাষা আৰু সাহিত্য |

অসমীয়া সাহিত্যৰ জগতৰ আৰু ভাষা সাহিত্য সংস্কৃতিৰ লগত জড়িত সাধাৰণ জ্ঞান সমূহ তলত আলোচনা কৰা হৈছে  ।


প্ৰশ্ন. ৰঘুনাথ চৌধাৰীৰ কথা-কবিতা পুথিখনৰ নাম কি ? 

উত্তৰ. নৱমল্লিকা

প্ৰশ্ন. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

 উত্তৰ. ‘সাগৰ দেখিছা'।

প্ৰশ্ন. 'অ' মোৰ আপোনাৰ দেশ' নামৰ গীতটোৰ ৰচক কোন ? 

উত্তৰ. লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন. অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প কোনটো ?

উত্তৰ. লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা”।

প্ৰশ্ন. চৈয়দ আব্দুল মালিক কেতিয়া কোনখন অসম সাহিত্য সভাৰ অধিবশনত সভাপতিত্ব কৰিছিল ?

উত্তৰ. ১৯৭৭ চনত, অভয়াপুৰী 

প্ৰশ্ন. প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতিজনৰ নাম কি ?

 উত্তৰ. পদ্মনাথ গোহাঞি বৰুৱা ।

প্ৰশ্ন. কাক ‘অসমীয়া বেকন' বুলি কোৱা হয় ? 

উত্তৰ. সত্যনাথ বৰাক ।

প্ৰশ্ন. অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সন্থাটোৰ নাম কি ?

 উত্তৰ. অসম সাহিত্য সভা।

প্ৰশ্ন. অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন ?

উত্তৰ. ৰঞ্জু হাজৰিকা 

প্ৰশ্ন. অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান কোনখন ?

উত্তৰ. চন্দ্ৰকান্ত অভিধান।

প্ৰশ্ন. উত্তৰাকাণ্ড ৰামায়ণৰ' অসমীয়া অনুবাদ কোনে কৰিছিল ? 

উত্তৰ.শ্ৰীমন্ত শংকৰদেৱে ।

প্ৰশ্ন. হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন ?

উত্তৰ. চিত্ৰ ভাগৱত।

প্ৰশ্ন. সংগীতৰ ওপৰত ৰচনা কৰা প্ৰথম অসমীয়া পুথি কোনখন ?

উত্তৰ. লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচনা কৰা ‘সংগীত কোষ’ নামৰ পুথিখন।

প্ৰশ্ন. শোণিত কুঁৱৰী' নাটকখনৰ ৰচক কোন ?

উত্তৰ. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।

প্ৰশ্ন. হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন ?

উত্তৰ. চিত্ৰ ভাগৱত।

প্ৰশ্ন. অসমীয়া ভাষাৰ মূল ভাষা কি ?

 উত্তৰ. সংস্কৃত।

প্ৰশ্ন. অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?

উত্তৰ. শ্ৰীমন্ত শংকৰদেৱক।

প্ৰশ্ন. অসমীয়া ভাষা এক আর্যমূলীয় ভাষা হয়নে ? 

উত্তৰ. হয়।

প্ৰশ্ন. অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?

উত্তৰ. শ্ৰীমন্ত শংকৰদেৱক।

প্ৰশ্ন. কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ?

 উত্তৰ. নৱম আৰু দশম শতিকাত ।

প্ৰশ্ন. পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ?

উত্তৰ. কামৰূপী ভাষা।

প্ৰশ্ন. অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তৰ্গত ?

 উঃ আর্য ভাষা গোষ্ঠীৰ অন্তৰ্গত।

প্ৰশ্ন. ‘চৰিত পুথি' কি ?

উত্তৰ. বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক ‘চৰিত পুথি' বুলি কোৱা হয়।


প্ৰশ্ন. Grammatical Notes of the Assamese Language নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?

 উত্তৰ. নাথান ব্রাউন ।


প্ৰশ্ন. সংস্কৃত ‘মহাভাৰত'খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?

উত্তৰ. ৰাম সৰস্বতী।

প্ৰশ্ন. ‘চি-ইউ-কি' নামৰ পুথিখনৰ ৰচক কোন ?

উত্তৰ. হিউয়েনচাং।

প্ৰশ্ন. সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ? 

উত্তৰ. মাধৱ কন্দলিয়ে।

প্ৰশ্ন. অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক কোনখন ?

উত্তৰ. বীণ বৰাগী।

প্ৰশ্ন. অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন ?

উঃ ‘অসম বুৰঞ্জী’ আৰু ইয়াৰ ৰচক দুজন হ'ল ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন।

প্ৰশ্ন. শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰিছল ?

উত্তৰ. ৬ খন।

প্ৰশ্ন. প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি ? 

উত্তৰ. ৰুক্মিণী হৰণ।

প্ৰশ্ন. প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম
কি ?

উত্তৰ. পদ্মনাথ গোঁহাঞি বৰুৱাৰ ‘ভানুমতী’।


প্ৰশ্ন.‘জ্ঞানপীঠ' বঁটাৰে সন্মানিত প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম কি ? 

উত্তৰ. বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।

প্ৰশ্ন. মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনাখনৰ নাম কি ?

উত্তৰ. নামঘোষা।

প্ৰশ্ন. আহোম যুগৰ শ্ৰেষ্ঠ কবি কোন ?

উত্তৰ. কবিৰাজ চক্ৰৱৰ্তী।

প্ৰশ্ন. কোনখন গ্রন্থক ‘হেজাৰী ঘোষা' বুলিও কোৱা হয় ?

উত্তৰ. ‘নামঘোষা’ক ।

প্ৰশ্ন. মাধৱদেৱৰ নাটকসমূহক কি নামেৰে জনা যায় ? 

উত্তৰ. ‘ঝুমুৰা' বুলি জনা যায়।

প্ৰশ্ন. ‘কাণখোৱা' গ্ৰন্থখন কোনে ৰচনা কৰে ?

উত্তৰ. শ্ৰীধৰ কন্দলিয়ে।

প্ৰশ্ন. কবি মনকৰে কি গ্ৰন্থ ৰচনা কৰিছিল ?

উত্তৰ. পদ্ম পুৰাণৰ অংশ।

প্ৰশ্ন. প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰে ?

 উত্তৰ. আমেৰিকান মিচনেৰী মাইকেল ব্ৰঞ্চন চাহোর ১৮৬৭ চনত।

প্ৰশ্ন. অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক কোনখন ? 

উত্তৰ. উইলিয়াম শেক্সপীয়েৰৰ ‘কমেডি অফ ইৰ’ৰচ’।

প্ৰশ্ন. কোনে ইংৰাজী বাইলেৰ প্ৰথম অসমীয়া ভাঙনি কৰে ?

 উত্তৰ. আত্মৰাম শৰ্মাই ১৮৩৩ চনত।


প্ৰশ্ন. অসমীয়া ভাষা লিখনিত কোনে প্রথমে ‘শর্ট হেণ্ড' (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰে ?

 উঃ ফণী শৰ্মাই।

প্ৰশ্ন. অসমীয়া চুটিগল্পৰ পিতৃ বোলি কাক কোবা হয় ? 

উত্তৰ. শ্ৰী শ্ৰী লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন. অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি খনৰ নাম কি ? 

উঃ আনন্দৰাম ঢেকীয়াল ফুকনৰ দ্বাৰা ৰচিত ‘অসমীয়া ল'ৰাৰ মিত্ৰ' নামৰ কিতাপখনেই অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি আছিল।

প্ৰশ্ন. অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ বোলি কাক কোবা হয়  ? 

উত্তৰ. ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)।

প্ৰশ্ন. ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি ?

উত্তৰ. কথা গীতা।

প্ৰশ্ন. ‘কীৰ্তন ঘোষা' গ্ৰন্থখনৰ ৰচক কোন আছিল ? 

উত্তৰ. শ্ৰীমন্ত শংকৰদেৱ ।

প্ৰশ্ন. ‘নামঘোষা' গ্রন্থ খনৰ ৰচক কোন আছিল ?

উত্তৰ. শ্ৰী শ্ৰী মাধৱদেৱ।

প্ৰশ্ন. অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোনখন আছিল ?

উত্তৰ. জনমভূমি।

প্ৰশ্ন. কম্পিউটাৰত কোনে প্রথমে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল ? 

উত্তৰ. কবি দিলীপ কুমাৰ দত্তই।

প্ৰশ্ন. অসমীয়া ভাষাত কোনে প্রথম সাধু কথাৰ পুথি ৰচনা কৰে ?

উত্তৰ. এলিজা ব্রাউন, ১৮৫০ চনত।

প্ৰশ্ন. জোনাকী যুগৰ ত্ৰিমূর্তি কোন ?

উত্তৰ. লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

প্ৰশ্ন. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা' ৰ প্ৰথম অধিৱেশন কেতিয়া কত হৈছিল ? 

উত্তৰ. ১৮৮৮ চনত, কলিকতাত।

প্ৰশ্ন. কোনে কেতিয়া বিষ্ণু প্ৰসাদ ৰাভাক ‘কলাগুৰু' উপাধি দিয়ে ?

উত্তৰ. কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে,
১৯৪০ চনত।

প্ৰশ্ন. কোনখন আলোচনী ওলোৱা সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয় ? 

উত্তৰ. জোনাকী কাকত।

প্ৰশ্ন. প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ? 
উত্তৰ. দৈনিক বাতৰি ।

প্ৰশ্ন. অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি ? 

উত্তৰ. দ্য আসাম ট্ৰিবিউন।

প্ৰশ্ন. মহিলাসকলৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি ? 

উত্তৰ. ঘৰ জেউতি।

প্ৰশ্ন. অসমত বাংলা ভাষা কেতিয়াৰ পৰা কেতিয়ালৈ প্ৰচলিত আছিল ?

উত্তৰ. ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ।

প্ৰশ্ন. কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয় ? 

উত্তৰ. ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অর্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত।

প্ৰশ্ন. আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকল কেতিয়া অসমলৈ আহে ?

উত্তৰ. ১৮৩৬ চনত ।

প্ৰশ্ন. গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টান মিছনেৰীজনৰ নাম কি ?

 উত্তৰ. জেমছ ৰে (James Ray ) ।

প্ৰশ্ন. অসমৰ প্ৰথম বাতৰি কাকত 'অৰুনোদই' কিমান চনত প্ৰথম প্ৰকাশিত হৈছিল ? 

উত্তৰ. ১৮৪৬ চনত ।

প্ৰশ্ন. ‘জোনাকী' কাকত কেতিয়াৰ পৰা প্ৰকাশ আৰম্ভ হৈছিল ? 
উঃ ১৮৮৯ চন, কলিকতাৰ পৰা।

প্ৰশ্ন. ইংৰাজী ভাষাৰ পৰা প্ৰথম অসমীয়ালৈ অনুদিত হোৱা উপন্যাস কোনখন ? 

উত্তৰ. জন বনিয়নৰ ‘Pilgrim's Progress' নামৰ উপন্যাসখন ‘যাত্রিকৰ যাত্ৰা' নামেৰে অসমীয়া ভাষাত অনুদিত হোৱা প্রথম উপন্যাস।

প্ৰশ্ন.‘সূর্য সিদ্ধান্ত' পুথিখনৰ ৰচক কোন ? 

উত্তৰ. কবিৰাজ চক্ৰৱৰ্তী।

প্ৰশ্ন. ‘সন্ধিয়াৰ সুৰ' নামৰ কাব্য পুথিখন কোনে ৰচনা কৰিছিল। 

উত্তৰ. নলিনীৱালা দেৱী।

প্ৰশ্ন. অসমীয়া ভাষাত ছপা হোৱা প্ৰথম পুথিখনৰ নাম কি ?

 উত্তৰ. ধর্ম পুস্তক।

প্ৰশ্ন. ‘পাটকাইৰ সিপাৰে মোৰ দেশ' পুথিখনৰ ৰচক কোন ?

 উত্তৰ. চন্দনা গোস্বামী।

প্ৰশ্ন. ‘ধন্য নৰ তনু ভাল' নামৰ পুথিখনৰ ৰচক কোন ?

 উত্তৰ. চৈয়দ আব্দুল মালিক।

প্ৰশ্ন. জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ'।

প্ৰশ্ন. বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰ. সোণপাহি।

প্ৰশ্ন. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

 উত্তৰ. ‘সাগৰ দেখিছা'।

প্ৰশ্ন. অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প কোনটো ?

উত্তৰ. লক্ষ্মীনাথ বেজবৰুৱাৰ “কন্যা”।

প্ৰশ্ন. প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতিজনৰ নাম কি ?

উত্তৰ. পদ্মনাথ গোহাঞি বৰুৱা।

প্ৰশ্ন. অৰুনোদয় যুগৰ এজন বিখ্যাত লিখকৰ নাম কোৱা ?

 উত্তৰ. আনন্দৰাম ঢেকিয়াল ফুকন।

প্ৰশ্ন. চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয় ? 

উত্তৰ. ‘বনকুঁৱৰী' কবিতাৰে।

প্ৰশ্ন. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰ. কদমকলি।

প্ৰশ্ন. অসমীয়া ভাষাত ৰচিত প্রথম চনেট পুথি কোনখন ? 

উত্তৰ. হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’।


অতিৰিক্ত প্ৰশ্নসমূহ অসমীয়া ভাষা আৰু সাহিত্য ৰ ।


✍️অসমৰ ৰাজ্যিক ভাষা কি ?

উত্তৰ. অসমীয়া ।

✍️ভাষা ৰূপ দুটা কি কি ?

উত্তৰ. লিখিত আৰু কথিত ।

✍️অসমীয়া ভাষাৰ বৈশিষ্ট্য কি ?

উত্তৰ. মগধীয় ভাষা ।


READ MORE:- ASSAM SPORTS GK

READ MORE:- ASSAM HISTORY GK

 READ MORE:- ASSAM GK


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.