Assam History GK Quiz In Assamese Language For All Competitor Exam
অসম বুৰঞ্জী প্ৰশ্নৰ উত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত অহা উপৰিও ই অসমৰ বুৰঞ্জী প্ৰশ্ন আৰু উত্তৰ সমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত বহূ সহায় কৰিব। ASSAM GK 18ৰ এটাই লক্ষ্য হৈছে প্ৰকৃত তথ্য প্ৰদান কৰা ।
Assam History Gk Quiz They Are Mentioned Below
প্ৰশ্নঃ তিৱা বা লালুংসকলে ৰঙালী বিহুৰ ঠিক পিছৰটো বুধবাৰে উদযাপন কৰা বসন্তকালীন উৎসৱটো কি ?
(ক) চোমাংকান
(খ) মহোহো
(গ) ছামিছাবা
(ঘ) হাবাজানাই
উত্তৰঃ (গ) ছামিছাবা ।
প্ৰশ্নঃ ঘিলাঝাৰী ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
(ক) আহোম আৰু মোগল সেনাৰ মাজত
(খ) আহোম আৰু মান সকলৰ মাজত
(গ) আহোম আৰু কছাৰীসকলৰ মাজত
(ঘ) আহোম আৰু বৰাহীসকলৰ মাজত
উত্তৰঃ (ঘ) আহোম আৰু মোগল সেনাৰ মাজত ।
প্ৰশ্নঃ কোনখন যুদ্ধৰ অন্তত হোৱা সন্ধিমতে আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক যুদ্ধৰ ক্ষতিপূৰ্ণ হিচাপে মোগল দৰবাৰলৈ পঠাৰ লগা হয় ?
(ক) ঘিলাঝাৰী ঘাটৰ সন্ধি
(খ) ইয়াণ্ডাবু সন্ধি
(গ) ভৰলীঘাটৰ সন্ধি
(ঘ) পথৰুঘাটৰ সন্ধি
উত্তৰঃ (ক) ঘিলাঝাৰী ঘাটৰ সন্ধি ।
প্ৰশ্নঃ নামনি অসমৰ ন-অসমীয়া অভিবাসী মুছলমানসকলে মাঘ বিহুক কি উৎসৱ হিচাপে পালন কৰে ?
(ক) ভোগালী বিহু
(খ) মহম
(গ) পুষুৰা উৎসৱ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) পুষুৰা উৎসৱ ।
প্ৰশ্নঃ চুটিয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা উল্লেখযোগ্য যুদ্ধখনৰ নাম কি ?
(ক) চেচামুখ যুদ্ধ
(খ) চাওদাংগিৰিৰ যুদ্ধ
(গ) মাথোদাঙৰ যুদ্ধ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) মাথোদাঙৰ যুদ্ধ ।
প্ৰশ্নঃ 'মিবু দাকনাম'(মিছিংসকলৰ) নৃত্যত কোনবিধ বাদ্য সংগত কৰা হয় ?
(ক) বাঁহী
(খ) ঢোল
(গ) পেঁপা
(ঘ) কোনো বাদ্য সংগত কৰা নহয়
উত্তৰঃ (ঘ) কোনো বাদ্য সংগত কৰা নহয ।
প্ৰশ্নঃ মুছলমানৰ তৃতীয় আক্ৰমণত কোনগৰাকী অসমীয়া বীৰাংগণা গাভৰুৱে শত্ৰুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল ?
(ক) ৰমণী গাভৰু
(খ) মূলা গাভৰু
(গ) ৰাধা-কক্মিণী
(ঘ) পমিলী গাভৰু
উত্তৰঃ (খ) মূলা গাভৰু ।
প্ৰশ্নঃ চেচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
(ক) ১৫২০ চনত
(খ) ১৫২১ চনত
(গ) ১৫২২ চনত
(ঘ) ১৫২৩ চনত
উত্তৰঃ (ঘ) ১৫২৩ চনত ।
প্ৰশ্নঃ ১৬৭১ চনত সংঘটিত আহোম আৰু মোগলৰ যুদ্ধখনক কি নামে জনা যায় ?
(ক) হাজো যুদ্ধ
(খ) শৰাইঘাটৰ যুদ্ধ
(গ) পথৰুঘাটৰ যুদ্ধ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) শৰাইঘাটৰ যুদ্ধ ।
প্ৰশ্নঃ অসমৰ ইতিহাসত বিখ্যাত ভৰলীৰ যুদ্ধ' কোন চনত সংঘটিত হৈছিল ?
(ক) ১৬৩৭ চনত
(খ) ১৬৩৮ চনত
(গ) ১৬৩৯ চনত
(ঘ) ১৬৪০ চনত
উত্তৰঃ (খ) ১৬৩৮ চনত ।
প্ৰশ্নঃ তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া ঘটিছিল ?
(ক) ১৭৮০ চনত
(খ) ১৭৮৬ চনত
(গ) ১৭৭৮ চনত
(ঘ) ১৭১২ চনত
উত্তৰঃ (খ) ১৭৮৬ চনত ।
উত্তৰঃ অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত ফুলগুৰিৰ সংঘৰ্ষ এক উল্লেখনীয় ঘটনা। এই সংঘর্ষ কিমান চনত সংঘটিত হৈছিল ?
(ক) ১৮৬৩ চনত
(খ) ১৮৬১ চনত
(গ) ১৮৬২ চনত
(ঘ) ১৮৬৩ চনত
উত্তৰঃ (খ) ১৮৬১ চনত ।
প্ৰশ্নঃ ৫৪ জন কৃষকে প্ৰাণ আহুতি দিয়া অসম বুৰঞ্জীৰ উল্লেখনীয় সংঘৰ্ষটোৰ নাম—
(ক) পথৰুঘাটৰ সংঘর্ষ
(খ) ফুলগুৰিৰ সংঘৰ্ষ
(গ) মোৱামৰীয়া সংঘর্ষ
(ঘ) এটাও নহয়
উত্তৰঃ (খ) ফুলগুৰিৰ সংঘৰ্ষ ।
প্ৰশ্নঃ পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?
(ক) ১৮৮৮ চনত
(খ) ১৮৯০ চনত
(গ) ১৮৯২ চনত
(ঘ) ১৮৯৪ চনত
উত্তৰঃ (ঘ) ১৮৯৪ চনত ।
প্ৰশ্নঃ ইতিহাস প্রসিদ্ধ লতা-কটা ৰণৰ উদ্দেশ্য কি আছিল ?
(ক) ব্ৰহ্মদেশৰ মান সেনাৰ বিৰুদ্ধে যুদ্ধ
(খ) মণিপুৰ ৰজা জয় সিংহক আহোম সেনাই সহায় আগবঢ়োৱা
(গ) হাবিৰ গছ, লতা, বন কাটি পথ মোকলোৱা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) মণিপুৰ ৰজা জয় সিংহক আহোম সেনাই সহায় আগবঢ়োৱা ।
প্ৰশ্নঃ কলিয়াভোমোৰা বৰফুকনে দমন কৰা অসম বুৰঞ্জীৰ উল্লেখযোগ্য বিদ্ৰোহটোৰ নাম কি ?
(ক) দন্দুৱা বিদ্রোহ
(খ) লেচাই বিদ্রোহ
(গ) বদনৰ বিদ্ৰোহ
(ঘ) এটাও নহয়
উত্তৰঃ (ক) দন্দুৱা বিদ্রোহ ।
প্ৰশ্নঃ মোৱামৰীয়া বিদ্ৰোহৰ তৎকালীন কাৰণটো কি ?
(ক) মোৱামৰীয়া মহন্ত তথা শিষ্যসকলক কীর্তিচন্দ্ৰ বৰবৰুৱাই কৰা অপমানজনক ব্যৱহাৰ
(খ) বজা ফুলেশ্বৰীয়ে মোৱামৰীয়া মহস্তক কৰা অপমান
(গ) মোৱামৰীয়াসকলৰ নেতাক হত্যা কৰা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) মোৱামৰীয়া মহন্ত তথা শিষ্যসকলক কীর্তিচন্দ্ৰ বৰবৰুৱাই কৰা অপমানজনক ব্যৱহাৰ ।
প্ৰশ্নঃ দৰঙী সংস্কৃতিত কোনো গোপনীয় অনুষ্ঠানত ভকতসকলে গোৱা গীতক কি বোলা হয় ?
(ক) চিয়াগীত
(খ) থিয়গীত
(গ) বিয়ানাম
(ঘ) দিহানাম
উত্তৰঃ (ক) চিয়াগীত ।
প্ৰশ্নঃ ছমা মিছাৱা নৃত্যত অপৰিহাৰ্য বাদ্যযন্ত্রবিধ কি ?
(ক) থুৰাং
(খ) খোল
(গ) পেঁপা
(ঘ) মৃদংগ
উত্তৰঃ (ক) থুবাং ।
প্ৰশ্নঃ বিহু নৃত্য, বৈসাণ্ড নৃত্যৰ দৰে অৰ্থাৎ বায় উৎসৱৰ দৰে ৰাভা জনগোষ্ঠীৰ ডেকা-গাভৰুসকলে পৰিবেশন তথা উদযাপন কৰা নৃত্যবিধ কি ?
(ক) ছাথাৰ নৃত্য
(খ) আবৰ-ব' নৃত্য
(গ) চোমাংকান নৃত্য
(ঘ) হাগ্ৰ নৃত্য
উত্তৰঃ (ক) ছাথাৰ নৃত্য ।
প্ৰশ্নঃ ৰঙালী বিহুৰ সময়ত অসমৰ দেউৰী সম্প্ৰদায়ৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ী নির্বিশেষে সকলোৱে মিলিজুলি উদ্যাপন বা পৰিবেশন কৰা নৃত্যবিধৰ নাম কি ?
(ক) হাগ্ৰ নৃত্য
(খ) আবৰ-ব' নৃত্য
(গ) চোমাংকান নৃত্য
(ঘ) ফাৰকান্টি
উত্তৰঃ (খ) আবৰ-ব' নৃত্য ।
প্ৰশ্নঃ মনসা পূজাত কি গছৰ ডাল অপৰিহাৰ্য ?
(ক) নিমগছৰ
(খ) সিজু গছৰ
(গ) বটগছৰ
(ঘ) কদমগছৰ
উত্তৰঃ (b) সিজু গছৰ ।
প্ৰশ্নঃ ১৮৩০ চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰী পাৰত কোন দুজন ব্যক্তিক ইংৰাজে ফাঁচি দিছিল ?
(ক) পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা
(খ) মণিৰাম দেৱান আৰু কুশল কোঁৱৰ
(গ) কনকলতা আৰু মুকুন্দ কাকতি
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পিয়লি ফুকন আৰু জীউবাম দুলীয়া বৰুৱা ।
প্ৰশ্নঃ অসম চুতীয়া সন্মিলনৰ কেতিয়া জন্ম হয় ?
(ক) ১৯২৪ চনৰ ১০ মার্চত
(খ) ১৯২৫ চনৰ ১০ এপ্ৰিলত
(গ) ১৯২৬ চনৰ ১৫ আগষ্টত
(ঘ) ১৯৩০ চনৰ ১৫ আগষ্টত
উত্তৰঃ (খ) ১৯২৫ চনৰ ১০ এপ্ৰিলত ।
প্ৰশ্নঃ আহোমৰ শাসন ব্যৱস্থাত উজনি অসমৰ প্ৰধান কাৰ্যবাহী বিষয়াজন কোন ?
(ক) বৰফুকন
(খ) বৰগোহাঁই
(গ) বুঢ়াগোহাঁই
(ঘ) বৰবৰুৱা
উত্তৰঃ (ঘ) বৰবৰুৱা ।
প্ৰশ্নঃ ৰজাৰ প্ৰতিনিধি হিচাপে গুৱাহাটীত থকা আহোম ৰজাৰ বিষয়াজন কোন ?
(ক) বৰফুকন
(খ) বৰবৰুৱা
(গ) বৰগোহাঁই
(ঘ) বুঢ়াগোহাঁই
উত্তৰঃ (ক) বৰফুকন ।
প্ৰশ্নঃ আহোম ৰজাৰ শাসন কালত সীমান্ত ঠাইবিলাকত শাসন কৰিবৰ বাবে প্ৰাদেশিক শাসনকর্তা নিয়োগ কৰিছিল। তেওঁ কোন ?
(ক) শদিয়াখোৱা গোহাঁই
(খ) মৰঙীয়াল গোহাঁই
(গ) সলাল গোহাঁই
(ঘ) দাঁতিয়লীয়া গোহাঁই
উত্তৰঃ (ঘ) দাঁতিয়লীয়া গোহাঁই ।
প্ৰশ্নঃ কোনগৰাকী ৰজাৰ দিনত অসমত সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰবৰ্তন কৰা হয় ?
(ক) প্ৰতাপ সিংহৰ দিনত
(খ) ৰুদ্ৰসিংহৰ দিনত
(গ) গদাধৰ সিংহৰ দিনত
(ঘ) লক্ষ্মীসিংহৰ দিনত
উত্তৰঃ (গ) গদাধৰ সিংহৰ দিনত ।
প্ৰশ্নঃ খেল প্ৰথাৰ মাধ্যমেৰে আহোম ৰজাসকলে সমাজৰ কি কি উদ্দেশ্য সাধন কৰিব বিচাৰিছিল ?
(ক) ৰজা নির্বাচন কৰিছিল
(খ) পাইকসকলক সংগঠিত কৰিছিল
(গ) বিভিন্ন ধৰণৰ খেল-ধেমালিৰ ব্যৱস্থা কৰিছিল
(ঘ) যুদ্ধৰ বাবে সেনাপতি নির্বাচন কৰিছিল
উত্তৰঃ (খ) পাইকসকলক সংগঠিত কৰিছিল ।
প্ৰশ্নঃ আহোমৰ শাসন কালৰ দৌল দেৱালয়, বিভিন্ন ভৱন আদি নিৰ্মাণত ব্যবহৃত মাটিমাহ, গুড়, শিলচূণ, শামুক চূণ, বৰালি মাছ, তেল, ধূনা, হাঁহকণী আদিৰ মিশ্ৰণেৰে তৈয়াৰী চিমেণ্টৰ নিচিনা পদার্থক কি বোলা হয় ?
(ক) বিলাতী মাটি
(খ) চীনামাটি
(গ) আলতীয়া মাটি
(ঘ) কঢ়াল
উত্তৰঃ (ঘ) কঢ়াল ।
প্ৰশ্নঃ অসমত 'দাস প্রথা' কেতিয়া বিলোপ কৰা হয় ?
(ক) ১৮৪১ চনত
(খ) ১৮৪৩ চনত
(গ) ১৮৪৫ চনত
(ঘ) ১৮৪৭ চনত
উত্তৰঃ (খ) ১৮৪৩ চনত ।
প্ৰশ্নঃ লাখেৰাজ ভূমি কেইটা ভাগত ভগোৱা হয় ?
(ক) তিনি ভাগত
(খ) চাৰি ভাগত
(গ) পাঁচ ভাগত
(ঘ) আঠ ভাগত
উত্তৰঃ (ক) তিনি ভাগত ।
প্ৰশ্নঃ মুছলমানে প্রথম অসম আক্ৰমণ কেতিয়া কৰিছিল ?
(ক) ১২০৬ খ্ৰীঃত
(খ) ১২২০ খ্রীঃত
(গ) ১২৩১ খ্ৰীঃত
(ঘ) ১২৪১ খ্রীঃত
উত্তৰঃ (ক) ১২০৬ খ্ৰীঃত ।
প্ৰশ্নঃ মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰে ?
(ক) ১৫ বাৰ
(খ) ১৮ বাৰ
(গ) ২০ বাৰ
(ঘ) ২৫ বাৰ
উত্তৰঃ (খ) ১৮ বাৰ ।
প্ৰশ্নঃ কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল ?
(ক) ১৭৫১ চনৰ পৰা
(খ) ১৭৬৬ চনৰ পৰা
(গ) ১৭৬৯ চনৰ পৰা
(ঘ) ১৭৭৯ চনৰ পৰা
উত্তৰঃ (গ) ১৭৬৯ চনৰ পৰা ।
প্ৰশ্নঃ তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল ?
(ক) শৰাইঘাটৰ যুদ্ধ
(খ) মোৱামৰীয়া বিদ্ৰোহ
(গ) মানৰ আক্ৰমণ
(ঘ) লতা-কটা ৰণ
উত্তৰঃ (গ) মানৰ আক্ৰমণ ।
Read More Geography History

