Assam History General Knowledge 50+ MCQ

Assam History General Knowledge 50+ MCQ

Important Questions For The Upcoming 32,000+ Posts Related To The Ahom Empire Of Assam


Assam History General Knowledge 50+ MCQ
 

Some Of The General Knowledge Questions Of The Ahom Kings Related To The History Of Assam Are Discussed Below :-


প্ৰশ্নঃ 'প্রতাপ বল্লভ' উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল ?

উত্তৰঃ কলিয়া ভোমোৰা বৰফুকনক ।

প্ৰশ্নঃ মানৰ প্ৰথম আক্রমণ কোন চনত হৈছিল ?

উত্তৰঃ ১৮১৭ চনত ।

প্ৰশ্নঃ মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল ?

উত্তৰঃ ১৮১৯ চনত ।

প্ৰশ্নঃ মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল ?

উত্তৰঃ ১৮২১ চনত ।

প্ৰশ্নঃ চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কোনজন ৰজাক 'শেহতীয়া ৰজা' বুলি উল্লেখ কৰিছিল ?

উত্তৰঃ শশাংক ।

প্ৰশ্নঃ চীনা পৰিব্ৰাজক হিউৱেন-চাঙে কোনজন ৰজাক 'উত্তৰ পূৰ্বাঞ্চলৰ ৰজা' বুলি উল্লেখ কৰিছিল ?

উত্তৰঃ ভাস্কৰবৰ্মন ।

প্ৰশ্নঃ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি, বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলিলে কোন ঠাঁইক বুজা যায় ?

উত্তৰঃ প্রাগজ্যোতিষপুৰ ।

প্ৰশ্নঃ দুর্জয় নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ ৰত্নপালে ।

প্ৰশ্নঃ মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল ?

উত্তৰঃ আলুমিনিয়ে মিঙ্গিমাহা তিলোৱা ।

প্ৰশ্নঃ 'Topography of Assam' নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰঃ জন মেককোছে ।

প্ৰশ্নঃ ৰঙিয়াৰ ওচৰত এতিয়াও দেখিবলৈ পোৱা বৈদ্য গড়' নামৰ গড়টো কোনে নিৰ্মাণ কৰাইছিল ?

উত্তৰঃ আৰিমত্তই ।

প্ৰশ্নঃ কোনজন ৰজাই শত্রুপক্ষৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ প্ৰথমতে 'শত্রুদমন' আৰু পিছত অসিমৰ্দন' উপাধি গ্রহণ কৰিছিল ?

উত্তৰঃ কছাৰী ৰজা যশোনাৰায়ণে ।

প্ৰশ্নঃ চেচাঁমুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?

উত্তৰঃ ১৫২৩ চনত ।

প্ৰশ্নঃ দিহিং নদীৰ পাৰত চৰগুৱা নামে ঠাইত এখন নতুন নগৰ পাতি তালৈ ৰাজধানী স্থানান্তৰ কৰা আহোম ৰজাজন নাম কি ?

উত্তৰঃ চুদাংফা ।

প্ৰশ্নঃ ৰজা চুহুংমুঙে বৰগোহাঁই আৰু বুঢ়গোঁহাইৰ সমকক্ষ আন এটা পদৱীৰ সৃষ্টি কৰিছিল। এই পদবীটোৰ নাম কি ?

উত্তৰঃ বৰপাত্ৰ গোহাঁই ।

প্ৰশ্নঃ কোনখন যুদ্ধৰ পাছত সেই সময়ৰ চুটিয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয় ?

উত্তৰঃ মাথোদাঙৰ যুদ্ধ ।

প্ৰশ্নঃ আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোন গৰাকী আহোম ৰজাৰ দিনত হৈছিল ?

উত্তৰঃ চুহুংমুং ।

প্ৰশ্নঃ কোন গৰাকী আহোম ৰজাই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিল ?

উত্তৰঃ চুহুংমুং ।

প্ৰশ্নঃ কোনখন যুদ্ধত অসমীয়া বীৰংগণা মূলা গাভৰুৱে শত্ৰুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল ?

উত্তৰঃ মুছলমানৰ তৃতীয় আক্ৰমণত ।

প্ৰশ্নঃ ৰুদ্রসাগৰ পুখুৰী কোনে খন্দাইছিল ?

উত্তৰঃ লক্ষ্মী সিংহই ।

প্ৰশ্নঃ অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম গৰাকী মহিলা ছহিদ কোন ?

উত্তৰঃ মালতী মেম ।

প্ৰশ্নঃ ৪২ ৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে ছহিদ হোৱা কিশোৰীজনী কোন ?

উত্তৰঃ কনকলতা ।

প্ৰশ্নঃ ৪২ ৰ আন্দোলনত বঢ়মপুৰত ছহিদ হোৱা মহিলা গৰাকী কোন ?

উত্তৰঃ ভোগেশ্বৰী ফুকননী ।

প্ৰশ্নঃ 82 ৰ আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ কোনটো সংগঠনৰ সৰ্বাধিনায়ক পদত আছিল ?

উত্তৰঃ অসম শান্তি বাহিনী ।

প্ৰশ্নঃ ১৮৩৫ - ১৮৫১ চনৰ কালছোৱাত ব্ৰিটিছে আংগামী নগাসকলৰ বিৰুদ্ধে চলোৱা সামরিক অভিযানৰ সংখ্যা কিমান আছিল ?

উত্তৰঃ দহবাৰ ।

প্ৰশ্নঃ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত টাই আহোমসকলে ব্ৰহ্মপুত্র উপত্যকাত প্ৰৱেশ কৰে ?

উত্তৰঃ ১২২৮ ।

প্ৰশ্নঃ ড° ভেঙ্কাটাৰাওৰ মতে অসমত মুঠতে – টা প্রধান জনজাতি আছে ?

উত্তৰঃ ৬১।

প্ৰশ্নঃ মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ। 

প্ৰশ্নঃ ঊষা-পৰিণয় কাব্য ৰচনা কৰিছিল ?

উত্তৰঃ পীতাম্বৰ কবিয়ে ।

প্ৰশ্নঃ ১৮৬৭ চনত গঠিত আসাম এছোচিয়েছনৰ সভাপতি আছিল  ?

উত্তৰঃ ৰজা কন্দপেশ্বৰ সিংহ ।

প্ৰশ্নঃ যোৰহাট সার্বজনিক সভাৰ জন্ম হৈছিল  ?

উত্তৰঃ ১৮৮৬ চনৰ ২ জুনত ।

প্ৰশ্নঃ কনকলতা বৰুৱাৰ মৃত্যু ক'ত হৈছিল  ?

উত্তৰঃ গহপুৰত থানাত ।

প্ৰশ্নঃ কুশল কোঁৱৰক ফাঁচী দিয়া দিনটো আছিল ?

উত্তৰঃ ১৯৪৩ চনৰ ২৬ জানুৱাৰী ।

প্ৰশ্নঃ আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত বড়োসমাজৰ প্ৰথমজন স্নাতক কোন আছিল ?

উত্তৰঃ ৰূপৰ্নাথ ব্ৰহ্ম  ।

প্ৰশ্নঃ অসমৰ কোনজন গৱৰ্ণৰে আহোম সভাৰ অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল ?

উত্তৰঃ মাইকেল কিন ।

প্ৰশ্নঃ অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল?

উত্তৰঃ আসাম এছোচিয়েছন।

প্ৰশ্নঃ মায়ামৰা সত্ৰৰ চতুর্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাৰ সময়ত আহোমৰ ৰজা আছিল ?

উত্তৰঃ চুৰামফা ভঙাৰজা ।

প্ৰশ্নঃ ইংগ-বর্মী যুদ্ধ সংঘটিত হৈছিল ?

উত্তৰঃ ইংৰাজ আৰু মানৰ মাজত ।

প্ৰশ্নঃ উত্তৰ পূৱ সীমান্তৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি ৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম ব্যক্তিজন আছিল  ?

উত্তৰঃ ডেভিদ স্কট ।

প্ৰশ্নঃ ডেভিদ স্কটৰ মৃত্যু হয় ?

উত্তৰঃ হেপুঞ্জীত ।

প্ৰশ্নঃ খামতিসকল আদিতে আছিল ?

উত্তৰঃ ব্রহ্মদেশৰ ।

প্ৰশ্নঃ উত্তৰ কাছাৰ পাৰ্বত্য এলেকাটো কোম্পানীৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ সময়ত তাৰ ৰজা আছিল  ?

উত্তৰঃ নকুলৰাম ।

প্ৰশ্নঃ মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল ?

উত্তৰঃ ১৯২১ চনৰ আগষ্ট মাহত ।

প্ৰশ্নঃ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ জন্ম কেতিয়া ক'ত হৈছিল ?

উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্ট ।

প্ৰশ্নঃ নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল ?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহই ।

প্ৰশ্নঃ অশ্বক্রান্ত কোনজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল ?

উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত। 

প্ৰশ্নঃ ৰংঘৰ কোনে সজাইছিল ?

উত্তৰঃ স্বৰ্গদেউ প্ৰমত্ত সিংহই। 

প্ৰশ্নঃ বিশ্বৰ ক্ষুদ্রতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহই ।

প্ৰশ্নঃ কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত ।

প্ৰশ্নঃ অসম বুৰঞ্জীত কাৰ বিদ্ৰোহক 'দন্দুৱা দ্রোহ' বুলি কোৱা হয় ?

উত্তৰঃ হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহক ।

প্ৰশ্নঃ 'চোমাংকান নৃত্য' তলৰ কোনটো জনগোষ্ঠীয় সমাজত প্ৰচলিত ধর্মীয় উৎসৱৰ নৃত্য ?

উত্তৰঃ কাৰ্বিসকলৰ ।

প্ৰশ্নঃ শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল ?

উত্তৰঃ লাচিত বৰফুকন ।

প্ৰশ্নঃ অসমীয়া সাহিত্য-সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয় ?

প্ৰশ্নঃ শ্ৰীমন্ত শংকৰদেৱক ।

প্ৰশ্নঃ মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?

উত্তৰঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত। 

প্ৰশ্নঃ অসম প্রাদেশিক কংগ্ৰেছ কোন চনত গঠন হৈছিল ?

উত্তৰঃ ১৯২১ চনৰ ৫ জুনত । 

প্ৰশ্নঃ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি ?

উত্তৰঃ মহেন্দ্ৰবৰ্মন ।

প্ৰশ্নঃ কোনগৰাকী কমতাৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন টোঘলকে দুবাৰকৈ কমতাৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ দুৰ্লভনাৰায়ণৰ ।

প্ৰশ্নঃ খ্যান বা খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ? 

উত্তৰঃ নীলধ্বজ ।

প্ৰশ্নঃ ভূঞা' শব্দৰ অৰ্থ কি ? 

উত্তৰঃ মাটিৰ মালিক ।

প্ৰশ্নঃ কোনগৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে ?

উত্তৰঃ ধর্মপালে ।

READ MORE:-ASSAM POLICE GK


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.