ASSAM GENERAL KNOWLEDGE
ASSAM GK MOST IMPORTANT QUESTIONS FOR 32+ POST ASSAM HISTORY GENERAL KNOWLEDGE
ASSAM GENERAL KNOWLEDGE GK
অসমৰ চলচ্চিত্ৰ জগতৰ অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহি থকা কেইটামান চলচ্চিত্ৰ জগতৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ সমুহ তলত উল্লেখ কৰা হৈছে।
প্ৰঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?
উঃ জ্যোতি প্ৰসাদ আগৰৱালা।
প্ৰঃ প্ৰথম অসমীয়া চলচিত্র স্টুডিঅ' ৰ নাম কি ?
উঃ তেজপুৰত ১৯৩৪ চনত প্ৰতিষ্ঠিত ‘চিত্ৰবন'।
প্ৰঃ অসমৰ প্ৰথম বোলছবি কোনখন ?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী' (১৯৩৫ চন)।
প্ৰঃ প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী কোন ?
উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা।
প্ৰঃ প্ৰথম অসমীয়া উৎকণ্ঠাধর্মী চলচিত্র কোনখন ?
উঃ ড০ বেজবৰুৱা ।
প্ৰঃ ‘জয়মতী' চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ?
উঃ আইদেউ সন্দিকৈ।
প্ৰঃ প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচিত্ৰ কোনখন ?
উঃ ইটো সিটো বহুতো।
প্ৰঃ প্ৰথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?
উঃ অবুজ বেদনা।
প্রঃ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্র কোনখন ?
উঃ ইন্দ্ৰ মালতি (১৯৩৯)।
প্রঃ প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা' লাভ কৰা ছবি নির্মাতাগৰাকী কোন ?
উঃ ভবেন্দ্র নাথ শইকীয়া।
প্ৰঃ কোনখন অসমীয়া কথাছবিত আৰু কোনজন অসমীয়া অভিনেত্রীয়ে প্রথমে দ্বৈত চৰিত্ৰত অভিনয় কৰে ?
উঃ ‘মেঘমুক্তি' নামৰ ছবিখনত মৃদুলা বৰুৱাই ।
প্ৰঃ ১৯৯৯ চনত পঞ্চম কলকাতা চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত মঞ্জু বৰাৰ দ্বাৰা নিৰ্মিত চলচিত্ৰখনৰ নাম কি ?
উঃ বৈভৱ।
প্ৰঃ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি ?
উঃ মাহুত বন্ধুৰে ।
প্রঃ মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম কি ?
উঃ ফিৰিঙতি।
প্ৰঃ প্ৰথম অসমীয়া চলচিত্র অভিনেত্রী কোন ?
উঃ আইদেউ সন্দিকৈ।
প্ৰঃ সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত 'অশনি সংকেত’ত অভিনয় কৰা অসমৰ একমাত্ৰ অভিনেত্ৰী গৰাকী কোন ?
উঃ চন্দ্ৰা নাথ।
প্ৰঃ প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি কোনখন ?
উঃ জীৱন সুৰভি (১৯৮৪ চন)।
প্ৰঃ গুৱাহাটীত প্ৰতিষ্ঠিত সর্বপ্রথম চলচিত্র গৃহ কোনখন ?
উঃ কেলভিন।
প্ৰঃ কোনখন চলচিত্ৰৰ ৫,৩০,০০০ সংখ্যক শ্রাব্য কেছেট বিক্ৰী হৈছিল ?
উঃ ৰ'দালি।
প্ৰঃ অনা-অসমীয়া চলচিত্ৰ নিৰ্মাণ কৰা প্ৰথম অসমীয়া
পৰিচালকজন কোন ?
উঃ প্রমথেশ বৰুৱা (দেৱদাস)।
প্ৰঃ কোনজন অসমীয়া বোলছবি পৰিচালকে প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰে ?
উঃ নিপ বৰুৱা।
প্ৰঃ ভবেন্দ্রনাথ শইকীয়াই কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ নাট্যলিপিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ?
উঃ অগ্নিস্নান (১৯৮৬ চন)।
প্ৰঃ একেৰাহে সংগীত পৰিচালনা, অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী কোন ?
উঃ জবিন গাৰ্গ।
প্ৰঃ যোগ্যতাৰ প্ৰমাণপত্ৰ পোৱা প্ৰথম অসমীয়া চলচিত্র
কোনখন ?
উঃ মৰীচিকা (১৯৭২ চন)।
প্ৰঃ গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া
চলচিত্র কোনখন ?
উঃ বৃষ্টি (১৯৪৭ চন)।
প্ৰঃ প্ৰথম অসমীয়া ডাবড় চলচিত্ৰ কোনটো ?
উঃ ভাগ্য
প্ৰঃ প্ৰথম অসমীয়া ৰঙীন চলচিত্ৰ কোনখন ?
উঃ ভাইটি।
প্ৰঃ ‘স্বর্ণ কমল বঁটা' বিজয়ী প্রথম অসমীয়া চলচিত্ৰ
কোনখন ?
উঃ হালধীয়া চৰায়ে বাও ধান খায়। (১৯৮৭ চন)।
প্ৰঃ ১৯৯৬ চনত ছিঙ্গাপুৰত অনুষ্ঠিত চলচিত্ৰ মহোৎসৱত কোনজন অসমীয়া অভিনেতাক কোনখন চলচিত্ৰৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হৈছিল ?
উঃ বিষ্ণু খাৰঘৰীয়াক ‘সাগৰলৈ বহু দূৰ' ছবিখনৰ বাবে
Click Read More:👉 অসমৰ ৰাজনীতি PART (1)
প্ৰঃ ফণী শৰ্মাই ‘জয়মতী' চলচিত্ৰত কি চৰিত্ৰত অভিনয় কৰিছিল ?
উঃ চাওদাং বৰুৱা ।
প্ৰঃ ১৯৩৪ চনত বঙালী চলচ্চিত্র 'দেৱদাস' পৰিচালনা তথা ইয়াৰ নাম ভূমিকাত অভিনয় কৰা অসমীয়া ব্যক্তিজন কোন ?
উঃ প্রমথেশ বৰুৱা ।
প্ৰঃ ‘জ্যোতি চিত্ৰবন’ কোন চনত স্থাপন কৰা হৈছিল ?
উঃ ১৯৬৮ চনত।
প্ৰঃ শেখৰ কাপুৰ নির্মিত চলচিত্র ‘বণ্ডিত কুইন'ত অভিনয় কৰা অসমীয়া অভিনেত্ৰী গৰাকী কোন ?
উঃ সীমা বিশ্বাস।
প্ৰঃ ১৯৫৯ চনত ‘বার্লিন চলচিত্ৰ মহোৎসৱত অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা অসমীয়া অভিনেত্রী গৰাকী কোন ?
উঃ জ্ঞানদা কাকতি।
প্ৰঃ অসমৰ ঐতিহ্যময় থিয়েটাৰ গৃহ ‘বেন-স্টেজ' অৱস্থিত ? উঃ তেজপুৰত।
প্ৰঃ ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন ?
উঃ বিজয় চৌধুৰী।
প্রঃ কথাছবিত কলা নিৰ্দেশিকা হোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন ?
উঃ এলি আহমেদ।
প্ৰঃ ১৯৯৩ চনত টকিঅ’ত অনুষ্ঠিত ‘এচিয়া পেচিফিক’ চলচিত্ৰ মহোৎসৱত বৰ্ষৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান কোনে অৰ্জন কৰিছিল ?
উঃ ভূপেন হাজৰিকা।
প্ৰঃ ১৯৪৮ চনত কোনখন ছবিত বিষ্ণু প্রাসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল ?
উঃ উচিৰাজ' নামৰ ছবিখনত।
প্ৰঃ ১৯৫৫ চনত ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা ছবিখন কি ?
উঃ পিয়লি ফুকন।
প্ৰঃ পৰিৱেশ শিতানত কোনজন অসমীয়া চলচ্চিত্র পৰিচালকৰ কোনখন চলচিত্ৰই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ? উঃ জাহ্নু বৰুৱাই পৰিচালনা কৰা ছবি ‘বনানি' ?
প্ৰঃ অসমীয়া চলচিত্ৰৰ প্ৰথম কেমেৰামেন গৰাকী কোন ?
উঃ প্ৰতাপ বৰুৱা।
প্রঃ আন্তর্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি কোনখন ?
উঃ পূৱেৰুণ ।
assam gk book pdf
assam gk book 2023
best assam gk book
Click Read More 👉অসমৰ ৰাজনীতি PART (1)
Click Read More 👉ASSAM DHS PREVIOUS QUESTION PAPER 2023

